পঞ্চায়ত নিৰ্বাচনক লৈ সম্পূর্ণৰূপে সাজু ৰাজ্য চৰকাৰ, ৰাজ্যিক নিৰ্বাচন আয়োগ
নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ “পঞ্চায়ত নিৰ্বাচনক লৈ পেলাই আমি ৰাজ্য চৰকাৰ সম্পূর্ণ ৰূপে সাজু। ৰাজ্যিক নিৰ্বাচন আয়োগ সম্পূৰ্ণভাবে সাজু। কিন্তু ইয়াৰ মাজতে কোনোবাই মহামান্য উচ্চ ন্যায়ালয়ত আবেদন জনাইছিলে যে কিছুমান পঞ্চায়তত কিছুমান খণ্ডত ডেলিমিটেচন লৈ পেলাই বিসংগতি আছে। তেতিয়া মহামান্য উচ্চ ন্যায়ালয়ে ৰায় দিছিলে যে আদালতৰ অনুমতি নোলোৱাকৈ নতুন যাতে নটিফিকেশন নকৰে- সেই কথাষাৰ আমাক জনাইছিলে। আমি উচ্চ ন্যায়ালয়ৰ প্ৰতি সন্মান জনাই আমি এতিয়া আবেদন এখন অহা ৩ তাৰিখে উত্থাপন কৰিম যে আমি এতিয়া অনুমতি বিচাৰিছোঁ; ক’ৰবাত যদি কোনো বিসংগতি আছে কোনোবা ৱাৰ্ডত অথবা কোনো পঞ্চায়তত – তাৰ কাৰণে পঞ্চায়ত নিৰ্বাচন বাধাগ্ৰস্ত হ’ব নালাগে। কাৰণ সৰ্বোচ্চ ন্যালায়ৰ ৰায়দান আছে যে যদি সময় মতে যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰে তেতিয়া গ্ৰাম্য অঞ্চলত পাবলগীয়া বহু সুবিধা বঞ্চিত হ’বলগীয়া হ’ব; ভাৰত চৰকাৰৰ বহু অনুদান বন্ধ হ’বগৈ। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ৩ তাৰিখে এখন আবেদন জমা দিম আৰু যদি মহামান্য উচ্চ ন্যায়ালয়ে আমাক অনুমোদন দিয়ে তেতিয়া হ’লে আমি ১০ ফেব্ৰুৱাৰী বা ১৫ ফেব্ৰুৱাৰীৰ আগতে আমি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিম।” আজি ধুবুৰীৰ আৱৰ্ত ভৱনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ে এই কথা সদৰি কৰে জিলাখনৰ অভিভাৱক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। উল্লেখ্য যে আজি ধুবুৰীৰ আৱৰ্ত ভৱনত জিলা আয়ুক্ত দিবাকৰ নাথকে ধৰি অসম চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া-বৰ্গৰে এক পৰ্যালোচনা বৈঠকত অংশ লয় মন্ত্ৰীগৰাকীয়ে। বৈঠকখনত অহা ৩০ ডিচেম্বৰৰ দিনা এক সংবাদ মেল যোগে ২০২১ চনৰ পৰা এতিয়ালৈকে ধুবুৰী জিলাই লাভ কৰা সফলতাসমূহৰ বিষয়ে জনাবলৈ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে তেওঁ। ইপিনে আনুষ্ঠানিকভাবে কোনোৱে একো সদৰি নকৰিলেও যোৱানিশা ধুবুৰীত উপস্থিত হোৱাৰ পিছত স্থানীয় আৱৰ্ত ভৱনত সম্প্ৰতি ধুবুৰী পৌৰসভাৰ উপাধ্যক্ষ বিৰূদ্ধে ১০গৰাকীকৈ ৱাৰ্ড আয়ুক্তই উত্থাপিত কৰা অনাস্থা প্ৰস্তাৱৰ বিষয়টো লৈ জিলা বিজেপিৰ কেইগৰাকীমান শীৰ্ষ নেতৃত্বৰে মন্ত্ৰী দাসে এক ৰূদ্ধদ্বাৰ বৈঠকত বহা বুলিও প্ৰকাশ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী