কাজিৰঙাত উৰণ কৰিড’ৰৰ নির্মাণ ত্বৰান্বিত কৰিবলৈ নির্দেশ ছুপ্রিম ক’ৰ্টৰ
বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ বন্যপ্ৰাণীক সুৰক্ষা প্ৰদানৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপৰেদি নিৰ্মাণ কৰিব লগীয়া ৩৪.২৮ কিলোমিটাৰব্যাপী উৰণীয়া কৰিডৰৰ নিৰ্মাণকাৰ্য ত্বৰান্বিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ প্ৰদান কৰিছে। এইক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহক ঘাইপথ প্ৰাধিকৰণক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি ন্যায়ালয়ে আশা ব্যক্ত কৰে। লক্ষ্যনীয়ভাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কীয় এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানী গ্ৰহণ কৰি ন্যায়াধীশ বি আৰ গাবাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে কাজিৰঙাৰ বন্যপ্ৰাণীক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰৰ লগতে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে প্ৰদান কৰা শপতনামাকলৈ সন্তোষ ব্যক্ত কৰে। উল্লেখ্য যে চলিত বছৰৰ ১৩ মাৰ্চৰ শুনানীকালত ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰে প্ৰদান কৰা শপতনামাক কোৱা হৈছে যে কাজিৰঙাৰ উৰণীয়া কৰিডৰৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বিস্তাৰিত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰি আছে তথা কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে উক্ত প্ৰকল্পক ‘অগ্ৰাধিকাৰ’ প্ৰদান কৰা প্ৰকল্পৰ তালিকত সন্নিবিষ্ট কৰিছে। ৰাজ্য চৰকাৰৰ শপতনামাত প্ৰকাশ পোৱা মতে, নেচনেল বৰ্ড ফৰ ৱাইল্ডলাইফে ইতিমধ্যে উক্ত প্ৰকল্পৰ বাবে ২০ হেক্টৰৰ বনভূমিত নিৰ্মাণকাৰ্য চলাবলৈ অনুমতি প্ৰদান কৰিছে। মন কৰিব লগীয়া যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বেত প্ৰকাশ কৰা মতে, বন্যপ্ৰাণীক অবাধ বিচৰণৰ সুযোগ দিয়াৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উৰণীয়া কৰিডৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫,৫০০ কোটি টকা অনুমোদন জনাইছে। ৭১৫নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ মুঠ তিনিটা স্থানত ৩৪.২৮ কিলোমিটাৰৰ উৰণীয়া সেতু নিৰ্মাণ লগতে দুটা সুৰংগও নিৰ্মাণ কৰা হব। প্ৰকল্পটোক বন্যপ্ৰাণী উপযোগী কৰি তোলাৰ বাবে দেৰাদুনস্থিত ৱাইল্ডলাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াৰকো সামৰি লোৱা হৈছে। উল্লেখ্য যে বিৰল এশিঙীয়া গড়ৰ বিচৰণভূমি কাজিৰঙাত থকা অবৈধ খণনকাৰ্য ৰোধ কৰিবলৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা পূৰ্বৰ নিৰ্দেশ পালন কৰা বুলি কাৰ্বি আংলং স্বায়ত্ত্বাশাসিত পৰিষদে ন্যায়ালয়ত শপতনামা দাখিল কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ন্যায়াধীশ গাবাই আৰু বিশ্বনাথনৰ বিচাৰপীঠে আজি স্বায়ত্ত্ব পৰিষদৰ শলাগ লয়।
প্ৰেৰক কল্লোল ভৌমিক