🔹 মাতৃক মানসিক ৰোগী সজাই হস্তগত কৰিছিল সম্পত্তি
🔹 কেইবাটাও বেংক একাউণ্টত লাখ লাখ টকাৰ লেনদেন
ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ডিচেম্বৰ : ধন-সম্পত্তিৰ প্রতি এৰাব নোৱাৰা দুর্বাৰ আকর্ষণ আৰু উচ্চাকাংক্ষাই একপ্রকাৰ লোভী কৰি তুলিছিল নিলম্বিত অতিৰিক্ত আয়ুক্ত সুকন্যা বৰাক৷ চৰকাৰীভাৱে পোৱা সীমাহীন ক্ষমতা আৰু বিলাসবহুল জীৱনৰ প্রতি দুর্বাৰ আকর্ষণে সুকন্যা বৰাক ইমানেই তললৈ নমাইছিল যে তেওঁ নিজ মাতৃকো মানসিক ৰোগী সজাবলৈ কুণ্ঠাবোধ কৰা নাছিল৷ আয়বহির্ভূত সম্পত্তিৰ গোচৰত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে চলোৱা অভিযানৰ পিছত এফালৰ পৰা খোল খাইছে তথাকথিত মেধাৱী বিষয়াজনৰ মুখাৰ আঁৰৰ মুখ ৷ আৰক্ষী সূত্রৰ পৰা জানিব পৰা মতে, টকা–পইচা আৰু মাটি–সম্পত্তিৰ প্রতি দুর্বাৰ আকর্ষণ আছিল বিষয়া সুকন্যা বৰাৰ ৷ এচিএছ বিষয়াৰূপে কর্তব্যৰত হৈ থকাৰ সময়তে নিজ জন্মদাত্রী মাতৃক মানসিক ৰোগী সজাই নলবাৰীৰ এখন মানসিক চিকিৎসালয়ত ভর্তি কৰাইছিল৷ মাতৃৰ নামত থকা ভূমি বলপূর্বক হস্তগত কৰিছিল সুকন্যা বৰাই৷ মাটিৰ লোভত অন্ধ বিষয়াগৰাকীয়ে নিজ ভাতৃৰ পৰাও কাঢ়ি নিছিল পৈতৃিক সম্পত্তি৷ অকল ভাতৃক পিতৃৰ সম্পত্তিৰ পৰা বঞ্চিত কৰাই নহয়, ঘৰৰ পৰাও গঁতিয়াই বাহিৰ কৰি দিছিল সুকন্যা বৰাই৷ আৰক্ষী জেৰাৰ পাছত এতিয়া সকলো কথা পোহৰলৈ আহিছে৷ ২০১৭ চনত ৰাজহ চক্র বিষয়াৰূপে মৰিগাঁৱত প্রথমে চাকৰি জীৱন আৰম্ভ কৰিছিল সুকন্যা বৰাই৷ ৰূপ–সৌন্দর্য আৰু মেধাৰ সমাহাৰ ঘটাই ৰাজ্য প্রশাসনৰ শীর্ষ বিষয়াৰ সৈতে কম সময়তে সুকন্যা বৰা হৈ পৰিছিল ঘনিষ্ঠ৷ সেই ঘনিষ্ঠতাৰ সুবাদতেই কম সময়ৰ ভিতৰতে অতিৰিক্ত আয়ুক্তৰ দৰে পদবীলৈ পদোন্নতি পাবলৈ সক্ষম হৈছিল সুকন্যা বৰা৷ মৰিগাঁৱত ৰাজহ চক্র বিষয়াৰূপে কর্মৰত হৈ থকাৰ সময়তে ১৭ বিঘা দুই লেচা ভূমি পানীৰ দৰত ক্রয় কৰিছিল সুকন্যা বৰাই৷ তাৰ পিছতে কামৰূপ মহানগৰ জিলাৰ দৰে গুৰুত্বপূর্ণ জিলাত নিযুক্তি পোৱা সুকন্যা বৰাই পৰৱর্তী সময়ত মহানগৰীৰো বিভিন্ন স্থানত নিজৰ সম্পত্তি গোটাবলৈ আৰম্ভ কৰে৷ বর্তমানলৈকে মহানগৰীৰ ছটা বিভিন্ন স্থানত বিষয়াগৰাকীৰ অট্টালিকা আছে বুলি পোহৰলৈ আহিছে৷ উক্ত অট্টালিকাসমূহ কেইবাকোটি টকা মূল্যৰ হ’ব বুলি সূত্রটোৱে জনাইছে৷ সম্পত্তিৰ তথ্য লাভ কৰিলেও এতিয়ালৈকে সুকন্যা বৰাই নিজৰ বেংকৰ তথ্য তদন্তকাৰী বিষয়াক সম্পূর্ণৰূপে দিয়া নাই৷ সূত্রটোৱে জনোৱা মতে, এছবিআই, এইচডিএফচি আৰু পঞ্জাব নেচনেল বেংকত সুকন্যা বৰাৰ কেইবাটাও একাউণ্ট থকাৰ কথা অৱগত হৈছে আৰক্ষীৰ ৷ উক্ত বেংককেইটাত থকা সুকন্যা বৰাৰ একাউণ্টৰ সবিশেষ বিচাৰি ইতিমধ্যে আৰক্ষীয়ে বেংক কর্তৃপক্ষৰ সৈতে যোগাযোগো কৰিছে৷ আনুষ্ঠানিকভাৱে আৰক্ষীয়ে উক্ত তথ্যসমূহ সদৰী কৰা নাই যদিও লাখ লাখ টকা উক্ত বেংক একাউণ্টকেইটাৰ মাধ্যমেৰে বিভিন্ন সময়ত লেনদেন হৈছে বুলি জানিব পৰা গৈছে৷ সুকন্যা বৰাৰ একাউণ্টত কোন মানুহে ধন প্রেৰণ কৰিছিল, সেয়াও সংগ্রহ কৰিছে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ তদন্তকাৰী বিষয়াই৷ পৰৱর্তী সময়ত উক্ত লোকসকলকো তদন্তৰ আওতালৈ অনাৰ সম্ভাৱনা নথকা নহয় বুলি সূত্রটোৱে দাবী কৰিছে৷ লক্ষণীয় যে আৰম্ভণিতে সুকন্যা বৰাৰ জব্দকৃত সম্পত্তিৰ পৰিমাণ প্রায় ১০ কোটি হ’ব বুলি আৰক্ষীয়ে ধাৰণা কৰিছিল যদিও ইটোৰ পিছত সিটো সম্পত্তিৰ তথ্য পোহৰলৈ অহাত এই পৰিমাণ প্রায় ৩০–৪০ কোটিৰ ঘৰ চুব বুলি সম্ভাৱনা প্রকাশ কৰিছে সূত্রটোৱে৷ বিষয়াগৰাকীৰ সম্পত্তিৰ তদন্ত বর্তমানেও অব্যাহত ৰখাৰ লগতে আজি দিনৰ ভাগত সুকন্যা বৰাক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ মুখ্য কার্যালয়লৈ মাতি নি মাৰাথন জেৰাও চলায় তদন্তকাৰী বিষয়াই৷