নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ : শিৱসাগৰ চহৰখনৰ সবাতোকৈ সুৰক্ষিত তথা সমগ্ৰ চহৰখনৰ হৃদপিণ্ডস্বৰূপ দলমুখ চাৰিআলিৰ মাজমজিয়াত নিশা সংঘটিত হল এক চাঞ্চল্যকৰ চুৰি কাণ্ড ৷ ধৰ্মীয় অনুস্থানৰ দানপাত্ৰ লুটৰ চেষ্টা, প্ৰতিস্থিত পৰিয়ালক নিশা চেতনানাশক স্প্ৰে মাৰি মূল্যৱান সামগ্ৰী লুট, চহৰৰ মাজমজিয়াৰ পৰাই ফুট গধূলিতেই ৰয়েল এনফিল্ড বুলেট চুৰি কৰি নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তেই নগৰৰ অতি সুৰক্ষিত দলমুখ চাৰিআলিতেই চোৰে চাফাই অভিযান চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে শিৱসাগৰৰ অন্যতম পুৰণি প্ৰতিস্থিত ব্যৱসায়িক প্ৰতিস্থান চান লাইট ষ্টৰ্ছতেই সংঘটিত হয় এই চাঞ্চল্যকৰ চুৰি কাণ্ড ৷ প্ৰতিস্থানটোৰ গৰাকী তথা প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ জাফৰুল বাৰিকে জানিবলৈ দিয়া মতে বিগত কেইদিনমানৰ ভিতৰত দুবাৰকৈ লুটপাত হোৱা প্ৰতিস্থানটোত চোৰৰ দলে ওপৰৰ টিন ভাঙি চিলিঙেৰে ভিতৰত প্ৰৱেশ কৰি দোকানখনৰ ভিতৰত থকা বহু পৰিমাণৰ কাঁহ-পিতলৰ সামগ্ৰী লুটি লৈ যাবলৈ সক্ষম হয় ৷চুৰি হোৱা সামগ্ৰীৰ মূল্য কেইবালক্ষ টকা হব বুলি জানিবলৈ দিছে ৷ উল্লেখ্য যে শিৱসাগৰত ভয়ংকৰ ৰূপত বৃদ্ধি পাই অহা অবৈধ ভঙা-ছিঙা লোহাৰ ডেম্পসমূহেই হৈ পৰিছে চুৰি সামগ্ৰীৰ মূল ক্ৰেতা ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা মুবিন, কাচিম, অনিলৰ লগতে চুকৰ গাওঁ মথাউৰিৰ কাষত থকা কুখ্যাত ৰাজু নামৰ চোৰটোৱে গঢ়ি তোলা অবৈধ ডেম্পসমূহৰ পৃষ্ঠপোষকতাতেই আশ্ৰয় লোৱা একাংশ সন্দেহজনক নাগৰিকেই সম্প্ৰতি শিৱসাগৰত চুৰি, ডকাইতিৰ ঘটনাত জঁপিয়াই পৰিছে ৷ ইফালে শিৱসাগৰত আগ্ৰাসী ৰূপত আতংকৰ সৃষ্টি কৰিছে কুখ্যাত অপৰাধী সৰু ভলুকা-ডাঙৰ ভলুকাৰ আৱাসস্থলী একাংশ পদপথৰ অঘৰীয়ে ৷ নিশা বাৰ বজাৰ পিছতেই হাতে হাতে চিপৰাং, ৰড লৈ অভিযানত নমা এনে চক্ৰৰ দৌৰাত্ম্য প্ৰতিখন ব্যৱসায়িক প্ৰতিস্থানৰ চি চি কেমেৰাত আবদ্ধ হোৱাৰ লগতে পৰিবহণ নিগম তিনিআলিস্থিত জয়ন্তী মাৰ্কেটৰ গণেশ মন্দিৰৰ দানপাত্ৰ লুটৰ অপচেষ্টাও কেমেৰাত আৱদ্ধ হৈছে ৷ ঐতিহাসিক শিৱদৌলৰ মূল দানপাত্ৰ লুটপাতৰ লগতে হস্পিতাল ৰোডৰ গ্ৰামীণ বিকাশ বেংকৰ লুটপাত কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত কাৰাগাৰলৈ যোৱা এই পদপথৰ অঘৰী অপৰাধী চক্ৰক কিয় শিৱসাগৰ আৰক্ষীয়ে অদ্যপৰমিত নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই, তাক লৈ বহু প্ৰশ্নৰ সৃষ্টি হৈছে ৷সচেতন মহলে এই ক্ষেত্ৰত শিৱসাগৰ আৰক্ষীক কঠোৰ পদক্ষেপ হাতত লবলৈ দাবী জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান