প্ৰণৱ চক্ৰৱৰ্ত্তীৰ প্ৰতিবেদনঃ দেৰগাঁৱৰ দুই বান্ধবীৰ জীৱন সংগ্ৰামৰ জীয়া কাহিনীয়ে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ব্যাপক চৰ্চা লাভ কৰিছে সমগ্ৰ অঞ্চল যুৰি।পৰিয়ালৰ কোনো ব্যক্তিৰ উপাৰ্জন নথকা দুগৰাকী শিক্ষিত যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে দেৰগাঁৱত ব্যাপক প্ৰভাৱ পেলাইছে উঠি অহা নৱ প্ৰজন্মৰ মাজত। এটা পেট্ৰল ডিপুত তেল দিয়াৰ কাম কৰে এই দুই বান্ধবীয়ে।দেখাত অতি সাধাৰণ কাম হলেও সাধাৰণতে ল’ৰাবোৰেহে কৰা এই কাম কৰিবলৈ ওলাই আহে যদিও বাধ্যত পৰি ওলাই আহিছে যুৱতী দুগৰাকী। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ যুৱতী দুগৰাকীৰ এগৰাকী দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিডোৱা গাৱঁৰ।নাম তেওঁৰ চিম্পি বৰা। চাৰি মাহৰ পূৰ্বে পিতৃ বিয়োগ হোৱা চিম্পিৰ ঘৰত নাই উপাৰ্জনক্ষম কোনো ব্যক্তি। সাধাৰণ কৃষিকৰ্মৰে চলি থকা পৰিয়ালটোৰ ভনিয়েকসহ বৃদ্ধা মাতৃৰ দায়িত্ব ল’ব লগা হৈছে চিম্পিয়ে। ইপিনে,ব্ৰহ্মপুত্ৰ অঞ্চলৰে কৰৈয়নী গাঁৱৰ অন্যগৰাকী যুৱতীৰ নাম পৰিস্মৃতা বৰা। পিতৃ মাতৃ আৰু ভগ্নীৰে গঠিত পৰিয়ালটোতো নাই ল’ৰা সন্তান। ভনিয়েকক পঢ়ুৱা শুনোৱা আৰু পিতৃ মাতৃক সকাহ দিবলৈ কাম বিচাৰি উলাই আহিছে পৰিস্মিতা। দেৰগাঁও দাধৰা অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰ এটা পেট্ৰল পাম্পত কৰ্তব্য পালন কৰি এতিয়া যুৱতী দুগৰাকীয়ে সুন্দৰ কৈ পৰিয়াল দুটা পোহপাল দিছে। নিজাকৈ উপাৰ্জন কৰি যথেষ্ট সুখী দুই যুৱতী।উল্লেখযোগ্য একাংশ যুৱতীয়ে সামাজিক মাধ্যমত দিন ৰাতি ব্যস্ত হৈ সময় কটোৱাৰ সময়তে একাংশ নিবনুৱা যুৱতীৰ বাবে দুই বান্ধবী হৈ পৰিছে আদৰ্শৰ প্ৰতীক ।কামৰ সৰু বৰ চিন্তা নকৰি এই দুই যুৱতীয়ে দেখুৱা আদৰ্শত সকলোৱে অনুপ্ৰাণিত হৈছে ।