নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগমনিত ৮ বছৰে কাৰ্যক্ষম নহ’ল উপ-স্বাস্থ্যকেন্দ্ৰ

🔴 মাকৈৰ ভঁৰালত পৰিণত উপ-স্বাস্থ্যকেন্দ্ৰ 

নিয়মীয়া বাৰ্তা, ১৪ জুলাই : বগাহাতীত পৰিণত হৈছে ২০১৫ চনতে নিৰ্মাণ কৰা এটা উপ-স্বাস্থ্যকেন্দ্ৰ । ধুবুৰী জিলাৰ আগমনিৰ ঝাপুচাবাৰী পঞ্চম খণ্ড গাঁৱত নিৰ্মাণ কৰা উপ-স্বাস্থ্যকেন্দ্ৰটোত নাই কোনো চিকিৎসক বা চিকিৎসা কৰ্মী । বন-জংঘলে আৱৰি থকা ভগা-ছিঙা উপ-স্বাস্থ্যকেন্দ্ৰটোত চিকিৎসাৰ পৰিৱৰ্তে কৃষকৰ ভঁৰাল হিচাপে ব্যৱহাৰ কৰিছে গাঁওবাসীয়ে । উল্লেখ যে বৰহৰিৰধাম, মালিপাৰা, ঝাপূচাবাৰী গাঁওকে ধৰি তিনি-চাৰিখন গাঁৱৰ দুখীয়া আৰু কৃষক ৰাইজক চিকিৎসা প্ৰদানৰ বাবে ২০১৫ চনত ঝাপুচাবাৰী পঞ্চম খণ্ড গাঁৱত এটা উপ-স্বাস্থ্যকেন্দ্ৰ স্থাপন কৰিছিল । কেন্দ্ৰটো স্থাপন কৰা মাটিৰ গৰাকীৰ পৰিয়ালক এটা চৰকাৰী চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দি তেতিয়াৰ চৰকাৰে কেন্দ্রটোৰ গৃহ নিৰ্মাণ কৰিছিল যদিও তেতিয়াৰ পৰা তাত কোনো চিকিৎসক বা চিকিৎসাকৰ্মী নিয়োগ নকৰাত বন-জংঘলে আগুৰি ধৰিছে । ইপিনে, উপ-স্বাস্থ্যকেন্দ্ৰটো কাৰ্যক্ষম হৈ নুঠাত গাঁওবাসীয়ে চিকিৎসাৰ ক্ষেত্ৰত ১২/১৪ কিলোমিটাৰ দূৰত্বৰ আগমনি বা সত্ৰশালৰ চিকিৎসাকেন্দ্ৰলৈ যাব লগা হয় । সেয়ে পৰিত্যক্ত উপ-স্বাস্থ্যকেন্দ্ৰটো অতি সোনকালে কাৰ্যক্ষম কৰি দুখীয়া ৰোগীসকলক সহজতে চিকিৎসা প্ৰদান কৰিবলৈ গাঁওবাসীয়ে দাবী জনাইছে ।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like