নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধীৰ হুলস্থূল, দুবাৰকৈ সদন স্থগিত অধ্যক্ষৰ

🔹 জলমিত্রৰ চাকৰি আমি দিলোঁ, দৰমহাও দিছোঁ, ভোটো আমাকে দিব : মন্ত্রী জয়ন্ত মল্ল বৰুৱা

ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ফেব্রুৱাৰী : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনা বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্রেক্ষিতত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দুবাৰকৈ সদন স্থগিত ৰাখিবলগীয়া হয়৷ সদনৰ প্রশ্ণোত্তৰ কাল চলি থকাৰ সময়ত বিৰোধী দল কংগ্রেছ আৰু ৰাইজৰ দলে জলমিত্রৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়টোক লৈ সদনত তীব্র হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই জলমিত্রসকলক চৰকাৰে বর্তমান মাহে ৬,৫০০ টকাকৈ পাৰিতোষিক দি অহাৰ উল্লেখ কৰি কয় যে জলমিত্রসকল চৰকাৰৰ নিয়মীয়া কর্মচাৰী নহয়৷ আশাকর্মী, অংগনৱাড়ী কর্মী–সহায়িকাৰ দৰে স্বেচ্ছাসেৱকহে৷ তেওঁলোকেও ২০০০ টকা, ২৫০০ টকা, ১৫০০ টকাকৈ মাননি লাভ কৰে৷ জলমিত্রসকলক আৰম্ভণিৰ পৰাই ৬৫০০ টকাকৈ চৰকাৰে দি আহিছে৷ বর্তমান ৰাজ্যখনত ৯ হাজাৰৰো অধিক জলমিত্র আছে আৰু জলজীৱন মিছনৰ কাম সম্পূর্ণ হোৱাৰ পাছত জলমিত্রৰ সংখ্যা ২৯ হাজাৰ হ’ব৷ মন্ত্রী বৰুৱাৰ এই উত্তৰত সন্তুষ্ট নহৈ কংগ্রেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈকে ধৰি কংগ্রেছ বিধায়কসকলে জলমিত্রৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত অটল হৈ থাকে৷ এটা সময়ত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পৰৱর্তী প্রশ্ণলৈ অগ্রসৰ হয় যদিও বিধায়ক পুৰকায়স্থ আৰু গগৈয়ে পুনৰ জলমিত্রৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়টোক লৈ সদনত প্রশ্ণ উত্থাপন কৰে৷ ইয়াৰ পৰিপ্রেক্ষিততে বিধানসভাৰ অধ্যক্ষই ১৫ মিনিটৰ বাবে সদনত স্থগিত ৰাখে৷ আনহাতে, জলমিত্র প্রসংগত সদনত মন্ত্রী বৰুৱাই কয় যে জলমিত্রসকলৰ চাকৰি আমি দিছোঁ, দৰমহাও দিছোঁ আৰু ভোটো আমাকেই দিব৷ ১৫ মিনিট পাছত সদন পুনৰ আৰম্ভ হোৱাত অধ্যক্ষ দৈমাৰীয়ে সদনৰ সদস্যসকলক বিধানসভাৰ নিয়ম–নীতি মানি সদন পৰিচালনাত সহায় কৰিবলৈ আহ্বান জনাই কয় যে সদনৰ কার্যসূচী চলি থকাৰ সময়ত সদস্যসকলে এনে আচৰণ কৰে, যাৰ ফলত তেওঁ সদন চলাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হয়৷ সদনৰ প্রতিগৰাকী সদস্যক সদন পৰিচালনাৰ ২৭৫ বিধি অধ্যয়ন কৰিবলৈ আহ্বান জনাই কয় যে সেই বিধিত সদনত কেনেদৰে শৃংখলাবদ্ধভাৱে বক্তব্য ৰাখিব লাগে, কেনেধৰণৰ আচৰণ প্রদর্শন কৰিব লাগে, সেয়া উল্লেখ আছে৷ আনহাতে, সদনৰ প্রশ্ণোত্তৰ কাল শেষ হোৱাৰ পাছত এআইইউডিএফে গোৱালপাৰা–ধুবুৰীত চলি থকা উচ্ছেদ অভিযান সম্পর্কত আজিৰ দিনটোৰ সকলো কার্যসূচী বাতিল কৰি বিষয়টো আলোচনাৰ বাবে এক সভা স্থগিত প্রস্তাৱ উত্থাপন কৰে৷ বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে সেই সভা স্থগিত প্রস্তাৱটো অগ্রাহ্য কৰি কয় যে বাজেটৰ ওপৰত হোৱা আলোচনা, ৰাষ্ট্রপতি-ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্রস্তাৱৰ ওপৰত হোৱা আলোচনাৰ সময়ত সভা স্থগিত প্রস্তাৱ উত্থাপন কৰিব নোৱাৰে৷ সেয়ে তেওঁ বিষয়টো গুৰুত্বপূর্ণ যদিও আজি উত্থাপন কৰিব দিব নোৱাৰে৷ অধ্যক্ষৰ এই ৰুলিঙৰ পাছত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম (জ্যেষ্ঠ)–এ কয় যে গোৱালপাৰা–ধুবুৰীত চলি থকা উচ্ছেদে মানৱীয় সংকটৰ সৃষ্টি কৰিছে৷ প্রচণ্ড ঠাণ্ডাত নিৰাশ্রয় হৈ পৰা লোকসকলৰ অৱস্থালৈ চাই বিষয়টো আলোচনা কৰিব দিব লাগে৷ কংগ্রেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলেও উচ্ছেদৰ বিষয়টোৱে মানৱীয় সংকটৰ সৃষ্টি কৰাৰ উল্লেখ কৰি সদনত বিষয়টো আলোচনা কৰাৰ দাবী উত্থাপন কৰে৷ এআইইউডিএফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞায়ো বিষয়টো আলোচনাৰ দাবী উত্থাপন কৰি কয় যে চৰকাৰে সম্পূর্ণ উদ্দেশ্যপ্রণোদিতভাৱে গোৱালপাৰা–ধুবুৰীৰ মানুহক উচ্ছেদ কৰি আছে৷ অধ্যক্ষৰ বাৰম্বাৰ বাধাৰ পাছতো বিৰোধী সদস্যসকলে বিষয়টোত আঁকোৰগোজ হৈ থকাত এটা সময়ত অধ্যক্ষ দৈমাৰীয়ে এঘণ্টাৰ বাবে সদন স্থগিত ৰাখে৷ বিৰোধীয়ে আজি সদনত কৰা তেনেধৰণৰ হুলস্থূলীয়া পৰিস্থিতিৰ বাবে অধ্যক্ষই দুবাৰকৈ সদন স্থগিত ৰাখিবলগীয়া হয়৷

You might also like