🔹 চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত গ্ৰন্থপ্ৰেমীৰ ভিৰ
ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ ডিচেম্বৰ : গ্রন্থপ্রেমীৰ সমাৱেশে আজি দ্বিতীয় দিনা উমাল কৰি তোলে অসম প্রকাশন পৰিষদ–সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌভভাৱে চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্রন্থমেলা, গুৱাহাটী ৷ লেখক–সাহিত্যিক আৰু পাঠকৰ উপস্থিতিয়ে এই গ্রন্থোৎসৱলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ কালি গ্রন্থমেলাৰ উদ্বোধনীৰ পৰাই আৰম্ভ হোৱা কিতাপ বিক্রীয়ে প্রকাশন গোষ্ঠীসমূহৰ মাজতো আশাৰ সঞ্চাৰ কৰিছে৷ উল্লেখ্য যে আজি বিয়লি ৩ বজাত অসম প্রকাশন পৰিষদে গ্ৰন্থমেলাৰ বাকৰিত আয়োজন কৰে ‘‘ড০ বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ উপন্যাসৰ বিষয়বস্তুৰ বিশেষত্ব’’ শীর্ষক এখনি গুৰুত্বপূর্ণ আলোচনা সত্র৷ ড০ ভট্টাচার্যৰ জন্ম শতবর্ষ উপলক্ষে আয়োজন কৰা আলোচনা সত্রখন সঞ্চালনা কৰি সাহিত্য সমালোচক ড০ গোৱিন্দ প্রসাদ শর্মাই কয় যে অসম প্রকাশন পৰিষদে এনে এটা বিষয়ক লৈ আলোচনা সত্র অনুষ্ঠিত কৰাটো অতি গুৰুত্বপূর্ণ৷ কাৰণ ড০ ভট্টাচার্যৰ উপন্যাসৰ বিষয়বস্তু চমকপ্রদ৷ এসময়ত ভবা হৈছিল ৰাজনীতি কেৱল ৰাজনীতিকসকলৰ বিষয়৷ সাহিত্যৰ বাবে এয়া নিৰস৷ কিন্তু ড০ ভট্টাচার্যই বিৰল সাহস দেখুৱাই অসমীয়া সাহিত্যক ৰাজনৈতিক বিষয়েৰে চমকপ্রদভাৱে চহকী কৰিছে৷ কেঁকুৰি কাটি অসমীয়া উপন্যাসক তেওঁ নতুন বাট দেখুৱাইছে৷ সমাজ চেতনাৰে উজ্জ্বল আৰু মানুহৰ হকে সাহসেৰে নতুনত্বৰ সন্ধানেৰে ড০ ভট্টাচার্যই অসমীয়া উপন্যাসক ঐশ্বর্যশালী কৰিছে৷ আলোচনা সত্রখনত অতিথি আলোচকৰূপে অংশগ্রহণ কৰি সাহিত্যিক–সমালোচক ড০ প্রাণজিৎ বৰাই কয় যে ড০ বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ বৌদ্ধিক চেতনাৰে সমৃদ্ধ হৈছিল ৰামধেনু, নৱযুগ আদি আলোচনীসমূহ৷ তেওঁ আধুনিক অসমীয়া উপন্যাসৰ ঐতিহ্যক ঋদ্ধ কৰিছে৷ প্রাচ্য আৰু পাশ্চাত্যৰ অভিঘাতত সৃষ্ট ধাৰাটোক তেওঁ চহকী কৰিছে৷ অৱশ্যে ‘‘ঈয়াৰুইঙ্গম’’ আৰু ‘‘মৃত্যঞ্জয়’’ৰ যি কলাশৈলী, সেয়া বাকীসমূহত বেলেগ ৰূপত প্রকাশিত হৈছে৷ বাস্তৱবাদিতাৰে নিজক নিয়ন্ত্রিত কৰিও অসমীয়া উপন্যাসক এক নির্মেদ সুস্বাস্থ্য প্রদান কৰিছে৷ সমাজ–ৰাজনীতি আৰু আর্থ–সামাজিক পৰিণতিৰ দূৰদৃষ্টিয়ে তেওঁৰ সৃষ্টিৰাজিক প্রাসংগিক কৰি ৰাখিছে৷ ‘‘ঘোলাই কেৰাণীৰ বিহু’’, ‘‘পঞ্চ পলাশ’’ কবিতা দুটি পাঠ কৰি ইয়াৰো ড০ বৰাই বিশ্লেষণ আগবঢ়ায়৷ অতিথিৰূপে বিষয় প্রসংগত আলোচনা আগবঢ়ায় সাহিত্যিক ড০ বিনীতা বৰা দেৱচৌধুৰীয়ে৷ তেওঁ কয় যে ড০ ভট্টাচার্য প্রথম আধুনিক অসমীয়া সাহিত্যিক, যিয়ে অসমীয়া সাহিত্যক ভাৰতবর্ষতে কেৱল নহয়, বিশ্বত প্রতিষ্ঠা কৰিছে৷ তেওঁৰ ২৪খন উপন্যাস৷ ইয়াত আছে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সমাজৰ ৰাজনৈতিক দর্শন আৰু চিৰ প্রাসংগিক প্রশ্ণসমূহ৷ জীৱনবোধ আৰু মানৱীয় প্রমূল্য তেওঁৰ বিষয়বস্তুৰ বিশেষত্ব৷ ‘‘আই’’ ইয়াৰ অন্যতম উদাহৰণ৷ আধুনিক মানুহৰ চেতনাস্রোতে তেওঁৰ উপন্যাসৰ চৰিত্রসমূহক উজলাই তুলিছে৷ সাধাৰণ চৰিত্রসমূহো গভীৰ মনস্তত্ত্বৰে অসাধাৰণ হৈ পৰে৷ প্রেমৰ জটিল ৰূপ আৰু ইয়াৰ সূক্ষ্ম বিশ্লেষণ ড০ বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ উপন্যাসৰ এক বৈশিষ্ট্য৷ লগতে সমাজবাদ আৰু শ্রেণী চৰিত্রৰ উপস্থাপন তেওঁৰ উপন্যাসৰ বিশেষত্ব৷ একেদৰে আলোচক অতিথি ড০ দীপকজ্যোতি বৰুৱাই ভাষণত কয়– ‘‘ড০ ভট্টাচার্য অসমৰ বৌদ্ধিক সমাজৰ অঘোষিত ৰাষ্ট্রদূত৷ যুগ চেতনা আৰু বিশ্বজনীনতাই তেওঁৰ উপন্যাসক অনন্য কৰিছে৷ হিংসাক অতিক্রম কৰি মানৱতাবাদ প্রতিষ্ঠা কৰাৰ বাবে তেওঁৰ উপন্যাসসমূহ বিশ্বাসযোগ্য প্রতিনিধি৷’ তেওঁ প্রসংগক্রমে ‘‘ঈয়াৰুইঙ্গম’’ৰ উদাহৰণ দাঙি ধৰি কয় যে যুদ্ধভূমিৰ প্রেক্ষাপট হ’লেও এই উপন্যাসত আছে প্রেম আৰু সম্প্রীতিৰ কথা৷ দেশে লাভ কৰা স্বাধীনতাৰ ক্ষেত্রতো সংশয় প্রকাশ পাইছে ‘‘ৰাজপথে ৰিঙায়াই’’ত৷ সমাজ–ৰাজনৈতিক ধনাত্মক দৃষ্টিভংগীৰে ড০ ভট্টাচার্যৰ উপন্যাসসমূহত এক ইতিবাচক ভৱিষ্যদর্শন প্রতিফলিত হয়৷ ‘‘মৃত্যঞ্জয়’’তো তেওঁৰ দ্বন্দ্ব–অন্তৰ্দ্বন্দ্বৰ সমাহাৰ ঘটিছে৷ পাঠকৰ সমমর্মিতা আদায়ত তেওঁ সদায়ে সফল৷ কাৰণ সৃষ্টিৰ বিষয়বস্তুৱে সদায় সাধাৰণ মানুহৰ জীৱন আৰু সমাজ জীৱনক প্রতিনিধিত্ব কৰে৷ আন এজন আলোচক অতিথি ড০ প্রাঞ্জল শর্মা বশিষ্ঠই কয় যে সমাজ জীৱনৰ দ্বন্দ্ব বিভিন্ন সময়ত ড০ বীৰেন্দ্র কুমাৰ ভটাচার্যৰ উপন্যাসৰ বিষয়বস্তুক প্রভাৱান্বিত কৰিছে৷ সেইবাবেই দেশে স্বাধীনতা লাভৰ পাছত তেওঁ ৰাইজৰ শাসন বিচাৰি স্বাধীনতাক ফঁহিয়াই চাইছিল৷ সেয়ে হৈছে ‘‘ঈয়াৰুইঙ্গম’’৷ তেওঁক ৰাজপথে ৰিঙিয়াই মাতিছিল৷ কাৰণ তেওঁ ৰাজপ্রসাদক একপ্রকাৰে নস্যাৎ কৰিছিল৷ ‘ৰামধেনু’ সম্পাদনাত তেওঁ কিছু দ্বন্দ্বৰে পৰিচালিত হোৱা যেন দেখা যায়৷ এয়া নৈতিক দ্বন্দ্ব৷ তেওঁৰ সৃষ্টিৰ বিষয় বা পটভূমি অতীতৰ পৰা তুলি আনিছে৷ আৱেগবিহীন বাকশৈলী তেওঁৰ উপন্যাসৰ নান্দনিক বৈশিষ্ট্য৷ কোনেও স্পর্শ নকৰা বিষয় তেওঁ অতীত ক্রমানুসৰি বাছনি কৰাটো তাৎপর্যপূর্ণ৷ আলোচনা সত্রখন পৰিচালনাত সহযোগিতা আগবঢ়ায় গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্র–ছাত্রীসকলে৷ তত্ত্বাৱধায়ক হিচাপে উপস্থিত থাকে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ স্মৃতিৰেখা ভূঞা ৷ ছাত্রী জয়শ্রী কলিতা, লাকী চাংমাই, ৰিছা দাস, ৰীণি কলিতা, তমন্না কাশ্যপ, হর্ষিতা বর্মন, কৃষ্ণাংগী দাসে ড০ বীৰেন্দ্র কুমাৰ ভট্টাচার্যই ৰচনা কৰা কালজয়ী কবিতা ‘‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি’’ আবৃত্তি কৰি আলোচনা সত্রখনৰ শুভাৰম্ভ কৰে৷ অনুষ্ঠানটিত উপস্থিত থাকে ড০ ভট্টাচার্যৰ পুত্র দীপাংকৰ ভট্টাচার্য৷ ইপিনে, সন্ধিয়া মূল মঞ্চত অনুষ্ঠিত হয় কেইবাখনো শিক্ষানুষ্ঠানৰ এলানি মনপৰশা সাংস্কৃতিক প্রতিযোগিতা৷
গ্রন্থমেলাৰ সাংস্কৃতিক সন্ধিয়াত জাপানী শিল্পীৰ মনোমুগ্ধকৰ গীত–নৃত্য
আজি অসম গ্রন্থমেলাৰ সাংস্কৃতিক সন্ধিয়াত জাপানী মনোমুগ্ধকৰ গীত–নৃত্যই আপ্লুত কৰে শ্রোতা–দর্শকক৷ জাপানৰ পৰা অহা শিল্পীদ্বয় হিৰোক্কো চাৰা আৰু আইবেক্সে পৰিৱেশন কৰে এই গীত–নৃত্য৷ শিল্পীদ্বয়ক অসম গ্রন্থমেলাৰ তৰফৰ পৰা ফুলাম গামোচা আৰু এৰী চাদৰেৰে উষ্ণ আদৰণি জনোৱা হয়৷