নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পার্থসাৰথি মহন্তৰ কথা, জুবলীৰ কণ্ঠত ‘ঔম মহেশ্বৰ’ শীৰ্ষক গীত মুকলি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ ফেব্ৰুৱাৰীঃ লেখক, আৰক্ষী বিষয়া, বিশিষ্ট কথাছবি পৰিচালক পার্থসাৰথি মহন্তৰ কথা আৰু জুবলী বৰুৱাৰ কণ্ঠত ভক্তিমূলক গীত ‘ঔম মহেশ্বৰ’ মুকলি কৰা হৈছে৷ ‘নীলকণ্ঠ/ সদাশিৱ/জঁটাধাৰী মহাদেৱ…’ শীর্ষক কলিৰে আৰম্ভ হোৱা গীতটোৰ সংগীত দীপকেশ বৰগোহাঁহৰ৷ গীতটোৰ প্রতিটো শব্দই আধ্যাত্মিক চেতনা বহন কৰাৰ উপৰি প্রভু শিৱৰ মাহাত্ম্য বর্ণনা কৰিছে৷ শ্রুতিমধুৰ সুৰ আৰু শব্দৰ মালিতাই ‘ঔম মহেশ্বৰ’ গীতটোত ভগৱান শিৱৰ অপৰিসীম শক্তি, সীমাহীন কৰুণা আৰু ঐশ্বৰিক শক্তিক সুন্দৰভাৱে উপস্থাপন কৰা হৈছে৷ উল্লেখ্য যে ইউটিডবত এই ভক্তিমূলক গীতটো উপলব্ধ হোৱাৰ মাত্র কেইঘণ্টামানৰ ভিতৰতে কেইবাহাজাৰ লোকে আদৰি লোৱা পৰিলক্ষিত হৈছে৷

You might also like