বৰ্ণিল কলা-কৃষ্টিৰ সমাহাৰেৰে আৰম্ভ চানডুবি মহোৎসৱ
নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ ৰাজ্যৰ অন্যতম পর্যটন ক্ষেত্ৰ ঐতিহাসিক চানডুবি বিল অন্যতম। বিলখনৰ অপূৰ্ব জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু নৃগোষ্ঠীয় লোকাচাৰ আৰু কলা-কৃষ্টিৰ সমাহাৰেৰে স্থানীয় ৰাভা জাতীয় সংগঠনৰ দ্বাৰা গঠিত চানডুবি উৎসৱ উদযাপন সমিতিয়ে বর্ণাঢ্য কাৰ্যসূচীৰে চানডুবি উৎসৱৰ আয়োজন কৰি আহিছে। কামৰূপ জিলাৰ পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰাজাপাৰাত অৱস্থিত বিলখনৰ চিৰসেউজ পৰিৱেশৰ মাজত বুধবাৰৰে পৰা আৰম্ভ হৈছে চানডুবি মহোৎসৱ। বিগত বৰ্ষৰ দৰে এইবেলিও আজি নৱবৰ্ষৰ পহিলা দিনটোৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ হয় এই উৎসৱৰ। পুৱা উদ্যাপন সমিতিৰ সভাপতি বিচিত্ৰ ৰাভাই পতাকা উত্তোলন কৰাৰ উপৰি উৎসৱৰ মূল তোৰণ “চানডুবি দেৰা“ আনুষ্ঠানিকভাবে মুকলি কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৷ আনহাতে,প্রদর্শনস্থলী ‘লাঙাবুৰা’ৰ উপৰি থলুৱা খেল ধেমালি শুভাৰম্ভ কৰা হয় ৷ আনকি অতিথিশালা ‘ডগৰবুৰা’ ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই মুকলি কৰে ৷ ইফালে ’ চান্দ সদাগৰ সোঁৱৰণী মঞ্চ’ উদ্বোধন কৰে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্যই । বৈশ্যই নিজ বক্তব্যত চানডুবিৰ জৈৱ বৈচিত্ৰ্যতা সম্পৰ্কে আলোকপাত কৰি চানডুবি উৎসৱৰ স্বকীয়তা থকা বুলি কয়৷ তদুপৰি অনুপম পৰ্যটন ক্ষেত্ৰখনৰ উত্তৰণৰ ক্ষেত্ৰত সহযোগিতা কৰি যাব বুলিও আশ্বাস প্ৰদান কৰে যুৱ নেতা গৰাকীয়ে ৷ ইয়াৰ সমান্তৰালভাৱে থলুৱা খাদ্য মেলাৰ দ্বাৰ বন বিষয়া কংকণজ্যোতি কৌশিক আৰু বন বিষয়া নয়নজ্যোতি দাসে বানিজ্য মেলাৰ দ্বাৰ মুকলি কৰে৷ আনহাতে, উৎসৱৰ স’তে সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্রন্থ ‘লকেয়া’ উন্মোচন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ড° সুভাষ ৰাভাই৷ উল্লেখ্য যে উৎসৱৰ অনুষ্ঠানৰ কাৰ্যসূচীত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া মুখ্য অতিথি তথা পাৰিষদ নৃপেন চন্দ্ৰ ৰাভা, দিলীপ কুমাৰ ৰাভাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
প্ৰেৰক নুৰুল ইছলাম