সৰবৰাহকাৰী চক্রৰ পৰা ২ কেজি সোণ লুটিলে গৃহৰক্ষীয়ে
🔹 পুনৰ বিতর্কত ৰে’ল আৰক্ষী
🔹 পলাতক আজমল আলী–তফিকুৰ হক–আকতুল আলী
ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ নৱেম্বৰ : অসম আৰক্ষীৰ বিষয়া–জোৱানৰ চৰিত্র সংশোধন কৰিবলৈ ঊর্ধ্বতন কর্তৃপক্ষই কষ্ট যিমানেই কৰিছে সিমানেই অসম আৰক্ষীত বৃদ্ধি পাইছে ডকাইত আৰক্ষীৰ সংখ্যা৷ শেহতীয়াকৈ ৰে’লত অহা অবৈধ সৰবৰাহকাৰী চক্রক কৰায়ত্ত কৰাৰ সলনি ডাবি–ধমকিৰে অবৈধ সোণ হস্তগত কৰি পলায়ন কৰে চৰকাৰী ৰে’ল আৰক্ষী, চমুকৈ জিআৰপিৰ ৩ গৃহৰক্ষী জোৱান৷ পলাতক গৃহৰক্ষী জোৱানকেইজন হৈছে আজমল আলী, তফিকুৰ ৰহমান আৰু আকতুল আলী৷ বিগত ২৮ অক্টোবৰত সংঘটিত হৈছিল এই ভয়ংকৰ কাণ্ড৷ কামাখ্যা ৰে’ল ষ্টেচনলৈ অহা এখন ৰে’লত অবৈধ সোণ কঢ়িয়াই অনা সৰবৰাহকাৰী চক্র এটাৰ পৰা জব্দ কৰা সোণ আত্মসাৎ কৰি পলায়ন কৰে তিনি গৃহৰক্ষী জোৱানে৷ ২৮ অক্টোবৰৰ নিশা সংঘটিত ঘটনাটোৰ পিছদিনাখনৰ পৰা অর্থাৎ ২৯ অক্টোবৰৰ পৰা কর্তব্যলৈ অহা নাছিল তিনিও গৃহৰক্ষী৷ আৰক্ষীৰ এটা সূত্রৰ পৰা জানিব পৰা মতে, তিনিওজন গৃহৰক্ষীয়ে সেইদিনা প্রায় ২ কেজি ওজনৰ কেইবাখনো সোণৰ বিস্কুট সৰবৰাহকাৰী চক্রটোৰ পৰা জব্দ কৰিছিল৷ বিভাগীয় নিয়ম মতে তেনে কোনো অবৈধ সামগ্রী জব্দ হ’লে লগে লগে বিভাগীয় কর্তৃপক্ষক অৱগত কৰি কার্যালয়ত জমা দিব লাগে৷ কিন্তু পলাতক তিনিওজনে মনে মনে সোণখিনি হস্তগত কৰি পলায়ন কৰিছিল৷ ২৯ অক্টোবৰৰ পাছতে ঘটনাটো পোহৰলৈ অহাত বিভাগীয়ভাৱে তদন্ত আৰম্ভ কৰে জিআৰপিয়ে৷ তাৰ পাছত ৩ নৱেম্বৰত জিআৰপিয়ে নিজাববীয়াকৈ এই সন্দর্ভত এটা গোচৰ গুৱাহাটী জিআৰপি থানাত দাখিল কৰে৷ ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৩৯২ নং ধাৰাৰ অধীনত ২২৩/২৩ নম্বৰত গোচৰটো ৰুজু কৰি জিআৰপিয়ে তদন্ত আৰম্ভ কৰে৷ অৱশ্যে আৰক্ষীক পুনৰবাৰ লজ্জানত কৰা এই ঘটনাটো প্রথম অৱস্থাত গাপ দিবলৈ সম্ভৱপৰ সকলো প্রচেষ্টাই অব্যাহত ৰাখিছিল চৰকাৰী ৰে’ল আৰক্ষীয়ে৷ কিন্তু কালি সংবাদ মাধ্যমৰ তদন্তত ঘটনাটো পোহৰলৈ অহাত এতিয়া থৰকাছুটি হেৰুৱাইছে অসম আৰক্ষীয়ে৷ সূত্রটোৱে সদৰী কৰা মতে, গৃহৰক্ষীকেইজনে ২৮ অক্টোবৰৰ দিনা কামাখ্যা ৰে’ল ষ্টেচনলৈ অহা কাঞ্চনজংঘা এক্সপ্রেছ অথবা অবধ আছাম এক্সপ্রেছত এই লজ্জাজনক কাণ্ডটো সংঘটিত কৰাৰ ধাৰণা কৰিছে ঊর্ধ্বতন কর্তৃপক্ষই৷ কিয়নো নিশাৰ ভাগত এই দুয়োখন ৰে’লহে ষ্টেচনটোলৈ আহে৷ তদুপৰি বিগত কেইবামাহ ধৰি কামাখ্যা জিআৰপিত কর্মৰত গৃহৰক্ষী জোৱানকেইজন সেইদিনাখন নিশাৰ ভাগত তালাচী তথা পহৰাৰ দায়িত্বত নিয়োজিত আছিল৷ সেই সন্দেহৰ আঁত ধৰিয়েই সম্প্রতি জিআৰপিয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বর্তমানলৈকে কৰায়ত্ত কৰিব পৰা নাই পলাতক গৃহৰক্ষী জোৱানকেইজনক৷ উল্লেখ্য যে চাঞ্চল্যকৰ এই ঘটনাটোৰ অন্তৰালত জিআৰপিৰ কোনোবা শীর্ষ বিষয়াৰ হাত আছে নেকি তাক লৈও প্রশ্ণ উত্থাপন হৈছে৷ সূত্রটোৰ পৰা জানিব পৰা মতে, বিভাগীয়ভাৱে সেইদিনা ষ্টেচনটোত কর্মৰত সকলো জিআৰপিৰ বিষয়া–কর্মচাৰীক সোধা–পোছা চলোৱা হৈছে৷ ষ্টেচনৰ চিচি টিভিৰ দৃশ্যও বর্তমান আৰক্ষীয়ে পৰীক্ষা কৰি আছে যদিও কোনোধৰণৰ উপযুক্ত তথ্য এতিয়ালৈকে তদন্তত পোহৰলৈ অহা নাই৷ পলাতক গৃহৰক্ষী জোৱানকেইজনৰ ঘৰ ৰঙিয়া, বকো আৰু ছয়গাঁৱত বুলি জানিব পৰা গৈছে৷ লক্ষণীয় যে চৰকাৰী ৰে’ল আৰক্ষীৰ সোণৰ প্রতি দুর্বলতা নতুন কথা নহয়৷ ইয়াৰ পূর্বেও সৰবৰাহকাৰীৰ পৰা সোণ আত্মসাৎ কৰি চাকৰিৰ পৰা বর্খাস্ত হ’বলগীয়া হৈছিল গুৱাহাটী জিআৰপিৰ উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰুৱতীৰ লগতে আন কেইবাজনো বিষয়া–কনিষ্টবল৷ তদুপৰি দিছপুৰ আৰক্ষী থানাৰ নিপু কলিতা নামৰ এজন উপ–পৰিদর্শকেও অবৈধ সোণ সৰবৰাহকাৰী চক্রৰ পৰা সোণ আত্মসাৎ কৰি চাকৰিৰ পৰা নিলম্বন হ’বলগীয়া হৈছিল৷ ইয়াৰ বাদেও বিভিন্ন সময়ত ধনৰ বিনিময়ত বহু সৰবৰাহকাৰীক অবৈধ সামগ্রী নিয়াৰ বাট মুকলি কৰি দিয়া বুলিও জিআৰপিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে৷ বহু সময়ত তদন্ত কৰা হয় যদিও কোনোধৰণৰ ফলপ্রসূ ফলাফল পোহৰলৈ নাহে৷ শেহতীয়াকৈ অপৰাধী চক্রৰ পৰা সোণ চুৰি কৰি জিআৰপিৰ তিনি গৃহৰক্ষীয়ে এই অভিযোগক পুনৰ প্রতিফলিত কৰিলে।