দ্বিতীয় বৈকুণ্ঠধামত পৰিণত ৰুক্ম নাথ গগৈ সমন্বয় ক্ষেত্ৰ
📌 শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ ৩৪ সংখ্যক বাৰ্ষিক অধিৱেশন
নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : সহস্ৰাধিক ভকত বৈষ্ণৱ উপস্থিতিৰে বৈকুণ্ঠৰ ধামত পৰিনত হৈছে ঢকুৱাখনাৰ ৰুক্ম নাথ গগৈ সমন্বয় ক্ষেত্ৰ। ঢকুৱাখনাৰ বিভিন্ন জাতি জনগোষ্ঠী, বৰ্ণ নিৰ্বিশেষে সহস্ৰাধিক ভকত বৈষ্ণৱৰ আগমনৰে শুক্ৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ ৩৪ সংখ্যক বাৰ্ষিক অধিবেশন।সংঘৰ মাধৱ প্ৰাথমিক শাখা, ভকতা পুখুৰী আশ্ৰম ১নং হিলৈদাৰী গাঁৱৰ। সমূহ ভক্তপ্ৰাণ ৰাইজৰ আতিথ্যত অনুস্থিত হোৱা অধিবেশনৰ আজি দ্বিতীয়দিনা পুৱা ৭ বজাত জিলা সেৱা বাহিনীৰ দ্বাৰা নাম প্ৰসঙ্গ অনুষ্ঠিত হোৱাৰ পিছত দিনৰ ভাগত আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সংঘৰ ঢকুৱাখনা জিলা সাহিত্য শাখাৰ সভাপতি প্ৰশান্ত কুমাৰ চুতীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা ‘ জাতি-জনগোষ্ঠীৰ সমন্বয় সাধনত শ্ৰীম্তশঙ্কৰদেৱ সংঘ’ শীৰ্ষক আলোচনা চক্ৰত সংঘৰ প্ৰাক্তন মূলৰ সদস্য দেৱ কুমাৰ গগৈ,শিশু, আই – মাতৃ কল্যাণ সমিতিৰ ধেমাজি জিলা শাখাৰ সভানেত্ৰী লক্ষীপ্ৰভা গগৈয়ে আলোচক হিচাপে উপস্থিত থাকে ।ইয়াৰ পিছতে স্মৃতিগ্ৰন্থ ‘মাধৱ – কথামৃত’ উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্ব শাসিত)ৰ অধ্যক্ষ ড: যোগানন্দ সূতে। দুপৰীয়া ১২-৩০ বজাৰ পৰা আৰম্ভ হয় শাখা সমিতিসমূহৰ মুকলি সভা। ঢকুৱাখনা জিলা শাখাৰ সম্পাদক পুতুল শইকীয়াই উদ্ধোধন কৰা মুকলি সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে শ্ৰীম্তশঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই।নিদিষ্ট বক্তাৰ ভাষণত প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই কয় – অসমৰ ধৰ্মীয় আকাশৰ এগৰাকী উজ্জ্বল জ্যোতিষ্ক শ্ৰীমন্ত শঙ্কৰদেৱৰ নেতৃত্বত ১৫শ শতিকাতে আৰম্ভ হোৱা বৈষ্ণব আন্দোলনটিক তাৰাৰ অবৰ্তমানত ১৯৩০ চনতে প্রতিষ্ঠা হোৱা শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘই ঐক্য, শান্তি, সংহতিৰ বাণীৰে অধিক শক্তিশালী কৰি তোলাৰ প্রয়াসেৰে বিভিন্ন আঁচনি গ্রহণ কৰি আহিছে। গুৰুজনাৰ ধৰ্ম-দর্শনক জগত সভাত শুদ্ধৰূপত প্ৰচাৰ-প্ৰসাৰৰ বাবে নিৰন্তৰ গতিত এক অবিৰত যাত্রা চলি আছে বুলি মন্তব্য কৰি তেওঁ এই যাত্রাত জিলা, আঞ্চলিক, প্রাথমিকসমূহৰ লগতে গুৰুজনাক ভালপোৱা অনেক লোক সহযোগী হৈ আছে বুলি উল্লেখ কৰি তেওঁ আৰু লগতে কয় যে – সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্রান্তত গঠন হৈছে প্রাথমিক, আঞ্চলিক, জিলা শাখা।গুৰুজনাৰ আর্হিৰে আধ্যাত্মিকভাবে এটা প্রগতিশীল জাতি নিৰ্মাণ কৰাৰ লক্ষ্যকে সমুখত ৰাখি গজগতিৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ আগবাঢ়ি আছে ।শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীতেৰে শুভাৰম্ভ হোৱা মুকলি সভাখনত কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়ক সঞ্জীৱ বৰাই বক্তব্য প্ৰদান কৰে। বক্তব্যত বৰাই কয়- শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ এটা ধৰ্মীয় বা আধ্যাত্মিক অনুষ্ঠানেই হৈ থকা নাই। এই অনুষ্ঠান অসমৰ বাবেই নহয় ভাৰতবৰ্ষৰ এটা জাতীয় অনুষ্ঠানলৈ ৰূপান্তৰ হৈছেমহাপুৰুষজনাৰ আদৰ্ষক শুদ্ধ আৰু সত্যৰূপত সমাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে অবিৰতভাৱে শ্ৰীম্তশঙ্কৰদেৱ সংঘই নিজৰ কাম আগবঢ়াই নিছে বুলি বক্তব্যত উল্লেখ কৰি তেওঁ আৰু লগতে কয় যে শ্ৰীম্তশঙ্কৰদেৱ সংঘই সমগ্ৰ অসমীয়া জাতিটোক ৰক্ষা কৰিবৰ কাৰণে এখন সংগ্ৰাম আৰম্ভ কৰিছে।এই সংগ্ৰাম হৈছে আধ্যাত্মিক, নৈতিকতা,বৌদ্ধিক চিন্তা – চৰ্চাৰে জৰিত হৈ এখন সুস্থ-সবল আৰু শৃংখলিত সমাজ নিৰ্মাণ গঠন কৰাৰ। সভাত শ্ৰীম্তশঙ্কৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ সভাপতি টংকেশ্বৰ গোহাঁই,মূলৰ সদস্য বলোৰাম দত্তকে প্ৰমুখ্যে কৰি সংঘৰ কেইবাজনো বিষয়-ববীয়া উপস্থিত থাকে ।সহস্ৰাধিক আই-বাপ ,ভকত-বৈষ্ণৱৰ উপস্থিতিত হৰি নামৰ ধ্বনিৰে বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰ ঘটা ৰুক্ম নাথ গগৈ সমন্বয় ক্ষেত্ৰত সন্ধিয়ালৈ মূল মঞ্চত অনুষ্ঠিত হোৱা সাংস্কৃতিক সমাৰোহে দ্বিতীয় দিনৰ কাৰ্যসূচী সামৰণি মৰা হয়।কাইলৈ তথা অন্তিম দিনা পুৱা ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব। মুকলি সভাত মুখ্য অতিথি হিছাপে প্ৰাক্তন পদাধিকাৰ ড০ কমলা কান্ত গগৈ, বিশেষ সন্মানীয় অতিথি হিচাপে স্থানীয় বিধায়ক নৱ কুমাৰ দলে, নিৰ্দিষ্ট বক্তা হিচাবে সংঘৰ সাহিত্য শাখাৰ প্ৰাক্তন সভাপতি ড০ মৃণাল কুমাৰ বৰুৱা,শিশু বক্তা চিয়াধৃতি গগৈকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক মূলৰ লগতে জিলা আৰু আঞ্চলিক শাখাৰ বিষয়ববীয়া, প্ৰশাসনিক বিষয়া, শিক্ষাব্ৰতী ৰাইজে অংশগ্ৰহণ কৰিব।
প্ৰেৰক পুলকজ্যোতি বৰা