এতিয়াও নির্ধাৰিত হোৱা নাই ‘কা’ৰ নীতি–নিয়ম
নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ আজিৰ পৰা ঠিক এবছৰ পূর্বে সংসদৰ অনুমোদন লাভ কৰিছিল দেশ কঁপাই যোৱা নাগৰিকত্ব সংশোধনী আইনে৷ পিছে দীর্ঘ এবছৰ পাৰ হৈ যোৱাৰ পাছতো শাসকীয় গেৰুৱা দলটোৰ অন্যতম ৰাজনৈতিক এজেণ্ডাভুক্ত আইনখনৰ নীতি–নিয়ম প্রস্তুত নহ’ল৷ ইয়াৰ মাজতেই চলিত সপ্তাহত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ পৰা কেৱল জনোৱা হ’ল যে আইনখনৰ নীতি–নিয়ম প্রস্তুত কৰাৰ কাম চলি আছে৷ অতি তাৎপর্যপূর্ণ বিষয়টো হ’ল গৃহ বিভাগৰ শীর্ষ বিষয়া এজনে প্রকাশ কৰা মতে, কেন্দ্রীয় আইন মন্ত্রালয়ে ইতিমধ্যে নাগৰিকত্ব সংশোধনী আইনৰ বিধিবদ্ধ নীতি–নিয়ম (ষ্টেটিউটৰি ৰুলছ) তথা উপ–আইনৰ (বাই–ল’) খচৰা এখন যুগুতাই উলিয়াইছে৷ পিছে ৰাজনৈতিক কাৰণত কেন্দ্রীয় গৃহ মন্ত্রালয়ে বিধিবদ্ধ নীতি–নিয়মবোৰ বলৱৎ কৰিব পৰা নাই৷
ইয়াৰ মাজতেই পশ্চিমবংগৰ দায়িত্বত থকা বিজেপিৰ তত্ত্বাৱধায়ক কৈলাস বিজয়বর্গীয়ে ৰাজ্যখনৰ নির্বাচনী প্রচাৰত মুকলিকৈ ঘোষণা কৰিছে যে নাগৰিকত্ব সংশোধনী আইনৰ নীতি–নিয়ম প্রস্তুত কৰি অহাবছৰ জানুৱাৰী মাহৰ পৰা বাংলাদেশকে ধৰি চুবুৰীয়া পাকিস্তান আৰু আফগানিস্তানৰ সংখ্যালঘু লোকসকলক নাগৰিকত্ব প্রদানৰ প্রক্রিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব৷ কিন্তু পশ্চিমবংগত কেন্দ্রৰ শাসকীয় বিজেপি দলটোৱে বিতর্কিত আইনখন বলৱৎ কৰাৰ বাবে উৎসুক হৈ পৰিছে যদিও আইনখনে অসমত বিজেপিৰ বাবে যে অসুবিধাৰ সৃষ্টি কৰিব পাৰে সেই কথা দলটোৰ শীর্ষ নেতৃত্বই ভালদৰেই উপলব্ধি কৰিব পাৰিছে৷ কাৰণ পশ্চিমবংগৰ সৈতে অসমতো অহা বছৰ মার্চ–এপ্রিল মাহত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷
দলীয় সূত্রৰ পৰা জানিব পৰা মতে, যোৱা ২০ নৱেম্বৰত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ দিল্লীস্থ চৰকাৰী বাসভৱনত ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত হোৱা বৈঠকত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইনৰ প্রসংগ উত্থাপন কৰিছিল৷ বিধানসভা নির্বাচনত আইনখন অসমত নির্বাচনী ইছ্যু হোৱাটো যে নিশ্চিত সেই কথা অৱগত কৰি মুখ্যমন্ত্রী সোণোৱালে সমগ্র বিষয়টো কেন্দ্রীয় নেতৃত্বৰ ওপৰত এৰি দিয়ে৷
আনহাতে, মন্ত্রী হিমন্ত বিশ্ব শর্মাই নীতি–নিয়ম প্রস্তুত কৰাৰ পাছত নাগৰিকত্বৰ বাবে আবেদন জনোৱাৰ সময়সীমা তিনি মাহৰ বেছি যাতে নহয় তাৰ ওপৰত গুৰুত্ব প্রদান কৰা বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷ সেই অনুসৰি জানুৱাৰী অথবা ফেব্রুৱাৰী মাহত আইনৰ নীতি–নিয়ম জাৰি কৰিলে বিধানসভা নির্বাচনৰ সময়তে হিন্দু বাংলাদেশীৰ নাগৰিকত্বৰ বিতর্কই তীব্র ৰূপ ধাৰণ কৰাটো নিশ্চিত হৈ পৰিছে৷ বাস্তৱত ৰাজনৈতিক সমীকৰণৰ ওপৰতে যে নাগৰিকত্ব সংশোধনী আইনৰ নীতি–নিয়ম কেতিয়া জাৰি হয় সেয়া এই মুহূর্তত নির্ভৰ কৰা বুলি ৰাজনৈতিক তথা আমোলা সূত্রই স্পষ্ট কৰি দিয়ে৷
আনহাতে, কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ সূত্রটোৱে লগতে প্রকাশ কৰিছে যে নাগৰিকত্ব সংশোধনী আইনৰ নীতি–নিয়ম জাৰি কৰাৰ পূর্বে সংশ্লিষ্ট ৰাজ্যসমূহৰ সৈতে কেন্দ্রীয় চৰকাৰে আলোচনা কৰিব৷ কাৰণ গৃহ বিভাগৰ সৈতে জডিত যিকোনো আইন বলৱৎ কৰাৰ পূর্বে আইনখনে প্রভাৱ পেলাব পৰা সংশ্লিষ্ট ৰাজ্যৰ মতামত গ্রহণ কৰাটো এক পৰম্পৰা৷ এইক্ষেত্রত অসম চৰকাৰৰ পৰা কেন্দ্রই কোনো প্রত্যাহ্বানৰ সন্মুখীন নহ’লেও পশ্চিমবংগৰ বিৰোধী তৃণমূল কংগ্রেছ চৰকাৰৰ পৰা কেন্দ্রই যে কোনো ধৰণৰ সঁহাৰি লাভ নকৰে সেয়া নিশ্চিত৷ তদুপৰি কেন্দ্রীয় আইন মন্ত্রালয়ে প্রস্তুত কৰা নীতি–নিয়মসমূহ আইন সম্পর্কীয় (ছাবর্ডিনেট লেজিছলেচাৰ) সংসদীয় স্থায়ী কমিটীৰ অনুমোদন লাভ কৰাটোও আন এক পৰম্পৰা৷
উল্লেখ্য যে যোৱাবর্ষৰ ৯ ডিচেম্বৰত লোকসভাত আৰু ১১ ডিচেম্বৰত ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী আইনখন গৃহীত হৈছিল৷ ইয়াৰ পাছত ১২ ডিচেম্বৰত আইনখনে ৰাষ্ট্রপতিৰ অনুমোদন লাভ কৰিছিল৷ কিন্তু ৰাষ্ট্রপতিয়ে অনুমোদন জনোৱাৰ ৬ মাহ পাৰ হৈ যোৱাৰ পাছত আইন সম্পর্কীয় স্থায়ী কমিটীখনে নাগৰিকত্ব সংশোধনী আইনৰ নীতি–নিয়ম প্রস্তুত কৰাক লৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ প্রতিনিধিক তলব কৰিছিল৷ পিছে ক’ৰোনা মহামাৰীৰ প্রতি লক্ষ্য ৰাখি গৃহ মন্ত্রালয়ে আইনখনৰ নীতি–নিয়ম প্রস্তুত কৰাৰ বাবে সংসদীয় স্থায়ী কমিটীৰ ওচৰত আনুষ্ঠানিকভাৱে অতিৰিক্ত ৩ মাহৰ সময় বিচাৰিছিল৷ সেই সময়সীমাও যোৱা ৩ নৱেম্বৰত উকলি যায়৷ সেয়েহে সংসদত গৃহীত হোৱাৰ এবছৰ পাছত নাগৰিকত্ব সংশোধনী আইনখন এই মুহূর্তত কার্যতঃ মূল্যহীন হৈ পৰিছে৷