🔹 চোৰে লুটি নিলে নগদ ধনৰ লগতে বহু সামগ্ৰী
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰ : জামুগুৰিহাটৰ ধৰ্মীয় অনুষ্ঠানত চোৰৰ লুটপাত অব্যাহত আছে।কালি নিশাও জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত নৰোৱা থানত চোৰে চলালে চাফাই অভিযান। চোৰে ঐতিহ্যমণ্ডিত থানখনৰ তলা ভাঙি লুটি নিলে কাঁহৰ বৰতাল, ৰূপৰ ফুলিৰ লগতে নগদ ধন। পুৱা নামঘৰীয়া থানলৈ আহি চুৰিকাণ্ড প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে আৰু লগে লগে থান পৰিচালনা সমিতিক অৱগত কৰে। পিছত থান পৰিচালনা সমিতিয়ে ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষীক অৱগত কৰে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও চোৰৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে বিগত কিছুদিন ধৰি জামুগুৰিহাট-চতিয়াৰ ধৰ্মীয় বহু অনুষ্ঠানত বিশেষকৈ নামঘৰ, মন্দিৰ, থানত চোৰে চুৰিকাণ্ড সংঘটিত কৰি অহাত সমগ্ৰ বিষয়টিয়ে সচেতন ৰাইজক বাৰুকৈয়ে ভবাই তুলিছে।
প্ৰেৰক হিৰণ্য বৰা