নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত কোটিটকীয়া শ্লুইচ গেট মুকলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ বজালীৰ সাৰাংপুৰীয়া পথাৰত ১ কোটি ৬ লাখ টকা বাজেট সাপেক্ষ এটি গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ পাটাছাৰকুছি সমষ্টিৰ সাৰংপুৰীয়া পথাৰত এই আচঁনিৰ শুভ উদ্বোধন কৰি মন্ত্ৰী দাসে কয় যে বজালী অঞ্চলত সাৰংপুৰীয়া পথাৰ আৰু চিকৰতীয়া পথাৰ বুলি ক’লে নজনা মানুহ খুব কমেইহে ওলাব৷ এই পথাৰ দুখন বিখ্যাত হোৱাৰ কাৰণটো হৈছে যে বছৰৰ ১২ মাহেই প্ৰায় ৪ হাজাৰ বিঘা মাটি জলমগ্ন হৈ থাকে৷ আনকি ফাগুন-চ’ত মাহতো পানী নুশুকায় এই পথাৰ দুখনৰ৷ পাটাছাৰকুছি সমষ্টিৰ বিধায়ক হোৱাৰ পিছতে সমষ্টিবাসীৰ তেওঁক ওচৰত আবেদন আছিল যে সাৰাংপুৰীয়া অঞ্চল আৰু চিকৰতীয়া অঞ্চলত ফাগুন চ’ত মাহতো প্ৰায় চাৰি হাজাৰ বিঘা মাটি জলমগ্ন হৈ থকাৰ পৰিপ্ৰেক্ষিতত কৃষকে তাত কোনো ধৰণৰ খেতিয়েই কৰিব নোৱাৰে৷ মুলত পানী নিস্কাষণৰ ব্যবস্থা নথকাৰ বাবে বিগত দহ বছৰে পানী মেটেকাই আবৰি ৰাখিছিল এই কৃষিভূমিসমুহ। যাৰ ফলত এই দুইখণ্ড কৃষিভূমিৰ কৃষকৰ মুৰত একপ্ৰকাৰ শৰগ ভাগি পৰিছিল। বহু কৃষকৰ আনকি পৰিয়াল চলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছিল৷ এনে এক প্ৰেক্ষাপটতে বিষয়টোৰ সন্দৰ্ভত মন্ত্ৰী দাসে তিনিখনকৈ ৰাইজমেল অনুষ্ঠিত কৰি পানী নিষ্কাষণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ প্ৰথম প্ৰকল্পটো লোৱা হৈছিল সাৰংপুৰীয়া পথাৰখনৰ বাবে৷ MGNREGA আৰু পঞ্চদশ বিত্ত আয়োগৰ যৌথ উদ্যোগত প্ৰায় ১ কোটি ৬ লাখ টকা বাজেটৰ এই প্ৰকল্প হাতত লৈ এতিয়ালৈকে প্ৰায় ৯০ লাখ টকাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে৷ মুঠ ৪টা কালভাৰ্ট আৰু ড্ৰেইনেজৰ লগতে শ্লুইচ গেটৰ নিৰ্মাণ কৰা হোৱাৰ পিছতে আজি শ্লুইচ গেটখন মুকলি কৰি দিয়াৰ পিছত পথাৰৰ পৰা সুন্দৰকৈ পানী নিষ্কাষণ হৈছে৷ এনেদৰে পানী নিষ্কাষণ সম্পন্ন হ’লে আগন্তুক দিনত সাৰংপুৰীয়া পথাৰৰ ১২০০ বিঘাত মাটিত ৰাইজে অনায়াসে খেতি কৰিব পাৰিব বুলি মন্তব্য কৰি মন্ত্ৰী দাসে কয় যে পথাৰৰ যি দ অংশ তাত পুখুৰী কৰি বাম অংশত খেতি কৰাৰ বাবে ৰাইজে আজি এক আদৰণীয় সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এয়া ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বাবে এক সফল সঁচা কাহিনী বুলি মন্তব্য কৰি আগন্তুক দিনত যাতে অনুৰূপ ধৰণে চিকৰতীয়া পথাৰৰো পানী নিষ্কাষণৰ সমস্যাটো আমি সমাধান কৰিব পৰা যায় সেই সন্দৰ্ভত পৰিকল্পনা যুগুত কৰা হৈছে। শ্লুইচ গেট আঁচনিৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী দাসৰ লগতে বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, বজালী খণ্ড উন্নয়ন বিষয়া চন্দন বেজবৰুৱা, বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ন গোস্বামীকে আদি কৰি বিশিষ্ট ব্যক্তিসকলৰ লগতে গঞা ৰাইজ উপস্থিত থাকে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like