নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষানুষ্ঠানৰ সমীপৰ দোকানৰ ধঁপাতজাতীয় সামগ্ৰী দাহ মৰিগাঁও প্ৰশাসনৰ

বাৰ্তা বুৰো,  ১৯ আগষ্ট : মৰিগাঁও জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ চৌহদৰ নিচেই সমীপত  একাংশ ব্যৱসায়ীয়ে নিজৰ দোকানত ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰি অহাৰ বিভিন্ন অভিযোগ লাভৰ পিছতে আজি মৰিগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ নেতৃত্বত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ এক বৃহৎ দলে অতৰ্কিতে অভিযান চলাই মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰিগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, মৰিগাঁও মহাবিদ্যালয় আৰু জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়সহ কেইবাখনো শিক্ষানুষ্ঠানৰ চৌহদৰ সমীপৰ দোকানত অভিযান চলাই চিগাৰেট, বিড়ি, গুটকাজাতীয় সামগ্ৰী জব্দ কৰে। আনকি এখন দোকানৰ পৰা ভাংৰ চিলিম পয্যন্ত জব্দ হয়। লগে লগে আয়ুক্তগৰাকীৰ নিৰ্দেশত এই সামগ্ৰীসমূহ মুকলিকৈ দাহ কৰা হয়। জিলা আয়ুক্ত দেৱাশিস শৰ্মাই কয় যে জিলা প্ৰশাসনে বাৰে বাৰে এই সন্দৰ্ভত দোকানসমূহৰ গৰাকীসকলক সতৰ্ক বাণী প্ৰেৰণ কৰি আহিছিল যদিও তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাছিল, যাৰ বাবে আজি এই কঠোৰ পদক্ষেপ লব লগা হৈছে। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত আৰু স্বাস্থ্যৰ লগত কোনো কাৰণতে আপোচ কৰা নহব বুলি জিলা আয়ুক্ত দেৱাশিস শৰ্মাই দোহাৰে। জিলা প্ৰশাসনৰ এই কঠোৰ পদক্ষেপক মৰিগাঁৱৰ সচেতন মহলে আদৰণি জনাইছে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like