নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় দিনাও উদুলি-মুদুলি অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা

🔹 অসমৰ কৃষি-উদ্যান শস্য খণ্ডৰে সুদৃঢ় হ’ব ১১খন দেশৰ সম্পৰ্ক

বিশেষ বাৰ্তা, ১৭ ডিচেম্বৰ : এয়া যেন শ্ৰমজীৱী কৃষকৰ আশাৰ পৃথিৱী । কংক্রিটৰ মহানগৰীত অফুৰন্ত কৃষি সম্ভাৰৰ সৈতে একাত্ম হোৱাৰ অকৃত্ৰিম পৰিৱেশ। দেশী-বিদেশী সভ্যজনৰ আগমনত মুখৰিত খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰৰ বাকৰি । “অষ্টম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা”ৰ দ্বিতীয় দিনাও লোকে লোকাৰণ্য খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ। দেওবাৰৰ দিনটো যেন একপ্ৰকাৰ সমগ্ৰ গুৱাহাটীবাসীৰ বাবে অৱসৰ বিনোদনৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিল এই মেলা । ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি অংশগ্ৰহণ কৰা ৫০খনৰো অধিক নাৰ্ছাৰীত দেশী-বিদেশী পৰ্যটকৰ সমাৱেশ ঘটিল। বিশেষকৈ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল কামৰূপ মেট্ৰ’ জিলাৰ ‘মা কামাখ্যা নাৰ্ছাৰীৰ পঞ্চাশ বছৰ পুৰণি ১ লাখ টকা মূল্যৰ বনছাই, কলকাতাৰ সৱনম নাৰ্ছাৰীৰ থাইলেণ্ড আৰু ভিয়েটনামৰ হাইব্ৰীড প্ৰজাতিৰ ফলৰ পুলি। দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল ‘ডগ শ্ব’ । বি এছ এফ, এছ এছ বি আৰু এন ডি আৰ এফৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত বিভিন্ন প্ৰজাতিৰ কুকুৰ– লেব, আমেৰিকান বেলি, জি এছ ডি আদিৰ পাৰদৰ্শিতা তথা সৃষ্টিশীলতা প্ৰদৰ্শন কৰা হয়। ঠিক সেইদৰে নিউজিলেণ্ড, মালয়েছিয়া, ইৰান, বাংলাদেশসহ মুঠ ১১খন দেশৰ প্ৰতিনিধি আৰু বিশ্ব বেংকসহ বহুকেইটা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় প্লেনাৰী ছেছন আৰু কৃষি ব্যৱসায় নেটৱৰ্কিং অনুষ্ঠান ।

এই অনুষ্ঠানত উপস্থিত থকা দেশসমূহৰ প্ৰতিনিধিবৰ্গই কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ডৰ বিকাশ, সৰ্বতোপ্ৰকাৰৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ, পাৰস্পৰিক বুজাবুজিৰে অসম তথা ভাৰতবৰ্ষৰ সৈতে গঢ়ি তুলিব পৰা উদ্যোগ, বিনিয়োগ আদি বিষয় সম্পৰ্কে অৱগত কৰে । তদুপৰি কৃষিখণ্ডত কৃষকৰ সুবিধাৰ্থে প্ৰয়োগ কৰিব পৰা আধুনিক প্ৰযুক্তি, বজাৰ, আন্তঃগাঁথনি আদি সন্দৰ্ভতো বিস্তৃতভাৱে অৱগত কৰে। অনুষ্ঠানত ইৰানৰ প্ৰতিনিধিয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহৰ চাহিদাৰ কথা বিশেষভাৱে উল্লেখ কৰে। লগতে ইৰানত অনুষ্ঠিত হ’বলগীয়া ইৰানিয়ান প্ৰদৰ্শনী (Iranian exhibition)ত অংশ ল’বলৈ অসমক আমন্ত্ৰণ জনায়। এই অনুষ্ঠানতে দক্ষিণ কোৰিয়াৰ প্ৰতিনিধিয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ ক’লা চাউলৰ সমাদৰৰ বিষয়ে উল্লেখ কৰে। আনহাতে, বিভিন্ন দেশৰ ক্ৰেতা-বিক্ৰেতাসকলৰ সৈতে অনুষ্ঠিত হয় এক মত বিনিময় অনুষ্ঠান । ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে এৰিয়া ছ’চাইটীৰ প্ৰকল্প সঞ্চালক আকাশদীপ, কৃষি সঞ্চালক ভাস্কৰ পেগু, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰাই অংশগ্ৰহণ কৰা অনুষ্ঠানত ৰাজ্যৰ লগতে দেশৰ প্ৰায় ২০গৰাকী কৃষি উদ্যোগীয়ে অংশগ্ৰহণ কৰে । লগতে চাৰিখনকৈ কাৰিকৰী কৃষক প্ৰশিক্ষণ ক্ৰমে অসমৰ বীজ ব্যৱস্থাৰ উন্নয়ন, অসমত উচ্চ মূল্যৰ মচলা খেতিৰ বিষয়ে পৰ্যালোচনা, মূল্য সংযোজিত কৃষি উদ্যান শস্য চপোৱাৰ পাছৰ ব্যৱস্থাপনা আৰু বিপণনৰ সুযোগ, অসমত বাণিজ্যিক অৰ্কিড খেতিৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা বিষয়ত আলোচনা-চক্রও অনুষ্ঠিত হয়। সমান্তৰালভাৱে জনজাতীয় খাদ্য আৰু থলুৱা খাদ্যৰ বিপণীসমূহেও সোণত সুৱগা চৰায়। জনজাতীয় লোকসকলৰ খাদ্য সম্ভাৰৰ জুতি ল’বলৈ প্ৰতিখন বিপণীতে ভিৰ কৰিলে সহস্রাধিক লোকে । দেওবাৰৰ দিনটোত খাদ্যৰ বিপণীসমূহে কেইবালক্ষ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্রাংকন প্ৰতিযোগিতা, আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা, বিভিন্ন প্ৰদৰ্শনীৰ প্ৰতিযোগিতাও মেলাস্থলীত অনুষ্ঠিত কৰা হয় । মেলাস্থলীত চলি থকা বিপণীসমূহ পৰিদৰ্শন কৰি কৃষিমন্ত্রী অতুল বৰা, কৃষি উৎপাদন আয়ুক্ত আশিস কুমাৰ ভূটানী, কৃষি সঞ্চালক ভাস্কৰ পেগু, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰাই ৰাইজৰ লগত মত বিনিময় কৰে ।

You might also like