বিশেষ বাৰ্তা, ১৩ জুন : নগাঁও চহৰৰ অগ্ৰণী চিত্ৰাংকন বিদ্যালয় প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ কৃতিত্ব। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে ৷ নগাঁও চহৰৰ আমোলাপট্টিত থকা প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ ৯৮গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন শাখাত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ মুম্বাইৰ “সংস্কৃতি আৰ্টৰ“ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অনলাইনযোগে আয়োজিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত নগাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছিল ৷ “ইন্দ্ৰধনুচ ২০২৩“ শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতাখনি যোৱা ৩০ এপ্ৰিলত অনুষ্ঠিত হৈছিল ৷ এই প্ৰতিযোগিতাখনিত আটাইতকৈ বেছিসংখ্যক পুৰস্কাৰ নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিবলৈ সক্ষম হয় ৷ পুৰস্কাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে মেডেল আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷ চহৰখনত থকা প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ চৌহদত অধ্যক্ষ প্ৰদীপ মজুমদাৰ, অভিভাৱকসকলৰ উপস্থিতিত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক লৈ এক শুভেচ্ছামূলক অনুষ্ঠান অনুষ্ঠিত হয় ৷
প্ৰেৰক কনক হাজৰিকা