নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত একেনিশাই তিনি ধৰ্মীয় অনুষ্ঠানত চুৰি কাণ্ড

🔹 চোৰক কৰায়ত্তৰ দাবী ৰাইজৰ

নিয়মীয়া বাৰ্তা,  ৩০ মাৰ্চ : বজালী জিলাত সঘনাই বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ৷ আৰক্ষীৰ কঠোৰ স্থিতিত সময়ে সময়ে বিভিন্ন চুৰি কাণ্ডত জড়িত চোৰ কৰায়ত্ত হৈ আহিছে যদিও অন্ত পৰা নাই চোৰৰ উপদ্ৰৱ৷ বজালী জিলা সদৰ পাঠশালাৰ বিভিন্ন স্থানৰ পৰা সঘনাই বাইক চুৰি হৈ অহাৰ পিছত কালি নিশা জিলাখনৰ তিনিটাকৈ ধৰ্মীয় অনুষ্ঠানত চুৰি কাণ্ড সংঘটিত হোৱা ঘটনাই জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, যোৱানিশা জিলাখনৰ মহাৰাণী গাঁৱৰ শ্ৰীশ্ৰীবুঢ়াগোসাঁই ঘৰত চোৰে প্ৰৱেশ কৰি ধৰ্মীয় অনুষ্ঠানটোৰ ঘণ্টা, গছি, বৰকাঁহ, তাল, ঝাৰীলোটা আদি অতি পুৰণি তথা মূল্যৱান কাঁহ-পিতলৰ সামগ্ৰী লুটি লৈ যায় । ৰাইজৰ বিশ্বাস আৰু আস্থাৰ উপাসনাস্থলী এই ধৰ্মীয় পীঠস্থানত হোৱা চুৰি কাণ্ডই অঞ্চলটোৰ ৰাইজক ব্যথিত কৰি তুলিছে৷ নিশা চুৰি কাণ্ড সংঘটিত হোৱাৰ পিছত পুৱাতেই ঘটনা সন্দৰ্ভত জ্ঞাত হৈ ৰাইজে বাঘমাৰা আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে উপস্থিত হৈ ঘটনাৰ বুজ লৈ তদন্ত আৰম্ভ কৰিছে৷ ৰাইজে এই অসামাজিক ঘটনাত জড়িত দুৰ্বৃত্তক কৰায়ত্ত কৰি উচিত শাস্তিৰ দাবী জনাইছে৷ ইপিনে, একেনিশাতেই হকাৰটুপ পাউৰাতোলা নামঘৰ আৰু শিৱ মন্দিৰৰ পৰা চোৰে লুটি নিয়ে সোণ-ৰূপৰ ফুল, সোণ-ৰূপৰ বেলপাত, কাঁহ-পিতলৰ কেইবাবিধো সামগ্ৰী, পানী উঠোৱা মটৰ আদিকে ধৰি বহু গুৰুত্বপূৰ্ণ সামগ্ৰী৷ আজি পুৱা চুৰিকাণ্ড সম্পৰ্কত জানিব পাৰি হকাৰটুপ গঞা ৰাইজেও ঘটনা সন্দৰ্ভত সৰুপেটা আৰক্ষীক অৱগত কৰাৰ পিছতে আৰক্ষীয়ে চোৰক কৰায়ত্ত কৰাৰ বাবে আৰম্ভ কৰিছে তদন্ত৷ জিলাখনত এনেদৰে চুৰিকাৰ্যৰে ৰাইজৰ ধৰ্মীয় অনুভূতিত আঘাত হনা কাৰ্যক ধিক্কাৰ জনোৱাৰ লগতে বজালী আৰক্ষীক সঘনাই হোৱা চুৰি কাৰ্য ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like