নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত পঞ্চ মনীষীৰ প্ৰতিমূৰ্তিৰ দুৰৱস্থা, কাণসাৰ নাই সাহিত্য সভাৰ

🎯    ৰং এৰাই প্ৰতিমূৰ্তিয়ে ধাৰণ কৰিছে বীভৎস ৰূপ

🎯 সাহিত্য সভাৰ আহৰি নাই পঞ্চ মনীষীৰ প্ৰতিমূৰ্তিৰ সৌন্দৰ্যবৰ্ধন-চৌপাশ নিষ্কাশনৰ

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ অসমীয়া ভাষা, সাহিত্য, কৃষ্টি, সংস্কৃতিৰ বৰপথাৰখন নিজৰ অমূল্য সৃষ্টিৰাজিৰে মহীয়ান কৰি থৈ যোৱা পাঁচগৰাকীকৈ মহান মনীষীৰ প্ৰতিমূৰ্তি চৰম অনাদৰভাৱে এক কৰ্দয্যময় পৰিৱেশত থকাৰ ঘটনাই সৰ্বসাধাৰণ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ নতুন সৃষ্টিৰ পৰিৱৰ্তে গাদী দখলৰ নিৰ্লজ ৰাজনীতিৰ প্ৰতিযোগিতাৰ লগতে চমক সৃষ্টিৰে হীৰা, মুকুতা, ৰত্ন ইত্যাদি শীৰ্ষক নামত বঁটা-বাহন প্ৰদানৰ এক নতুন ধাৰা প্ৰৱৰ্তনত সাহিত্য সভা ব্যস্ত থকাৰ সময়তেই চহৰৰ মাজমজিয়াত এনেদৰে অনাদৃত হৈ আছে এই পাঁচগৰাকী মহান মনীষীৰ প্ৰতিমূৰ্তি৷ কেৱল নিদিষ্ট মৃত্যু দিৱসত চাকি-বন্তি প্ৰজ্বলনৰ বাবেহে অহা সভাৰ কৰ্মকতাৰ চূড়ান্ত আওকণীয়া-এলাগী মনোভাৱৰ বাবেই এতিয়া ৰ’দত শুকাই, বৰষুণত তিতি, ক’লা শেলাইৰে চৌপাশ আৱৰি ধৰাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ ৷ উল্লেখ্য অসম সাহিত্য সভাৰ ইতিহাসত কাললৈ কলংকৰ দাগ লগোৱা শিৱসাগৰ জেৰেঙা পথাৰত ৮টা বছৰৰ পুৰ্বে অনুস্থিত সভাপতিবিহীন অলংকাৰীক বিগ বাজেটৰ শতবৰ্ষীয় অধিবেশনৰ সময়তেই ৰাইজৰ দৰ্শনৰ বাবে নিৰ্মাণ কৰা হৈছিল অসমীয়া সাহিত্য জগতলৈ অনবৈদ্য বৰঙনি আগবঢ়োৱা পদ্মনাথ গোহাঞিবৰুৱা, শৰৎ চন্দ্ৰ গোস্বামী, হেমচন্দ্ৰ বৰুৱা, ডঃ ভূপেন হাজৰিকা আৰু মামনি ৰয়চম গোস্বামীৰ দৰে মহান মনীষীৰ প্ৰতিমূৰ্তি৷ মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে তথাকথিত স্বনামধন্য সাহিত্যিক, জাতীয় সংগঠনৰ নেতা সহিতে গঠন কৰা বিগ বাজেটৰ আয়োজক সমিতিয়ে কিন্তু জেৰেঙা পথাৰৰ অধিবেশন অন্ত পৰাৰ পিছত পঞ্চ মনীষীৰ প্ৰতিমূৰ্তি চমজাই দিলে সমিতিৰ আন এগৰাকী বিয়াগোম কাণ্ডাৰীক৷ নিজকে শিৱসাগৰৰ অভিভাৱক বুলি দাবী কৰা এই গৰাকী একালৰ আছুৰ মজিয়াৰ পৰা খেদা খোৱা নেতাই পঞ্চ মনীষীৰ মহান প্ৰতিমূৰ্তিক নিজৰ বাসগৃহৰ চুৱাপাতনি আৰু শৌচাগাৰৰ নৰ্দমাত পেলাই ৰাখিলে ৷ নিয়মীয়া বাৰ্তাত সেই সময়ত এই ভয়ংকৰ নিন্দনীয় ঘটনা পোন প্ৰথমে পোহৰলৈ অনাৰ পিছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠাৰ লগতে বৌদ্ধিক মহলে আদৰণী সমিতি আৰু তথাকথিত সাহিত্যিকগৰাকীক ঘৃণাৰে উপচাই দিছিল৷ শদিয়াৰ পৰা ধূবুৰীলৈ এই ঘটনাত আয়োজক সমিতি নিন্দিত হোৱাৰ পিছতেই পৰৱৰ্তী সময়ত অ এন জি চিৰ অনুদানেৰে এই মহান পঞ্চ মনীষীৰ প্ৰতিমূৰ্তি জিলা প্ৰশাসনৰ সহযোগত সাহিত্য সভাই দিখৌ দলঙৰ সমীপৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যাণৰ এটা কোনত সংস্থাপিত কৰিলে৷ কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে পৰিকল্পনাবিহীনভাৱে সেই স্থানত সংস্থাপিত কৰা প্ৰতিমূৰ্তিকেইটাৰ অৱস্থা দিনক দিনে অৱৰ্ণনীয় হৈ পৰিছে ৷ বিশেষকৈ পঞ্চ মনীষীৰ প্ৰতিমূৰ্তিৰ ওপৰৰ অংশৰ ৰং এফালৰ পৰা এৰাই বীভৎস ৰূপ ধাৰণ কৰিছে ৷দুয়োফালৰ প্ৰকাণ্ড গছৰ ডাল-পাতে আগুৰি ধৰাৰ ফলত পথৰ কাষৰ পৰা দৃষ্টিগোচৰ নহয় প্ৰতিমূৰ্তি৷ ইয়াৰোপৰি প্ৰতিমূৰ্তিৰ দুয়োকাষে পথৰ ফালে দিনৰ ভাগতেই পথাচাৰীয়ে প্ৰসাৱ কৰাৰ লগতে দুয়োটা অংশত জাবৰ জোঠৰ পেলোৱাৰ ফলত উক্ত অংশতো কাৰ্য্যত উন্মুক্ত ডাষ্টবিনলৈ পৰ্য্যবেশিত হৈছে ৷প্ৰতিমূৰ্তি কেইটাৰ সন্মুখলৈ গৈ কোনো সাহিত্য প্ৰেমীয়ে যদি এগচি বন্তি জ্বলাও বুলি ভাৱে তেন্তে দহ বাৰ চিন্তা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে৷ কাৰণ প্ৰতিমূৰ্তিৰ সন্মুখৰ অংশটো পৰিচয্যাৰ অভাৱত ঘাঁহ-বনেৰে আগুৰি ধৰাৰ ফলত থিয় হব নোৱাৰা অৱস্থা ৷বছৰৰ ১২ মাহ গছৰ ছাঁ পৰি থকাৰ ফলত প্ৰতিমূৰ্তি সংস্থাপন কৰা মূল পিলাৰৰ ৰং এৰাই শেলুৱৈৰ নতুন প্ৰলেপ পৰাৰ লগতে পিছফালৰ অংশটো অধিক অৱৰ্ণনীয় হৈ পৰিছে ৷অথচ সাহিত্য সভা এতিয়া ব্যস্ত হীৰা, ৰত্ন, মুকুতা ইত্যাদি নামেৰে চৰ্বিত চৰ্বনেৰে হস্তীয়া প্ৰচাৰ,ক্ষন্তেকীয়া চমক সৃষ্টিৰে জাতীয় অনুস্থান ধংসকাৰীক বঁটা-বাহন প্ৰদানৰ অঘোষিত প্ৰতিযোগিতাত ৷ইতিমধ্যে শিৱসাগৰত কাললৈ খ্যাতি ৰাখি কাৰ্য্যনিৰ্বাহক সভাত আপ্যায়নৰ সময়ত গাহৰি বিতৰ্কৰে ইতিহাসৰ পাতত নিজৰ নাম খোদিত কৰা সভাই পঞ্চ মণিষীক কি দৰে এই দূৰৱস্থাৰ পৰা উদ্ধাৰ কৰি নতুন ৰূপত পৰ্য্যটক-দৰ্শনাৰ্থী-সাহিত্য প্ৰেমীৰ বাবে আকৰ্ষণীয় কৰি তোলে সেইয়া হব আগন্তক দিনত লক্ষণীয় ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

You might also like