নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰতন টাটাৰ নামেৰে হ’ব জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্রকল্প

🔹 ৰাজ্যিক কেবিনেটৰ কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত

বিশেষ বাৰ্তা, ৫ মার্চ : ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন, লোকনির্মাণ বিভাগৰ নিবিদাৰ জৰিয়তে ঠিকাৰ কাম আৰু স্কিল চেণ্টাৰ স্থাপনকে ধৰি কালি ৰাজ্যিক কেবিনেটে গ্রহণ কৰে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেটৰ সিদ্ধান্তৰ সবিশেষ অৱগত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কেবিনেটে এতিয়াৰে পৰাই জধে-মধে ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্রত এলানি গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ বিশেষকৈ ইউএছটিএমকে ধৰি একাংশ বিশ্ববিদ্যালয়ক কেন্দ্র কৰি সৃষ্টি হোৱা বিতর্কৰ বাবে ৰাজ্য চৰকাৰে ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্রত কিছু কঠোৰ নীতি–নিয়ম প্রণয়ন কৰিছে৷ সেই অনুসৰি এতিয়াৰে পৰা জধে-মধে অসমত স্থাপন কৰিব নোৱাৰিব ব্যক্তিগত বিশ্ববিদ্যালয়৷ যদি কোনো প্রতিষ্ঠানে অথবা কোনো লোকে ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় স্থাপন কৰিব বিচাৰে, তেন্তে পোনপ্রথমে ৰাষ্ট্রীয় সুৰক্ষাৰ প্রমাণ-পত্র লাগিব৷ গৃহ আৰু ৰাজনৈতিক বিভাগে সুৰক্ষা বিষয়ৰ ক্ষেত্রত প্রমাণ-পত্র দিয়াৰ পিছতহে অসমত কোনো ব্যক্তিয়ে ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰিব৷ তদুপৰি ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব খোজা ব্যক্তিজন সম্পূর্ণ ধর্মনিৰপেক্ষ হ’ব লাগিব৷ একেদৰে ধর্মান্তৰকৰণ আদি বিষয়ৰ ক্ষেত্রত তেওঁ জড়িত হ’ব নোৱাৰিব৷ এতিয়াৰে পৰা বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্রত একমাত্র বৃহৎ অট্টালিকা নির্মাণ কৰিলেই নহ’ব, ৰাষ্ট্রীয় সুৰক্ষাজনিত প্রমাণ-পত্রৰো প্রয়োজন হ’ব৷ আনহাতে, কেবিনেটে ছেমি কণ্ডাক্টৰ প্রকল্পস্থলীক ৰটন টাটাৰ নামেৰে নামকৰণৰ সিদ্ধান্ত গ্রহণ কৰে৷ অসমৰ উন্নয়নৰ দিশত প্রয়াত ৰটন টাটা আৰু টাটা গ্রুপৰ অতুল্য ভূমিকা আৰু অৱদানৰ স্বীকৃতি হিচাপে ৰাজ্যিক কেবিনেটে জাগীৰোডত ইলেক্ট্র’নিক চিটীৰ নাম ৰটন টাটা ইলেক্ট্র’নিক চিটী, জাগীৰোড হিচাপে ৰখাৰ সিদ্ধান্ত লয়৷ কেবিনেটে লোকনির্মাণ বিভাগ আৰু জলসম্পদ বিভাগত নতুনকৈ উত্তীর্ণ হোৱা অভিযন্তাসকলে ঠিকা কৰাৰ ক্ষেত্রতো গ্রহণ কৰে এলানি সিদ্ধান্ত৷ মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত কয় যে লোকনির্মাণ বিভাগত ঠিকাৰ নিবিদাত অংশগ্রহণৰ বাবে যি নিয়মাৱলী তথা চর্ত নির্ধাৰণ কৰা আছে, তেনে চর্ত–নিয়মাৱলী অভিযন্তা অথবা পলিটেকনিক উত্তীর্ণ প্রার্থীয়ে ঠিকা কৰিব বিচাৰিলে শিথিল কৰা হ’ব৷ কেবিনেটে এই অভিযন্তা তথা ডিপ্ল’মা হ’ল্ডাৰসকলক ঠিকাৰ ক্ষেত্রত কিছু শিথিলতা দিয়াৰ সিদ্ধান্ত লয়৷ কোনো অভিযন্তা উত্তীর্ণ তথা ডিপ্ল’মা হ’ল্ডাৰে যদি ঠিকা কৰিব বিচাৰে, তেন্তে ৫ বছৰলৈ এই চর্তাৱলী শিথিল কৰা হ’ব৷ এতিয়াৰে পৰা তেওঁলোকৰ ওচৰত নির্মাণত জড়িত বৃহৎ যন্ত্রপাতি নাথাকিলেও আনৰ সহায়েৰে ঠিকাৰ কাম কৰাৰ ক্ষেত্রত শিথিলতা দিয়া হৈছে৷ মুখ্যতঃ লোকনির্মাণ আৰু জলসম্পদ বিভাগত থলুৱা ঠিকাদাৰ সৃষ্টি কৰাৰ বাবে কেবিনেটে কালি এই সিদ্ধান্ত গ্রহণ কৰে৷ কেবিনেটে ৰাজ্যত ১০টা স্কিল চেণ্টাৰ স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰে৷ ৯০ কোটি টকা ব্যয়সাপেক্ষে হ’ব লগা এই স্কিল চেণ্টাৰসমূহ স্থাপনৰ ক্ষেত্রত ৰাজ্য চৰকাৰক সহযোগ কৰিব পেন–আইআইটি এলুমিনি এছ’চিয়েচনে৷ মুখ্যমন্ত্রীয়ে প্রকাশ কৰা অনুসৰি, যথেষ্ট সুখ্যাতিৰে আইআইটিৰ পৰা উত্তীর্ণ বহু ৰাজ্যৰ ছাত্রই বিভিন্ন স্থানত ভাল কাম কৰি আছে৷ তেওঁলোকে গঠন কৰা এই পেন–আইআইটি এলুমিনি এছ’চিয়েচনৰ লগত কেন্দ্র আৰু ৰাজ্য চৰকাৰে সহযোগিতা আগবঢ়াই ৰাজ্যত ১০টা স্কিল চেণ্টাৰ নির্মাণৰ সিদ্ধান্ত লয় কেবিনেটে৷ এই গোটেই স্কিল চেণ্টাৰ নির্মাণত ব্যয় হ’ব লগা ৯০ কোটি টকাৰ ১০ কোটি ৰাজ্য চৰকাৰে ব্যয় কৰাৰ বিপৰীতে বাকী ৮০ কোটি টকা পেন–আইআইটি এলুমিনি এছ’চিয়েচনে ব্যয় কৰিব৷ কেবিনেটে বাঁহ অর্থনীতি প্রসাৰৰ বাবে তথা বাঁহ উদ্যোগক শক্তিশালী কৰিবলৈ গ্রহণ কৰে আন এক গুৰুত্বপূর্ণ সিদ্ধান্ত৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি, অসমত নির্মাণকার্যত লোকনির্মাণ বিভাগক বাধত্যামূলকভাৱে ৫ শতাংশ বাঁহ ব্যৱহাৰ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ বিশেষকৈ নির্মীয়মাণ ভৱনৰ মজিয়া, দুৱাৰ–খিৰিকী বাঁহেৰে নির্মাণ কৰাৰ বাবে কেবিনেটে নির্দেশনা প্রেৰণ কৰে৷ কেবিনেটে ভৱন নির্মাণ আৰু ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ ক্ষেত্রতো লোকনির্মাণ বিভাগত নিৰিখ অনুযায়ী ইঞ্জিনীয়াৰড বাঁহ সংযুক্ত সামগ্রী অন্তর্ভুক্ত কৰাত অনুমোদন জনায়৷ কেবিনেটে এডভাণ্টেজ আছাম ২.০ৰ সন্মিলন সফলতাৰে আয়োজন কৰাৰ ক্ষেত্রত অসমলৈ আগবঢ়োৱা সমর্থন আৰু নির্দেশনাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রতি কৃতজ্ঞতা জ্ঞাপন কৰি এক প্রস্তাৱ গৃহীত কৰে৷ আনহাতে, কেবিনেটে বান আৰু খহনীয়া নিয়ন্ত্রণৰ বাবে ৩৩৮ কোটি টকা ব্যয়সাপেক্ষে ৪৬টা বান আৰু খহনীয়া ব্যৱস্থাপনা প্রকল্পত অনুমোদন জনায়৷ কেবিনেটে অসমক ঔদ্যোগিক গন্তব্য স্থান হিচাপে প্রতিষ্ঠাৰ লক্ষ্যৰে গ্রহণ কৰিলে দুটাকৈ নীতি৷ ইয়াৰে প্রথমটো হ’ল আছাম ইলেক্ট্র’নিকছ ছিষ্টেম ডিজাইন এণ্ড মেনুফেকচাৰিং পলিচী ২০২৫ আৰু আছাম ফার্মাচিউটিকেল এণ্ড মেডিকেল ডিভাইচ পলিচী ২০২৫৷ কেবিনেটে দুখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনতো অনুমোদন জনায়৷ এই দুখন হ’ল তিনিচুকীয়াৰ এডকেট দক্ষতা বিশ্ববিদ্যালয় আৰু মা কামাখ্যা ৰাষ্ট্রীয় বিশ্ববিদ্যালয়, অসম৷

You might also like