নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰমেন বৰুৱাৰ সন্ধানত ধুবুৰীত তৃতীয় দিনাও এছডিআৰএফৰ অভিযান

নিয়মীয়া বাৰ্তা, ২৬ জুলাই : বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ সন্ধানত ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত আৰম্ভ হোৱা এছডিআৰএফৰ সন্ধান অভিযান আজি তৃতীয় দিনাও অব্যাহত আছে। জানিব পৰা মতে, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বৰলুইতৰ দুৰ্গম আৰু ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত চলি থকা অভিযানত এছডিআৰএফৰ চাৰিটাকৈ দল নিয়োজিত হৈ আছে। ইয়াৰে ধুবুৰী জিলাৰ ধুবুৰী, বিলাসীপাৰা আৰু চাপৰৰ উপৰি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰী অঞ্চলতো চলিছে এছডিআৰএফৰ সন্ধান অভিযান। অৱশ্যে এতিয়ালৈকে শুংসূত্ৰ ওলোৱা নাই বৰুৱাৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like