নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও-কাৰ্বি আংলং সীমান্তৰ কালীভেটিত আঢ়ৈ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

নিয়মীয়া বাৰ্তা,  ১৬ জুনঃ নগাঁও-কাৰ্বি আংলং সীমান্তৰ কালীভেটি অঞ্চলত যোৱানিশা শালনা আৰু শালবাৰী গেটৰ বনকৰ্মীৰ দলে চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই অবৈধভাৱে মজুত কৰি ৰখা চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷ যোৱানিশা বনকৰ্মীৰ দলটোৱে জব্দ কৰা চোৰাং কাঠখিনিৰ বজাৰ মূল্য আঢ়ৈ লক্ষাধিক টকা হব বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে। জানিব পৰা মতে, বন বিভাগৰ এজন উচ্চপদস্থ বিষয়াৰ খবৰৰ ভিত্তিত যোৱানিশা ১২ মান বজাত শালবাৰী উপ-খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া ধ্ৰুৱজ্যোতি গায়নৰ নেতৃত্বত শালনা বনাঞ্চলিক কাৰ্যালয়ৰ বনপালক নৱজ্যোতি বৰাৰ সহযোগত এটা বনকৰ্মীৰ দলে কালীভেটি অঞ্চলত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলায়। অভিযান কালত কালীভেটি অঞ্চলৰ এখন পথাৰৰ মাজত মজুত কৰি ৰখা অৱস্থাত মূল্যৱান চোৰাং কাঠখিনি বনকৰ্মীৰ দলটোৱে জব্দ কৰে । পৰৱৰ্তী সময়ত বন বিভাগে জব্দ কৰা উক্ত চোৰাং কাঠখিনি শালনা বনাঞ্চলিক কাৰ্যালয়লৈ আনে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে যোৱানিশা বন বিভাগে জব্দ কৰা উক্ত চোৰাং কাঠখিনি সন্দৰ্ভত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক প্ৰমোদ শৰ্মা

You might also like