নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ থান, ছমৰীয়া সত্ৰৰ সভা মহোৎসৱ

🔹 লক্ষাধিক ভকতক আদৰিবলৈ সাজু সভা মহোৎসৱ পৰিচালনা সমিতি

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ : কামৰূপ জিলাৰ বকো-ছয়গাওঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বৰবিষ্ণু আতাৰ থান, ছমৰীয়া সত্ৰত চলিত ১০, ১১, ১২ আৰু ১৩ মাৰ্চত আনবেলিৰ দৰে চাৰিদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ’ব দক্ষিণকুলীয়া শ্ৰীশ্ৰী বৰবিষ্ণু আতাৰ তিৰোভাৱ তিথি মহোৎসৱ। এই তিৰোভাৱ তিথি মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে সত্ৰ পৰিচালনা সমিতিয়ে ইতিমধ্যে বিশাল প্ৰস্তুতি চলাইছে। উল্লেখ্য যে দক্ষিণকুলীয়া ছমৰীয়া সত্ৰৰ এই সভা মহোৎসৱলৈ প্ৰতিবছৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষাধিক ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা যায়। এই সভা মহোৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি ১০ মাৰ্চত পুৱা ৮ বজাত চাফাই আৰু চাৰি হাটীৰ ৰাইজৰ দ্বাৰা পাচনীৰ কাম; আবেলি ৪.৩০ বজাত বৰবিষ্ণু আতাৰ চৰিত পাঠ; সন্ধিয়া ৬.৩০ বজাত চাৰি হাটীৰ চূণৰ ভাৰ অৰ্পণ; সন্ধিয়া ৭ বজাত ভকত বৰণ অনুষ্ঠান। ১১ মাৰ্চত পুৱা ৭ বজাত নিৰ্দিষ্ট হাটীৰ ৰাইজৰ দ্বাৰা চাফাই; সন্ধিয়া ৫ বজাত মূল নামঘৰৰ পৰা সভা ঘৰত গুৰু আসন আৰু ভাগৱত প্ৰতিষ্ঠাৰ লগতে ধৰ্মীয় পৰম্পৰাৰে সত্ৰৰ গায়ন-বায়নৰ দ্বাৰা মেলা গীত আৰু থিয়নাম পৰিৱেশন; সন্ধিয়া ৭ বজাত বিভিন্ন সত্ৰৰ পৰা ভকত-বৈষ্ণৱ তথা তীৰ্থযাত্ৰীসকলৰ মাজত সিধা বিতৰণ; নিশা ৯ বজাৰ পৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। ১২ মাৰ্চত পুৱা ৭ বজাত নিৰ্দিষ্ট হাটীৰ দ্বাৰা চাফাই; ১০ বজাত সমূহীয়া নাম প্ৰসংগ; দুপৰীয়া ১ বজাত প্ৰসাদ বিতৰণ; আবেলি ২ বজাত সত্ৰৰ গায়ন-বায়নৰ দ্বাৰা ‘ভোজন বিহাৰ’ ঝুমুৰা পৰিৱেশন; আবেলি ৪ বজাত নিমন্ত্ৰিত নামদলৰ দ্বাৰা নাম পৰিৱেশন;  সন্ধিয়া ৬.৩০ বজাত নাম প্ৰসংগ; ৭ বজাত ভকত-বৈষ্ণৱ তথা তীৰ্থযাত্ৰীসকলৰ মাজত সিধা বিতৰণ; ৮ বজাৰ পৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। ১৩ মাৰ্চত পুৱা ৭ বজাত নিৰ্দিষ্ট হাটীৰ ৰাইজৰ দ্বাৰা চাফাই; ৯ বজাত সভাঘৰৰ পৰা মূল নামঘৰলৈ গুৰু আসন আৰু ভাগৱত আনয়নৰ লগতে পশ্চিমহাটীৰ গায়ন-বায়নৰ দ্বাৰা সত্ৰৰ পকাকামত ‘ৰাম বিজয়’ অংকীয়া নাটৰ অংশবিশেষ বাটৰ নাট হিচাপে পৰিৱেশন। উল্লেখ্য যে এইবেলিৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ সভা মহোৎসৱত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, পীয়ূষ হাজৰিকা, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে অসমৰ বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰ। সভা মহোৎসৱৰ চাৰিদিনীয়া বিভিন্ন কাৰ্যসূচীত ভক্তিপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছে সভা মহোৎসৱ পৰিচালনা সমিতিয়ে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like