নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছটিএফৰ অভিযানত ৫৮৫ গ্ৰাম সোণৰ লগতে ২২ লাখ ৭০ হাজাৰ টকা উদ্ধাৰ

বিশেষ বাৰ্তা, ১৫ জুলাই : শুকুৰবাৰে এছটিএফৰ ডি আই জি পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত চলা অভিযানত সোণ চোৰৰ এটা বৃহৎ চক্ৰ উৎখাত হয়। অভিযানত ২২ লাখ ৭০ হাজাৰ টকাৰ লগতে ৫৮৫ গ্ৰাম সোণ জব্দ হয়। জানিব পৰা মতে, হিমাংশু পাল নামৰ এজন লোকে মেঘালয়ৰ পৰা গুৱাহাটীলৈ সোণ ক্ৰয়ৰ বাবে আহিছিল। আৰক্ষীৰ হাতত থকা তথ্যৰ ভিত্তিত ML-05U-1216 নম্বৰৰ আই-২০ গাড়ীখন অনুসৰণ কৰিছিল এছটিএফৰ এটা দলে। লালগণেশ আৰু জ্যোতিকুছিৰ মাজত সোণ আৰু ধনৰ লেনদেনৰ সময়তে এছ টি এফৰ উপস্থিতিৰ উমান পাই পলায়ন কৰিছিল আই-২০ গাড়ীখনে। লগতে অন্তৰ্ধান হয় বাইকত অহা এজন যুৱক। খেদি খেদি আৰক্ষীয়ে পুনৰ জ্যোতিকুছিত আগভেটি ধৰে আই-২০ গাড়ীখন। গাড়ীখনত চালকৰ আসনত থকা শ্বিলঙৰ হিমাংশু পালৰ লগতে উদ্ধাৰ হয় ২২ লাখ ৭০ হাজাৰ টকা। এছ টি এফে জিম্মাত লৈ জেৰা চলোৱাত হিমাংশুৱে স্বীকাৰ কৰে কিষাণ কানোৱাৰ কাদেৰ নাম। তাৰ পিছতে এছ টি এফে অভিযান চলাই ভৰলুৰ ভাৰাঘৰৰ পৰা সোণ গলাই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে কাদেক। এছ টি এফে জব্দ কৰা সোণখিনিৰ ওজন ৫৮৫ গ্ৰাম আৰু এছ টি এফৰ দাবী অনুসৰি জব্দকৃত সোণখিনিৰ বজাৰ মূল‍্য প্ৰায় ৩৪ লাখ।

You might also like