🔹 ফেচবুক লাইভত মুখ্যমন্ত্রী ড০ শর্মাৰ বৃহৎ ঘোষণা
বিশেষ বাৰ্তা, ৭ জুন : ৰাজ্যৰ শিক্ষিত যুৱক–যুৱতীসকললৈ আশাৰ বতৰা কঢ়িয়াই অহা ১০ অক্টোবৰত ৰাজ্য চৰকাৰে দিব মেগা নিযুক্তি৷ ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই বৃহৎ ঘোষণা কৰিলে৷ মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰে যে ১০ অক্টোবৰৰ দিনাখন ৰাজ্য চৰকাৰে স্নাতকোত্তৰ শিক্ষক, স্নাতক শিক্ষক, এলপি–এমই শিক্ষক, স্বাস্থ্য বিভাগ, অসম আৰক্ষী, এডিআৰই পৰীক্ষাত উত্তীর্ণ হোৱা প্রার্থীসকলৰ আটাইকে একেলগে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত প্রদান কৰা হ’ব নিযুক্তি-পত্র৷ মুখ্যমন্ত্রী ড০ শর্মাই ইয়াকো কয় যে যিসমূহ বিভাগৰ বিশেষকৈ আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ খালী পদৰ বিপৰীতে লিখিত পৰীক্ষা অনুষ্ঠিত হৈ গৈছে, সেই সকলো পৰীক্ষাৰ ফলাফল নির্দিষ্ট সময়ত ঘোষণা কৰি ১০ অক্টোবৰৰ দিনা প্রদান কৰা হ’ব নিযুক্তি-পত্র৷ তেওঁ জানিবলৈ দিয়া মতে, এডিআৰই নতুন আৰু আৰক্ষী বিভাগৰ খালী পদৰ বিপৰীতে হ’ব লগা বিজ্ঞাপন নৱেম্বৰ মাহত প্রকাশ কৰা হ’ব৷ আনহাতে, মুখ্যমন্ত্রী ড০ শর্মাই সদৰী কৰে যে অহা ১৭ জুনত এডিআৰইৰ তৃতীয়বর্গৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১৭ জুনৰ পৰা এডিআৰইৰ তৃতীয়বর্গৰ প্রার্থীয়ে কম্পিউটাৰ পৰীক্ষা, ষ্টেনোগ্রাফাৰ পদৰ বাবে পৰীক্ষা, গাড়ীচালক পদৰ বাবে পৰীক্ষা দিব লাগিব৷ আনহাতে, চতুর্থবর্গৰ প্রার্থীসকলেও স্কিল টেষ্ট আৰু মৌখিক পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব৷ এই পৰীক্ষাসমূহ অহা ১৫ জুলাইৰ আগতে শেষ কৰা হ’ব৷ ফেচবুক লাইভযোগে মুখ্যমন্ত্রীগৰাকীয়ে চৰকাৰী কর্মচাৰীৰ বদলিৰ প্রক্রিয়া ৭ জুনত আৰম্ভ হ’ব বুলি ঘোষণা কৰে৷ ৯,০০৪গৰাকী কর্মচাৰীৰ পাৰস্পৰিক বদলিৰ প্রক্রিয়া আজি মুকলি কৰা হ’ব৷ এই সন্দর্ভত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে দুর্নীতি ৰোধৰ লগতে চৰকাৰী কর্মচাৰীসকলক সকাহ দিয়াৰ লক্ষ্যৰে যৌথ বদলিৰ প’র্টেল মুকলি হ’ব৷ শদিয়াৰ পৰা ধুবুৰীলৈ চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰা বহু কর্মচাৰীয়ে বিভিন্ন কাৰণত বদলিকৰণৰ বাবে লাগি থকা দেখা যায়৷ আনকি ইয়াৰ বাবে উপঢৌকন দিয়াৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হয়৷ ৰাজ্য চৰকাৰে সেয়েহে দেশৰ ভিতৰতে এক নতুন ব্যৱস্থা গ্রহণ কৰিছে৷ ইয়াৰ পূর্বে শিক্ষা বিভাগত এনেধৰণৰ পাৰস্পৰিক বুজাবুজিৰে বদলি কৰা হৈছিল শিক্ষকসকলক৷ একেধৰণে এইবাৰ তৃতীয় আৰু চতুর্থবর্গৰ কর্মচাৰীসকলক পাৰস্পৰিক বুজাবুজিৰে এই প্রক্রিয়া আৰম্ভ কৰা হৈছে৷ ইয়াৰ বাবে প্রায় ৯ হেজাৰ কর্মচাৰীক বিভিন্ন পৰীক্ষাৰ অন্তত পাৰস্পৰিক বুজাবুজি বদলিৰ বাবে যোগ্য বুলি বাছনি কৰা হৈছে৷ আজি বিয়লি আনুষ্ঠানিকভাৱে পাৰস্পৰিক বুজাবুজিৰ আদেশপত্রসমূহ মুকলি কৰা হ’ব৷ ৯ হাজাৰগৰাকী চৰকাৰী কর্মচাৰীয়ে একেলগে একে সময়তে নিজে বিচৰা স্থানত বদলিকৰণৰ নির্দেশ লাভ কৰিব৷ ইফালে কালি শ্রীভূমি জিলালৈ বান পৰিস্থিতি তদাৰক কৰিব যোৱা মুখ্যমন্ত্রী ড০ শর্মাক জিলাখনৰ একাংশ কর্মচাৰীয়ে পাৰস্পৰিক বুজাবুজিৰ বদলিৰ বাবে কোনো কর্মচাৰী বিচাৰি পোৱা নাই বুলি আক্ষেপ প্রকাশ কৰিছিল৷ এই বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ১০ অক্টোবৰত এডিআৰইৰ নিযুক্তি লাভ কৰা কর্মচাৰীসকলে পাৰস্পৰিক বুজাবুজিৰে বদলি কৰিব পৰাৰ কিছু সুযোগ লাভ কৰিব৷ যিসকলে পাৰস্পৰিক বুজাবুজি বদলিৰ পৰা বঞ্চিত হৈছে সেইসকলে পৰৱর্তী সময়ত এই সুযোগ লাভ কৰিব৷ ইয়াৰ বাবে অহা নৱেম্বৰ মাহত পুনৰ পাৰস্পৰিক বুজাবুজি বদলিৰ প’র্টেল মুকলি কৰা হ’ব৷ উল্লেখ্য যে পাৰস্পৰিক বুজাবুজি বদলিৰ বাবে মুঠ ৪,৫০২খন আবেদন বাছনি কৰা হৈছিল৷ ইয়াৰ জৰিয়তে উপকৃত হ’ব ৯,০০৪গৰাকী কর্মচাৰী৷ মুখ্যমন্ত্রীয়ে ফেচবুক লাইভযোগে আজি মুখ্যমন্ত্রীৰ জীৱন অনুপ্রেৰণা আঁচনিখন মুকলি কৰাৰ কথাও উল্লেখ কৰে৷ এই আঁচনিৰ জৰিয়তে যিসকল গৱেষকে চৰকাৰী বিশ্ববিদ্যালয় বা সামাজিক বিশ্ববিদ্যালয়সমূহত গৱেষণা কৰি আছে, তেওঁলোকক ২৫ হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়াব৷ এইক্ষেত্র দিব্যাংগসকলক ৪০ হাজাৰ টকা আগবঢ়োৱা হ’ব৷ ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে মহাবিদ্যালয়সমূহত্ ৭০ হাজাৰ শিক্ষার্থীয়ে বিনামূলীয়াকৈ নামভর্তিৰ সুযোগ লাভ কৰিছে বুলিও জানিবলৈ দিয়ে৷ তেওঁ কয় যে যিসকলৰ ৰেচন কার্ড আছে, তেওঁলোকে বিনামূলীয়া নামভর্তিৰ ক্ষেত্রত ৰেচন কার্ডখন দেখুৱালেই নামভর্তিৰ সুযোগ পাব৷ এইক্ষেত্রত যদি কোনো মহাবিদ্যালয় কর্তৃপক্ষ অথবা কোনো লোকে শিক্ষার্থীসকলক ধনদাবী কৰে, তেনেহ’লে লগে লগে তাৰ অভিযোগ দিলে বিহিত ব্যৱস্থা গ্রহণ কৰাৰ লগতে ছাত্র–ছাত্রীসকলে দিয়া ধনো ওভতাই দিয়া হ’ব৷ মুখ্যমন্ত্রীয়ে ১ আগষ্টৰ পৰা নিযুত মইনা আঁচনিৰ প্র–পত্র দিয়া হ’ব বুলি জানিবলৈ দিয়ে৷