নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চোৰাং কাঠসহ টেম্পো জব্দ লখিমপুৰ জিলা বন প্ৰাধিকাৰীৰ

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ : চোৰাং কাঠসহ এখন টেম্পো জব্দ কৰে লখিমপুৰ জিলা বন প্ৰাধিকাৰী, আঞ্চলিক বন বিষয়াৰ উপস্থিতিত কাকৈ বনখণ্ডৰ বন বিষয়াই । জানিব পৰা মতে, কাকৈ বনখণ্ডৰ অন্তৰ্গত বোকানলা বনাঞ্চল পৰিদৰ্শন কৰিবলৈ আহি থকা অৱস্থাত চিয়াজুলী হিন্দু মাজ গাঁৱত চোৰাং কাঠ কঢ়িয়াই লৈ গৈ থকা এ এছ-০৭ বি চি-০৯৩০ নম্বৰৰ টেম্পো এখন জব্দ কৰে। পিছত জব্দকৃত কাঠসহ টেম্পোখন বন প্ৰাধিকাৰী অশোক দেৱচৌধুৰীৰ নিৰ্দেশত বোকানলা বন শিবিৰলৈ লৈ যোৱা হয়। জব্দকৃত কাঠৰ পৰিমাণ প্ৰায় ১৫ চেপ্তি বুলি জানিব পৰা গৈছে।

প্ৰেৰক ভুবন গৌতম

You might also like