নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট-মাজুলী সংযোগী দলঙৰ খুঁটাত দুষ্কৃতিকাৰীৰ হাতোৰা

🔹 ব্ৰহ্মপুত্ৰৰ মাজৰ পৰা গুৰিতে কাটি নিলে তিনিটাকৈ খুঁটাৰ ৰড

🔹 নিধিৰাম চৰ্দাৰৰ ভূমিকাত মাজুলী জিলা প্ৰশাসন-সংশ্লিষ্ট বিভাগৰ বিষয়া

নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰ : ২০২১ চনত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা দ্বিতীয়খন বিজেপি চৰকাৰৰ দিনত মাজুলীৰ ৰাইজৰ বহু প্ৰত্যাশিত দলংখনৰ কাম ২০২১ বৰ্ষৰে নৱেম্বৰৰ পৰা পূৰ্ণগতিত আৰম্ভ হোৱাত মাজুলীৰ ৰাইজে যন্ত্ৰণাকাতৰ ফেৰী সেৱাৰ তিক্ততাপূৰ্ণ অভিজ্ঞতাৰ পৰা মুক্ত হোৱাৰ আশা দেখি স্বাভাৱিকতে উৎফুল্লিত হৈছিল। কিন্তু হঠাৎ দলংখনৰ কামে স্থবিৰতা লাভ কৰাত মাজুলীৰ ৰাইজ পুনৰ উদ্বিগ্ন হৈ থকাৰ মাজতে পুনৰ দলংখনত ভূতৰ ওপৰত দানহ পৰাদি একাংশ দুষ্কৃতিকাৰীৰ হাতোৰা পৰাৰ খবৰে এতিয়া সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।  মাজুলীবাসীৰ বহু প্ৰত্যাশিত দলংখনৰ দুই নিৰ্মাণকাৰী সংস্থা ইউ পি ষ্টেট ব্ৰীজ কৰ্পৰেচন আৰু বি আৰ চি কোম্পানীৰ মাজৰ সংঘাতৰ পৰিণতিত প্ৰথমে কাম বন্ধ আৰু ইয়াৰ পিছতেই মূল নিৰ্মাণকাৰী সংস্থাই দলঙৰ কাম এৰাৰ আনুষ্ঠানিকভাৱে ঘোষণাই এতিয়া দলং নিৰ্মাণস্থলীত নিমাওমাও, মৰিশালিসদৃশ পৰিৱেশ বিৰাজ কৰাৰ আজি ৫৭ দিনত ভৰি দিয়াৰ মুহূৰ্ততে এক খবৰৰ ভিত্তিত মাজুলীৰ এটা সাংবাদিকৰ দলে চলোৱা চৰজমিন তদন্তত  আন এক ভয়ংকৰ সত্য পোহৰলৈ আহিছে। দলং নিৰ্মাণকাৰী সামগ্ৰীৰ ওপৰত একাংশ দুষ্কৃতিকাৰীৰ কোপদৃষ্টি পৰাত এতিয়া মাজুলীবাসীৰ বহু প্ৰত্যাশিত দলংখনলৈ ভয়ংকৰ বিপদ অহা পৰিলক্ষিত হৈছে। ইতিমধ্যে নদীৰ মাজত থকা তিনিটাকৈ গুৰুত্বপূৰ্ণ খুঁটাৰ ৰড চোৰে কাটি নিয়াৰ খবৰ এক বিশ্বস্ত সূত্ৰৰ পৰা জানিব পাৰি এটা সাংবাদিকৰ দলে নদীৰ মাজৰ খুঁটা পৰিৰ্দশন কৰাত সূত্ৰটোৰ খবৰৰ সত্যতা প্ৰমাণ হয় ৷ প্ৰত্যক্ষ কৰা অনুসৰি এচাম দুষ্কৃতিকাৰীয়ে দলঙৰ তিনিটাকৈ খুঁটাৰ গাৰ্ড ৱালৰ ১০ এম এম আৰু ১২ এম এম আকাৰৰ ৰডসমূহ কাটি নিছে।  দুষ্কৃতিকাৰীয়ে ক্ৰমে ২৮, ৩০ আৰু ৩২ নং খুঁটাৰ গাৰ্ড ৱালৰ ৰড কাটি নিয়াৰ খবৰে এতিয়া সমগ্ৰ মাজুলীতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মূলত: ৩০ আৰু ৩২ নম্বৰ খুঁটাৰ পকী অংশৰ পৰা ওলাই থকা ৰড গুৰি চপাই কাটি লৈ যায় দুষ্কৃতিকাৰীয়ে ৷ নিশা হ’লেই এতিয়া ব্ৰহ্মপুত্ৰৰ মাজত ইলেক্ট্ৰনিক ৰড কটা যন্ত্ৰ লৈ চোৰৰ সন্ত্ৰাস চলে বুলি একাংশ  গোৱালে অৱগত কৰিছে ৷ ইফালে, ঘটনাস্থলীৰ পৰাই সংশ্লিষ্ট বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ পৰা এই চুৰি কাৰ্য সম্পৰ্কে জানিব বিচৰাত বিষয়াজনে চুৰি কাৰ্য সংঘটিত হোৱাৰ কথা অকপটে স্বীকাৰ কৰি কয়- চোৰে দলঙৰ মূল খুঁটাৰ ৰড চুৰি কৰিব পৰা নাই, মূল খুঁটাটোক সুৰক্ষিত কৰি নিৰ্মাণ কৰা গাৰ্ড পোষ্টৰ ৰডহে কাটি চুৰি কৰি নিছে আৰু এয়া দুৰ্ভাগ্যজনক কথা বুলি তেওঁ মন্তব্য কৰে। এক কথাত, নিধিৰাম চৰ্দাৰৰ ভূমিকাত মাজুলী জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল বুলি সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like