নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছডিআৰএফৰ দহ মিনিটৰ অভিযানত উদ্ধাৰ মৃতদেহ

🔹 লংনিত নৈত গা ধুবলৈ গৈ উটি গৈছিল ডিফুৰ ৰৌচন

বিশেষ বাৰ্তা, ১৮ জুন : সমনীয়াৰ স’তে গা ধুবলৈ গৈ নৈৰ প্ৰবল সোঁতত উটি যোৱা কিশোৰ ৰৌচন বসুমতাৰীৰ মৃতদেহ মঙলবাৰে পুৱা উদ্ধাৰ কৰা হয় । সোমবাৰে বিয়লি প্ৰায় আঢ়ৈ বজাত লংনিত নৈত গা ধুবলৈ যাওঁতে প্ৰবল সোঁতত উটি গৈছিল ডিফুৰ পাণবাৰী নিৱাসী কনক বসুমতাৰীৰ পুত্ৰ ৰৌচন । তাৰ পাছৰে পৰা কোনো সন্ধান উলিয়াব পৰা নাছিল কিশোৰজনৰ । উল্লেখ্য যে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মাঞ্জা আৰক্ষী থানাৰ অন্তৰ্গত শিলনীত লংনিত নৈত ঘটনাটো সংঘটিত হোৱাৰ লগে লগে চৌদিশে হুৱাদুৱা লাগি পৰাত বন বিভাগ আৰু মাঞ্জা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত লংনিত নৈত উদ্ধাৰ অভিযান চলাই ব্যৰ্থ হয় । ইপিনে, শোকাৱহ ঘটনাটোৰ খবৰ পাই হোজাইৰ SDRF বাহিনী মঙলবাৰে পুৱা উপস্থিত হয় ঘটনা সংঘটিত হোৱা স্থানত । মাত্ৰ দহ মিনিটৰ অভিযানতে সন্ধানহীন ৰৌচনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ৰৌচনৰ মৃতদেহ উদ্ধাৰৰ লগে লগে নৈৰ পাৰত সমৱেত আত্মীয়-স্বজনৰ মাজত পুনৰ কান্দোনৰ ৰোল উঠে । পাছত মাঞ্জা আৰক্ষীয়ে ৰৌচনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তত এনে ঘটনা সঘনাই সংঘটিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুতো পৰ্যাপ্ত সা-সুবিধাসম্পন্ন SDRF বাহিনীৰ ব্যৱস্থা কৰিবলৈ সচেতন মহলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু অসম চৰকাৰক দাবী জনাইছে । সোতৰ বছৰীয়া ৰৌচনৰ অকাল বিয়োগত ডিফুত শোকৰ ছাঁ পৰিছে ।

প্ৰেৰক ৰাজু কাঠাৰ

You might also like