নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰৰ পৰা নাগালেণ্ড হৈ আমগুৰিৰ মাজেৰে সৰবৰাহ বাৰ্মিজ চুপাৰি

🔹 নাগালেণ্ডত সক্ৰিয় বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট চক্ৰ
🔹 প্লাইউড,কয়লাৰ ট্ৰাকত সৰবৰাহ বাৰ্মিজ চুপাৰি 
নিয়মীয়া বাৰ্তা,  ২১ ছেপ্টেম্বৰ : চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ কহিমা, ডিমাপুৰত বাহৰ পাতি এটা কুখ্যাত ছিণ্ডিকেট চক্ৰই ম্যানমাৰৰ পৰা নাগালেণ্ড হৈ অসমৰ মাজেৰে বিভিন্ন স্থানলৈ অবৈধভাৱে বাৰ্মিজ চুপাৰিৰ সৰবৰাহ চলাই থকাৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে।‌ জানিব পৰা মতে, এই বাৰ্মিজ চুপাৰি ম্যানমাৰৰ পৰা আনি নাগালেণ্ডৰ ডিমাপুৰত মজুত কৰা হয় আৰু তাৰ পৰাই এই চুপাৰি কহিমা ,ঊখা, মোককচাং হৈ নাগালেণ্ডৰ তুলীলৈ অনা হয় আৰু ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অসমৰ হালোৱাটিং-আমগুৰিৰ মাজেৰে কলকাতা বা আন স্থানলৈ সৰবৰাহ কৰা হয়। স্মৰ্তব্য যে ২০২২ চনৰ নৱেম্বৰ মাহত এনেদৰে ম্যানমাৰৰ পৰা নাগালেণ্ড হৈ অসমৰ মাজেৰে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰিভৰ্তি দুখনকৈ ট্ৰাক হালোৱাটিং আৰক্ষীয়ে জব্দ কৰিছিল। ২০২২ চনৰ ১৭ নৱেম্বৰত হালোৱাটিং আৰক্ষীৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া মন্টু বড়াই বাৰ্মিজ চুপাৰিভৰ্তি পিবি-০৫-এএল ৪৭৩৭ আৰু এইচপি-৩৮-জি-৮৩৯৭ নম্বৰৰ দুখন ট্ৰাক জব্দ কৰাৰ লগতে ট্ৰাক দুখনক নিৰাপত্তা দি অহা এএছ-০৪-এএ-৯৭০৭ নম্বৰৰ এখন টিয়াগ’ বাহন জব্দ কৰিছিল। হালোৱাটিং আৰক্ষীয়ে এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি),৩৭৯, ৪২০, ৪৬৮ আৰু ৪১৩ ধাৰাৰ অধীনত ২০/২০২২ নম্বৰৰ এটা গোচৰ ৰুজু কৰি পাঁচজনকৈ লোকক জেললৈ প্ৰেৰণ কৰিছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে ৰহস্যজনক কাৰণত এইচ পি-৩৮-জি-৮৩৯৭ নম্বৰৰ বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাকখন মুকলি কৰি দিয়ে যদিও পিবি-০৫-এএল-৪৭৩৭ নম্বৰৰ আনখন ট্ৰাক আজিও হালোৱাটিং আৰক্ষীৰ জিম্মাতে আছে। আনহাতে, এই ঘটনাৰ পিছতে কিছুদিনৰ বাবে হালোৱাটিঙৰ মাজেৰে বাৰ্মিজ চুপাৰিৰ সৰবৰাহ বন্ধ আছিল যদিও শেহতীয়াকৈ বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট চক্ৰই চুপাৰি সৰবৰাহৰ বাবে নতুন কৌশল অৱলম্বন কৰাৰ অভিযোগ উঠিছে। উত্থাপিত অভিযোগ অনুসৰি, ডিমাপুৰৰ পৰা নিয়ন্ত্ৰিত ছিণ্ডিকেট চক্ৰটোৱে এতিয়া নাগালেণ্ডৰ তুলীৰ পৰা অসমৰ মাজৰে চলাচল কৰা কয়লা, প্লাইউড তথা অন্যান্য সামগ্ৰী কঢ়িয়াই নিয়া ট্ৰাকত কৌশলেৰে বাৰ্মিজ চুপাৰি সৰবৰাহ কৰা বুলি প্ৰকাশ। কিছুদিনৰ পূৰ্বে নাগালেণ্ডৰ এটা ব্যক্তিগত বৈদ্যুতিন মাধ্যমে প্ৰকাশ কৰা মতে, নাগালেণ্ড চৰকাৰৰ কোনো মন্ত্ৰী-বিধায়ক আৰু উচ্চপদস্থ আৰক্ষী বিষয়াও এই ছিণ্ডিকেট চক্ৰটোৰ লগত জড়িত থকাৰ লগতে অসমৰো বিশেষ বিশেষ ৰাজনৈতিক ব্যক্তি জড়িত থকা বুলি প্ৰকাশ। এই বাৰ্মিজ চুপাৰি ছিণ্ডিকেটে নাগালেণ্ডৰ পৰা বিভিন্ন সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ মাজত লুকুৱাই বাৰ্মিজ চুপাৰি প্ৰেৰণ কৰা কাৰ্য এতিয়া একপ্ৰকাৰৰ “অপেন ছিক্ৰেট” বুলি বিভিন্ন মহলত চৰ্চা লাভ কৰিছে যদিও সংশ্লিষ্ট প্ৰশাসনৰ চকুত নপৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

 

প্ৰেৰক দেৱানন্দ কলিতা

You might also like