নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্তমান ৰাজ্য চৰকাৰৰ হাতত নাই খাজনা বৃদ্ধিৰ কোনো প্ৰস্তাৱ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ছেপ্টেম্বৰঃ মিছন বসুন্ধৰা ২.০ৰ সফল সমাপ্তিৰ পিছত ৰাজ্য চৰকাৰে অহা ২ অক্টোবৰৰ পৰা মিছন বসুন্ধৰা ৩.০ আৰম্ভ কৰিব। সেই উদ্দেশ্য আগত ৰাখিয়েই অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে যোৱা ৭ আৰু ৮ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে পাঞ্জাবাৰীস্থিত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ প্ৰেক্ষাগৃহত মিছন বসুন্ধৰা ৩.০ৰ ওপৰত এখন কৰ্মশালাৰ আয়োজন কৰে। উক্ত কৰ্মশালাত ৰাজ্যখনৰ ভূমি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত আলোচনা কৰা হয়। উল্লেখযোগ্য যে উক্ত কৰ্মশালাৰ শেষত মন্ত্ৰী যোগেন মহনে স্পষ্ট কৰি দিয়ে যে বৰ্তমান ৰাজ্য চৰকাৰৰ হাতত খাজানা বৃদ্ধিৰ কোনো প্ৰস্তাৱ নাই। বৰঞ্চ বৰ্তমানৰ চৰকাৰ খনে ৰাইজৰ ভূমি অধিকাৰ সুৰক্ষিত ৰখাৰ স্বাৰ্থত সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যাৰ জৰিয়তে ভৱিষ্যত প্ৰজন্ম উপকৃত হ’ব। মিচন বসুন্ধৰা ২.০ ত প্ৰত্যাখান কৰা অথবা সমাধান নোহোৱা বিভিন্ন ভূমি অধিকাৰ সম্বন্ধীয় বিষয় সমুহো এই মিছনত নিস্পত্তি কৰা হ’ব আৰু বিশেষভাৱে অনুষ্ঠান-প্ৰতিষ্ঠান; শিক্ষানুষ্ঠান আদিক ভূমি প্ৰদান কৰা হ’ব। এই মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণক ভূমি সংক্ৰান্তীয় সেৱা আগবঢ়োৱাটো অসম চৰকাৰৰ এক প্ৰয়াস হিচাপে স্থিৰ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে ৰাজহ বিভাগত ভূমি সংক্ৰাতীয় বহুতো সংস্কাৰো সাধন কৰিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে এই মিছনৰ অধীনত ভূমি অধিকাৰ সম্বন্ধীয় কেইবাটাও বিশেষ সেৱা আগবঢ়োৱা হ’ব। বৰ্তমানৰ চৰকাৰৰ কাৰ্যৰ দ্বাৰা যাতে ভৱিষ্যত প্ৰজন্মৰ কোনো ক্ষতি নহয় তাৰ ওপৰত দৃষ্টি ৰাখিবলৈ মন্ত্ৰী গৰাকীয়ে সংশ্লিষ্ট সকলোকে আহ্বান জনাইছে আৰু মিছন বসুন্ধৰা ৩.০ৰ যোগেদি শুদ্ধ আৰু নিখুঁত তথ্য জনসাধাৰণক প্ৰদান কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনাইছে। বিশেষভাৱে ৰাজ্যৰ গাঁও অঞ্চলত ৰাজহ আদালত অনুষ্ঠিত কৰি স্থানীয় ৰাইজক ভুমি সংক্ৰান্তীয় বিভিন্ন বিষয় তথা নীতি নিৰ্দেশনাৰ বিষয়ে সজাগ কৰি তোলাও এই মিছনৰ সমান্তৰালভাৱে চলি থাকিব বুলি মন্ত্ৰীগৰাকীয়ে আজি জানিবলৈ দিয়ে।

You might also like