নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘সংঘই ব্যক্তিগত স্বাৰ্থপৰ মনোভাব এৰি সমগ্ৰ সমাজক একত্ৰিত কৰে’

🔹 মাজুলীত লুইত-সোৱণশিৰি সমাৱেশত আৰএছএছপ্ৰধান মোহন ভাগৱত
বিশেষ বাৰ্তা, ২৯ ডিচেম্বৰ :  “আমি কঠোৰ পৰিশ্ৰমেৰে স্বাধীনতা অৰ্জন কৰা সত্ত্বেও ভাৰতে ইয়াত “স্ব” বা আত্মত্ব বজাই ৰাখিবলৈ সক্ষম হৈছেনে? এটা প্ৰাসংগিক প্ৰশ্ন চিৰকালৰ বাবে প্ৰাসংগিক যে আমাৰ মাজত দেশপ্ৰেম আৰু একতা অবিহনে এক দীৰ্ঘম্যাদী স্বাধীনতা বিপদত পৰিব। আমাৰ ভাৰতৰ উন্নতি মানে আমেৰিকাৰ দৰে হোৱাটো নহয়, আমাৰ ভাৰতক ভাৰত হিচাপে নিৰ্মাণ কৰা। আমি ভাৰতৰ সময়-পৰীক্ষিত আত্মত্বৰ ভিত্তিত আমাৰ দেশৰ বিকাশ কৰিব লাগিব।”- আজি মাজুলী ভ্ৰমণৰ তৃতীয় দিনা মাজুলীৰ গড়মূৰস্থিত মিনি ষ্টেডিয়ামত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, মাজুলীৰ উদ্যোগত অনুষ্ঠিত লুইত-সোৱণশিৰি সমাৱেশত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱতে এনেদৰে কয়। আৰএছএছপ্ৰধানগৰাকীয়ে দীঘলীয়া ভাষণ প্ৰসংগত আৰ এছ এছ সন্দৰ্ভত ক’বলৈ গৈ কয় যে আৰ এছ এছ গঠনৰ মুখ্য কাৰণ হৈছে আমাৰ সমাজক সংগঠিত কৰা, দেশপ্ৰেমত উদ্বুব্ধ কৰা আৰু আত্মজীৱী কৰি তোলাৰ দিশত জাগ্ৰত কৰা।

তেওঁ আৰু কয় যে প্ৰজন্মগত প্ৰয়োজনীয়তাৰ ভিত্তিত পৰম্পৰাগত জ্ঞানৰ লগতে সময়সাপেক্ষ সমগ্ৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ জ্ঞান প্ৰাপ্তিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। তেওঁ একে সময়তে সতৰ্ক কৰি কয় যে যোৱা কেইটামান শতিকাত বস্তুবাদী আকাংক্ষাৰ ওপৰত আধাৰিত বহু কাম-কাজৰ ফলত সমগ্র বিশ্ব বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈছে। অৱশ্যে, আমাৰ ভাৰতৰ আৰ্হিয়ে সমাজক সকলো দিশতে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ ক্ষমতা প্ৰদান কৰে বুলি উল্লেখ কৰে। এই সন্দৰ্ভত তেওঁ ইতিহাস সোঁৱৰাই দি কয় যে প্ৰাচীন ভাৰতৰ হিন্দুকুশ পৰ্বতৰ পৰা আৰাকানলৈকে ভৌগোলিক ভূখণ্ডৰ বাবে আমি বাহ্যিক আক্ৰমণৰ পৰা সুৰক্ষিত। ভাৰতৰ আধ্যাত্মিক, শৈল্পিক আৰু ভৌতিকভাৱে বিকাশৰ ক্ষেত্ৰত আমাৰ পূৰ্বপুৰুষসকলৰ যথেষ্ট অৱদান আছিল বুলি তেওঁ উল্লেখ কৰে। ইফালে, ভাৰতবৰ্ষৰ কৃষি পদ্ধতি সন্দৰ্ভত ক’বলৈ গৈ আৰএছএছপ্ৰধানগৰাকীয়ে কয় যে ৰাসায়নিক সাৰৰ ওপৰত আধাৰিত কৃষি বিকাশৰ ফলত মানুহ ইয়াৰ পাৰ্শ্বক্ৰিয়াত আক্ৰান্ত হৈছে। গতিকে আমাৰ পৰম্পৰাগত কৃষি পদ্ধতি এতিয়া বিদেশেও অনুসৰণ কৰে বুলি তেওঁ উল্লেখ কৰে। তেওঁ মহাপুৰুষ শংকৰদেৱ আৰু লাচিত বৰফুকন আদিৰ দৰে মহান ব্যক্তিসকলে দেখুওৱা মহান পথ অনুসৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইফালে, আৰএছএছ সন্দৰ্ভত পুনৰ ক’বলৈ গৈ তেওঁ আৰু কয় যে এইটো এটা সাৰ্বজনীন সত্য যে আৰ এছ এছৰ নিয়মীয়া অনুশীলনৰ দ্বাৰা মহান গুণবোৰ অভ্যাসত পৰিণত হয়। বিশ্বকল্যাণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ এক শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাৰ বাবে উক্ত ভাল অভ্যাসবোৰ এদিন সংগঠিত প্ৰচেষ্টালৈ ৰূপান্তৰিত হ’ব। এদিন এই সংগঠিত প্ৰচেষ্টাটো এটা ডাঙৰ পৰিয়ালৰ ভ্ৰাতৃত্বপূৰ্ণ মনোভাবৰ সৈতে সংযুক্ত হ’ব। মহান ভাৰতীয় সংস্কৃতিয়ে আমাক “দুয়োখন হাতেৰে উপাৰ্জন কৰিবলৈ কৈছে যদিও কিন্তু হাজাৰ হাতেৰে অৱদান দিবলৈ” শিকায়। উপনিষদেও আমাক এই কথাকেই শিকায়। ভাৰতৰ বাহিৰৰ মানুহে এই মহান মূল্যবোধবোৰক হিন্দুত্ব হিচাপে স্বীকৃতি দিছে। সৰসংঘচলক মোহন ভাগৱতে আৰু কয় যে আমি সকলো হিন্দু। এইখন হিন্দু ৰাষ্ট্ৰ। সকলো ধৰ্মকে সন্মান জনোৱাটোৱেই হিন্দুত্ব। পৃথিৱীৰ মানুহে ধৰ্মনিৰপেক্ষতাৰ ওপৰত জোৰেৰে কথা কয়, কিন্তু ধৰ্মনিৰপেক্ষ বাহিৰৰ শব্দ। আমাৰ ইয়াৰ প্ৰয়োজন নাই। আমি আগৰে পৰাই চেকুলাৰ। আমাৰ ৰাষ্ট্ৰক উৎকৃষ্ট ৰাষ্ট্ৰ তৈয়াৰ কৰিবলৈ আমি কাম কৰি আছোঁ। সমাজৰ সমৰ্থন লৈ আমি শক্তি নেদেখাও। আমি সকলোৰে বাবে কাম কৰোঁ বুলি উল্লেখ কৰে। তেওঁ আৰু কয়- সংঘই কেৱল বিশ্ব কল্যাণৰ এক সঁজুলি হ’ব বিচাৰে, সমাজত এটা পৃথক গোট সৃষ্টি কৰি নহয়, কিন্তু আমাৰ ব্যক্তিগত স্বাৰ্থপৰ মনোভাব এৰি আমাৰ সমগ্ৰ সমাজক একত্ৰিত কৰি সংগঠিত কৰোঁ।
তেওঁ মাজুলীৰ বাতাৱৰণ, সাংস্কৃতিক পৰম্পৰা, সংস্কাৰ আদিত অভিভূত হোৱা বুলি উল্লেখ কৰাৰ লগতে মাজুলীলৈ আহিবলৈ পোৱাটো মনুষ্যৰ বাবে পুণ্যৰ কাম বুলি উল্লেখ কৰে। সমাৱেশৰ প্ৰথমে ধ্বজা উত্তোলনৰ পিছতেই প্ৰাৰ্থনা আৰু স্বয়ং সেৱকসকলে প্ৰদৰ্শন কৰা শাৰীৰিক কাৰ্যসূচী সংঘ পৰিচালকগৰাকীয়ে উপভোগ কৰাৰ পিছতেই তেওঁ সমাৱেশ সম্বোধন কৰে। সমাৱেশত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসমৰ সংঘ পৰিচালক ডাঃ উমেশ চক্ৰৱৰ্তী, উত্তৰ অসমৰ দায়িত্বত থকা ডাঃ ভূপেশ চন্দ্ৰৰ লগতে মাজুলী জিলাৰ সংঘচালক দ্বীপন হাজৰিকাও উপস্থিত থাকে। সমাৱেশৰ পিছতেই আৰএছএছপ্ৰধানগৰাকীয়ে উত্তৰ কমলাবাৰী সত্ৰত উপস্থিত হৈ মাজুলী জিলা স্বয়ং সেৱকসকলৰে এক বৈঠকত মিলিত হয়। ইফালে, আজি পুৱাৰ ভাগত ডাঃ মোহন ভাগৱতে ঐতিহাসিক আউনীআটী সত্ৰত উপস্থিত হৈ সেৱা লয়। ইয়াৰ পিছতে আউনীআটী সত্ৰৰ অধিকাৰ চ’ৰাত সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে ডাঃ ভাগৱতক আদৰণি জনোৱাৰ লগতে ঐতিহাসিক আউনীআটী সত্ৰৰ ঐতিহ্য সন্দৰ্ভত অৱগত কৰে। ইয়াৰ পিছতে সত্ৰৰ বৈষ্ণৱসকলে মাটিৰ আখৰাকে আদি কৰি সত্ৰীয়া সাংস্কৃতিক কাৰ্যসূচী মোহন ভাগৱতৰ সন্মুখত প্ৰদৰ্শন কৰে। আজিৰ সভাখনত মাজুলীৰ বিভিন্ন স্থানৰ পাঁচ হাজাৰৰো অধিক লোকৰ লগতে মাজুলীৰ ৩০০গৰাকী বিশিষ্ট ব্যক্তি, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৫০০গৰাকী স্বয়ংসেৱক উপস্থিত থাকে ৷ ইফালে, আজি তিনিদিনীয়া মাজুলী ভ্ৰমণ সামৰি আৰএছএছপ্ৰধানগৰাকীয়ে নিশাই ডিব্ৰুগড়লৈ ৰাওনা হয়।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like