নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামনি অসমৰ চোৰাং গৰুৰ বেহাৰ চালিকা শক্তি জেহাদী শক্তিৰ নিয়ন্ত্ৰাধীন!

নিয়মীয়া বাৰ্তা, ২৪ মে’ : ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ দিনত নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ একাংশ অঞ্চলেৰে চলা পশুধনৰ চোৰাং বেহা বহুলাংশে হ্ৰাস পাইছিল। কিন্তু অইন অইন বাৰৰ দৰে এইবাৰো আগন্তুক ঈদ-উল-জুহাৰ গইনা লৈ জিলা দুখনত পশুধনৰ চোৰাং বেহাৰ সৈতে জড়িত চক্ৰবোৰ তৎপৰতা বৃদ্ধি পোৱা বুলি সন্দেহ কৰা হৈছে। তাকেই প্ৰতিপন্ন কৰি যোৱা ২২ মে’ৰ নিশা দক্ষিণ শালমাৰাৰ টাকিমাৰী অঞ্চলেদি পশুধনৰ চোৰাং ব্যৱসায়ীয়ে বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ প্ৰস্তুতি চলাই থকাৰ সময়ত ১২টাকৈ ম’হ উদ্ধাৰ কৰে আৰক্ষীৰ এটা দলে। উল্লেখনীয় যে, মহকেইটা লৈ থানালৈ ওভতাৰ সময়ত চোৰাং ব্যৱসায়ীসকল দলটোৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ শূন্যলৈ গুলিচালনা কৰিবলগীয়া হয় আৰক্ষীয়ে। এই ঘটনাই পশুধনৰ চোৰাং সৰবৰাহকাৰীসকলে বৰ্তমানে আৰক্ষীকো কেৰেপ নকৰে নেকি বুলি প্ৰশ্ন উত্থাপিত হোৱাৰ সমান্তৰালকৈ এয়া এক ভয়াবহ ভৱিষ্যতৰ ইংগিত বুলিও কিন্তু আশংকা প্ৰকাশ কৰা পোৱা গৈছে বহুতেই। উল্লেখ্য যে নামনি অসমৰ পশুধনৰ চোৰাং বেহা মূলতঃ বাংলাদেশৰ পৰাই নিয়ন্ত্ৰিত হোৱাৰ সন্দেহ বহুদিনীয়া। নিশ্চিত নহয় যদিও এক বিশেষ সূত্ৰৰ দাবীনুসৰি বাংলাদেশৰ ৰংপুৰ জিলাৰ কালিৰ আলগাৰ তিনি ভাতৃয়ে নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তইদি চলি থকা পশুধনৰ চোৰাং বেহাৰ মূল শিপাডাল নিয়ন্ত্রণ কৰে। জানিব পৰানুসৰি, পশুধনৰ চোৰাং বেহাৰ সৈতে জড়িত চক্ৰবোৰে  ধুুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিশেষ কেইটামান দূৰ্গম সীমান্তৱৰ্তী অঞ্চলৰ “ট্ৰানজিট পয়েন্ট”ত পশুধনবোৰ জমা কৰে আৰু তাৰ পিছত সৰু সৰু গোটত বিভক্ত কৰি চেগ বুজি পদব্ৰজে অথৱা ইঞ্জিত চালিত ভূটভূটীৰে প্ৰেৰণ কৰে বাংলাদেশলৈ। ইয়াতে উল্লেখনীয় যে, পশুধন পাৰাপাৰ কৰাৰ সময়ত মাজে-সময়ে আৰক্ষী অথবা সীমান্ত সুৰক্ষা বাহিনীৰ কৰায়ত্ত হোৱা লোকসকল দৰাচলতে পশুধনৰ চোৰাং বেপাৰী নহয়; হাজিৰা কৰা বনুৱা তথা স্থানীয় ভাষাত “কামলা”। গৰুৰ চোৰাং বেপাৰীয়ে গাইপতি ৩/৪ হাজাৰ টকাৰ বিনিময়ত সেই লোকসকলক পশুধনবোৰ বাংলাদেশলৈ সৰবৰাহ কৰাৰ দায়িত্ব প্ৰদান কৰে। ওপৰত উল্লেখ কৰা সূত্ৰটোৱে সদৰি কৰানুসৰিৱ  সীমান্তেৰে পাৰাপাৰ হৈ থকা ভাৰতীয় গৰুবোৰৰ বাংলাদেশৰ নাৰায়ণপুৰ জিলাৰ ৮৮ বিঘা, যাত্ৰাপুৰ জিলাৰ ৰোলাকাটা, দৈ খোৱা আৰু কালিৰ আলগা আদি অঞ্চলেদি নিয়া হৈ আছে দেশখনলৈ৷  ইয়াতে উল্লেখনীয় যে, দীৰ্ঘ বহু বছৰৰ পৰা ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ জিলাকে ধৰি চুবুৰীয়া মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ মানকাচৰ-দক্ষিণ শালমাৰা জিলা সংলগ্ন ভিতৰুৱা, দূৰ্গম কেতবোৰ অঞ্চলত সক্ৰিয় পশুধনৰ চোৰাং বেহাৰ সৈতে জড়িত চক্ৰৰ আছে এটা শক্তিশালী নেটৱৰ্ক। ইপিনে শেহতীয়া ভাবে ধুবুৰী জিলাৰ কেইটামান ভিতৰুৱা অঞ্চলত পৰা আৰক্ষীৰ অভিযানত বিভিন্ন সময়ত বাংলাদেশী জেহাদী গোষ্ঠীৰ সদস্য কৰায়ত্ত হোৱাৰ ঘটনাকে ধৰি সময়ে সময়ে বৃহৎ পৰিমাণৰ নকল ভাৰতীয় টকাও উদ্ধাৰ হোৱা দেখা গেছে। ফলত স্বাভাৱিক ভাবেই পশুধনৰ চোৰাং বেহাৰৰ সৈতে চক্ৰবোৰে সীমান্তেৰে পশুধন পাৰাপাৰ কৰাৰ কৰিডৰবোৰ বাংলাদেশী জেহাদী গোষ্ঠী অথবা নকল ভাৰতীয় টকা সৰবৰাহকাৰী সকলে ব্যৱহাৰ কৰিবলৈ লৈছে নেকি বুলি উত্থাপিত হৈছে এক প্ৰশ্নৰ। তাৰেই পৰিপ্ৰেক্ষিতত, নামনি অসমৰ পশুধনৰ চোৰাং বেহাৰ মূল চালিকা শক্তিডাল বৰ্তমানে বাংলাদেশী জেহাদী গোষ্ঠীকে ধৰি ভাৰতীয় নকল টকাৰ মূল নিয়ন্ত্ৰক বুলি চৰ্চিত পাকিস্তানৰ চোৰাংচোৱা সন্থা ইন্টাৰ-চাৰ্ভিছেচ ইনটেলিজেঞ্চ, চমুকৈ আইএচআইৰ নিয়ন্ত্ৰণত নেকি বুলি জন্ম দিছে আন এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰো।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like