নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰত হস্তী-মানৱৰ সংঘাত-ব্যৱস্থাপনা বিষয়ক বাটৰ নাট সম্পন্ন

নিয়মীয়া বাৰ্তা,  ২৫ জানুৱাৰী : শোণিতপুৰৰ চাৰিদুৱাৰৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি পশ্চিম শোণিতপুৰ আৰু নগাঁও সংমণ্ডল, প্ৰকৃতি সংৰক্ষণৰে জড়িত ডব্লিউ ডব্লিউ এফৰ যৌথ উদ্যোগত  “হস্তী-মানৱৰ সংঘাত আৰু ব্যৱস্থাপনা” বিষয়ক এখন বাটৰ নাট অনুষ্ঠিত কৰা হয় । দিনৰ ১ বজাৰ পৰা বিদ্যালয় চৌহদত উদ্যোক্তাৰ কলা-কুশলীসকলে বৰ্তমান সময়ত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলি থকা বন্যহস্তী-মানৱৰ সংঘাত আৰু জনতাৰ মাজত ইয়াৰ প্ৰভাৱ, সংঘাত দূৰ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ, সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত ৰাইজ, বন বিভাগৰ সেউজ দায়বদ্ধতা আদিৰ বিষয়ে নাটৰ যোগেদি সুন্দৰভাৱে উপস্থাপন কৰে । অনুষ্ঠানত ডব্লিউ ডব্লিউ এফৰ বিষয়ববীয়া ডেভিদ স্মিথৰ লগতে সহযোগীসকল, বিদ্যালয়খনৰ সমূহ শিক্ষাগুৰু, শিক্ষাৰ্থী উপস্থিত থাকে । উল্লেখ্য যে ডব্লিউ ডব্লিউ এফে বন্যহস্তী-মানৱৰ সংঘাতৰ ৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন সময়ত বিভিন্ন স্থানত ৰাজহুৱা সজাগতা সভা, বাটৰ নাট, সজাগতামূলক পুস্তিকা, বেনাৰ বিতৰণ, সৌৰ ফেন্সিং বিতৰণ আৰু সংস্থাপন, হস্তীৰ সমস্যা থকা  অঞ্চলৰ ৰাইজক টৰ্চ আদি সামগ্ৰী বিতৰণ,  কৰ্মশালা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰাৰ  প্ৰচেষ্টা হাতত লৈ অহা পৰিলক্ষিত হৈছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like