জাগীৰোডত প্ৰস্তাৱিত টাটা ছেমিকণ্ডাক্টৰক আনুষ্ঠানিক ভূমি প্ৰদান ৰাজ্য চৰকাৰৰ
বাৰ্তা বুৰো, ১৬ জুলাইঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু দূৰদৰ্শী সপোন আৰু বিশ্বৰ অগ্ৰণী ব্যৱসায়িক গোষ্ঠী টাটা গ্ৰুপ একান্ত প্ৰচেষ্টাত অৱশেষত ৰাজ্যত প্ৰথমবাৰৰ বাবে ২৭ হাজাৰ কোটি টকাৰ বৃহৎ বিনিয়োগ সম্পন্ন হল। টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে আজি ভূমি হস্তান্তৰ চুক্তি সফলতাৰে সম্পন্ন হয়। মৰিগাঁৱৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত আজি মুঠ ৫১৭.২৭ বিঘা ভূমি টাটা ইলেকট্ৰনিকছ প্ৰাইভেট লিমিটেডৰ হাতত অৰ্পন কৰাৰ বাবে চুক্তি সম্পন্ন হয়। টাটাৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰে কোম্পানীটোৰ বোৰ্ডৰ সদস্য তথা মুখ্য মানৱ সম্পদ বিষয়া ৰঞ্জন বন্দোপাধ্যায়ে। এই চুক্তিত মৰিগাঁও জিলা প্ৰশাসনৰ হৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকে। চুক্তিখন সফলতাৰে সম্পন্ন কৰে উপ-পঞ্জীয়ক নম্ৰতা চাহুৱে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে আজি মৰিগাঁও জিলাবাসীৰ বাবে এটা বিশেষ দিন। ২০২৬ চনৰ ভিতৰতে টাটাই ক্ষুদ্ৰ তথা সীমিত পৰিসৰত হ’লেও এই প্ৰকল্পত উৎপাদন আৰম্ভ কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আজিৰ এই চুক্তি স্বাক্ষৰৰ সময়ত টাটা ইলেকট্ৰনিকছ প্ৰাইভেট লিমিটেডৰ সহকাৰী উপাধ্যক্ষ কণিনিকা ঠাকুৰ, কাৰ্যবাহী অমূল্যা হুইলগাল, আইনী কাৰ্যবাহী নিধিয়া জয়াৰামন, মানৱ সম্পদ শাখাৰ কৰ্ণেল বিকাশ ভূমিয়া, প্ৰকল্প দলৰ আশীষ মিশ্ৰ আৰু অবিনাশ ধাবাৰে উপস্থিত আছিল। উল্লেখ্য যে অসমত প্ৰযুক্তিৰ দিশত এক নৱ বিপ্লৱৰ সূচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৩ মাৰ্চত নতুন দিল্লীৰ পৰা অনলাইন ব্যৱস্থাৰে জাগীৰোডত টাটা গ্ৰুপৰ ছেমিকণ্ডাক্টৰ আৰু পৰীক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিল। ইতিহাস সূচনাৰে প্ৰযুক্তিৰ ক্ষেত্ৰত অসমৰ এক মাইলৰ খুঁটিস্বৰূপ এই কেন্দ্র নির্মাণত ২৭ হাজাৰ কোটি টকা ব্যয় হ’ব। আনহাতে এই কেন্দ্ৰত প্রতিদিনে ৪৮ মিলিয়ন চিপ্ ছ উৎপাদন হ’ব। তদুপৰি এই কেন্দ্ৰত ১৬ হাজাৰ যুৱক-যুৱতীয়ে প্রত্যক্ষ নিযুক্তি লাভ কৰিবলৈ সক্ষম হ’ব। আধাৰশিলা স্থাপনৰ অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাও উপস্থিত আছিল। আনহাতে আজি ভূমি হস্তান্তৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে সকলো শ্ৰেণীৰ ৰাইজে আদৰণি জনোৱাৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু জাগীৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকাক ধন্যবাদ জনাইছে।
প্ৰেৰক প্ৰাঞ্জল দাস