নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ সংযোগী শিক্ষাকর্মীসকলৰ বাবে শীঘ্রে বিশেষ টেটৰ বিজ্ঞাপন প্রকাশ কৰাৰ দাবীৰে এলানি প্রতিবাদী কার্যসূচী ঘোষণা কৰিছে সদৌ অসম সংযোগী শিক্ষাকর্মী সন্থাই৷ সেই অনুসৰি অহা ১৪ ডিচেম্বৰত কাহিলিপাৰা চলো কার্যসূচী ৰূপায়ণ কৰিব শিক্ষাকর্মীসকলে৷ ইয়াৰ পাছতো চৰকাৰে বিশেষ টেট অনুষ্ঠিত কৰাৰ দিন নির্ধাৰণ নকৰিলে অহা ২১ ডিচেম্বৰত ৰাজভৱনৰ সন্মুখত আত্মজাহ কার্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিছে শিক্ষাকর্মী সন্থাই৷ এক বিবৃতিত সন্থাৰ সভাপতি আবুল কালাম আৰু সম্পাদক মৃদুল ৰাজবংশীয়ে এই কথা সদৰী কৰিছে৷ তেওঁলোকে বিবৃতিত প্রকাশ কৰা অনুসৰি পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবীৰে শিক্ষাকর্মী সন্থাই দীর্ঘদিন ধৰি বিভিন্ন আন্দোলনৰ কার্যসূচী ৰূপায়ণ কৰি আহিছে৷ তদুপৰি সময়ে সময়ে অনুষ্ঠিত আলোচনাত টেট অনুষ্ঠিত কৰিব বুলি আশ্বাস দিয়া হৈছে৷ কিন্তু আজিপর্যন্ত বিশেষ টেট অনুষ্ঠিত কৰা নহ’ল৷ এই প্রসংগত তেওঁলোকে কয়– ‘টেট এম্পাৱাৰ কমিটীৰ বৈঠক যোৱা ২৭ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু বিশেষ কাৰণবশতঃ এই বৈঠক অনুষ্ঠিত নহ’ল৷ যোৱা ৩ ডিচেম্বৰত কমিটীৰ বৈঠক অনুষ্ঠিত হয় যদিও তেওঁলোকে মার্চ মাহৰ পূর্বে বিশেষ টেট অনুষ্ঠিত কৰাটো সম্ভৱ নহ’ব বুলি সদৰী কৰিছে৷’ ইয়াৰ বিপৰীতে জানুৱাৰীত চেণ্ড্রেল টেট আৰু ছেকেণ্ডাৰী টেট অনুষ্ঠিত কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ কথা উল্লেখ কৰি সংযোগী শিক্ষাকর্মী সন্থাই তেওঁলোকৰ বাবে বিশেষ টেট কিয় অনুষ্ঠিত কৰিব নোৱাৰে বুলি প্রশ্ণ কৰে৷ সেয়েহে শীঘ্রে বিশেষ টেট অনুষ্ঠিত কৰিবলৈ বিজ্ঞাপন প্রকাশ কৰাৰ দাবী উত্থাপন কৰিছে সন্থাই৷ অন্যথা প্রতিবাদী কার্যসূচী ৰূপায়ণ হ’লে উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰ দায়ী হ’ব বুলি তেওঁলোকে সদৰী কৰিছে৷