নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে ঢকুৱাখনাৰ ম’হঘুলি চাপৰি

🔹 ফাটবিহু সমিতিৰ উদ্যোগত বিহু কৰ্মশালা

নিয়মীয়া বাৰ্তা,  ২ এপ্ৰিল : চ’তৰ বুকুত সম্ভাৱনা কঢ়িয়াই ব’হাগ আহিছে ৰমকে জমকে। অসমৰ প্ৰতি চুবা-চুবুৰিয়ে এতিয়া ৰঙালীক আদৰাৰ ৰংমন প্ৰস্তুতি। গছ-বিৰিখত ন-বসন্তৰ কুঁহিপাতে পোখা মেলাৰ দৰেই অসমীয়া জনজীৱনৰ প্ৰাণত সাৰ পাই উঠিছে এতিয়া বিহুনাম আৰু বিহুগীতৰ লহৰ৷ লোকসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে ৰাজ্যত এতিয়া আৰম্ভ হৈছে বসন্তক আদৰাৰ প্ৰস্তুতি। ব’হাগক আদৰাৰ প্ৰস্তুতিৰে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বিহুনাচৰ আখৰা আৰু কৰ্মশালা। বিহুৰ ৰীতি-নীতি, বিহুনাম আৰু বিহু নাচ-গীতৰ ৰীতি-পৰম্পৰাক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ প্ৰয়াসেৰে ঢকুৱাখনাৰ ফাটবিহু সমিতিৰ উদ্যোগত ম’হঘুলি চাপৰিৰ ফাটবিহু বাকৰিত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে বিহুনাচ, ঢোল আৰু পেঁপাবাদনৰ বিনামূলীয়া বিহু কৰ্মশালা। পেঁপাৰ সন্মোহনী মাতত কণমানি ঢুলীয়াৰ সুতীব্ৰ চাপৰত কঁপি উঠিছে ঐতিহাসিক ম’হঘুলি চাপৰিৰ ফাটবিহু বাকৰি। বিহুনাচৰ আখৰালৈ ওলাই আহিল শতাধিক নাচনী-ঢুলীয়া। কণমানিগৰাকীৰ পৰা আৰম্ভ কৰি গাভৰুলৈকে এতিয়া ফাটবিহুৰ বাকৰিত ঢুলীয়াৰ হাতৰ বুলনিত গুমগুমাই উঠা ঢোলৰ মাতত, পেঁপাৰ লহৰত কঁকাল ভাঙি শিকিছে নাচিবলৈ, শিকিছে বিহুনাম জুৰিবলৈ। জনপ্ৰিয় বিহুৱা দীপক দাস, প্ৰণৱ বৰুৱা, বিহুৱতী ইলিয়ানা ৰাজকুমাৰীৰ প্ৰশিক্ষণেৰে প্রশিক্ষণ লোৱা আখৰাত ব্যস্ত কণ কণ নাচনীৰ পৰা বৰ বিহুৱতীলৈ।আধুনিক সংস্কৃতিয়ে বিহুক গ্ৰাস কৰিবলৈ ধৰিলেও নিজৰ পৰিচয় যেন পাহৰা নাই এইসকল নতুন প্ৰজন্মই। প্ৰকৃতিৰ বিনন্দীয় পৰিৱেশৰ মাজত যেন ন-শিকাৰুৱে কঢ়িয়াই আনিব আগন্তুক ৰঙালী বিহুত আশাৰ বতৰা। লক্ষণীয়ভাৱে বিহু কৰ্মশালাখনত নৱপ্ৰজন্মৰ লগতে একাংশ মাতৃয়েও অংশগ্ৰহণ কৰে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like