নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত বছৰি চলে পাঁচ হাজাৰ কোটিৰ ক’লা বেহা

নিয়মীয়া বাৰ্তা, ১৯ জুলাই:  অসমত বছৰি ৫ হাজাৰ কোটি টকাৰ ড্রাগ্ছৰ ব্যৱসায় হয়৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ দেওবাৰে নগাঁও জিলাৰ বঢ়মপুৰত জব্দ কৰা ড্রাগ্ছ দাহ কৰিবলৈ গৈ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই এই কথা প্রকাশ কৰি কয় যে যোৱা ১০ মে’ৰ পৰা ১৫ জুলাই পর্যন্ত অসম আৰক্ষীয়ে ১৬৩.৫৮ কোটি টকাৰ ড্রাগ্ছ জব্দ কৰিছে৷ সেই অনুসৰি অসমত বছৰি ৫ হাজাৰ কোটি টকাৰ ড্রাগ্ছৰ ব্যৱসায় হয়৷ এই ৫ হাজাৰ কোটি টকা দেশৰ বাহিৰলৈ গৈছে৷ ইমান বৃহৎ পৰিমাণৰ টকাৰ ব্যৱসায় চলি থকাৰ পাছতো তাৰ পৰা চৰকাৰে কোনো জি এছ টি, ৰাজহ আদি লাভ নকৰে৷ এই বৃহৎ পৰিমাণৰ ড্রাগ্ছ সেৱন কৰি উঠি অহা প্রজন্ম এজন এজনকৈ ধ্বংসৰ দিশলৈহে গতি কৰিছে৷

মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে উত্তৰ–পূর্বাঞ্চলৰ মাজেৰে কিছু ড্রাগ্ছ দেশৰ আন আন প্রান্তলৈ যায়৷ এয়া বন্ধ কৰাটো আমাৰ ৰাষ্ট্রীয় দায়িত্ব৷ দেশৰ আন প্রান্তলৈ ড্রাগ্ছৰ যোগান বন্ধৰ কৰাৰ বাবে ব্যৱস্থা ল’ব লাগিব৷ সেই চেইন ধ্বংস কৰিব লাগিব৷ অসমৰ মাজেৰে সৰবৰাহ হোৱা ড্রাগ্ছ মূলতঃ মণিপুৰ, নাগালেণ্ডৰ পৰা অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমে চলোৱা ড্রাগ্ছবিৰোধী অভিযানত মণিপুৰ, নাগালেণ্ডৰ পৰাও সঁহাৰি লাভ কৰিছে৷ মণিপুৰ–নাগালেণ্ডৰ সৈতে অসমৰ ড্রাগ্ছবিৰোধী অভিযানৰ ক্ষেত্রত অভিযান সমন্বয় আছে৷

ইতিমধ্যে অসমত যিমান ড্রাগ্ছ ধৰা পৰিছে, তাৰ ভিতৰত কিছু নাগালেণ্ড, কিছু মণিপুৰৰ উৎসৰ পৰা লাভ কৰা খবৰৰ ভিত্তিতেই ধৰা পৰিছে৷ তেওঁ আৰু কয় যে মণিপুৰ–নাগালেণ্ডৰ পৰা যি ড্রাগ্ছ আহে, সেয়া পাহাৰে পাহাৰে সৰবৰাহ হয়৷ অহা ২৪ জুলাইত গৃহমন্ত্রী অমিত শ্বাহৰ শ্বিলং ভ্রমণৰ সময়ত উত্তৰ–পূর্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ড্রাগ্ছবিৰোধী অভিযান আৰু অধিক শক্তিশালী হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ বর্তমান অঞ্চলটোত ড্রাগ্ছবিৰোধী অভিযান কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নির্দেশতে চলি আছে বুলি তেওঁ ব্যক্ত কৰে৷

আনহাতে, উত্তৰ–পূবৰ একাংশ উগ্রপন্থী সংগঠন ড্রাগ্ছ সৰবৰাহৰ সৈতে জড়িত হোৱাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অঞ্চলটোৰ একাংশ উগ্রপন্থী সংগঠনে বহু সময়ত একাংশ লোকক ড্রাগ্ছ সেৱন কৰোৱাই বেয়া কামত লিপ্ত কৰোৱাৰ খবৰ আছে৷ কিন্তু অসমৰ কোনো উগ্রপন্থী সংগঠনে এতিয়ালৈ তেনে কামত জড়িত হোৱাৰ তথ্য নাই৷

You might also like