নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লংনিত নৈৰ প্ৰবল সোঁতত উটি গ’ল কিশোৰ

🔹 কাৰ্বি আংলঙত শোকাৱহ ঘটনা

বিশেষ বাৰ্তা, ১৮ জুন : কাৰ্বি আংলঙৰ বনভোজথলীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । সমনীয়াৰ স’তে গা ধুবলৈ গৈ নৈৰ প্ৰবল সোঁতত উটি গ’ল এজন কিশোৰ । তাৰ পাছৰে পৰা কোনো সন্ধান নাই কিশোৰজনৰ । প্ৰাপ্ত খবৰ মতে, পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মাঞ্জা আৰক্ষী থানাৰ অন্তৰ্গত শিলনীত লংনিত নৈত গা ধুবলৈ গৈছিল ডিফুৰ পাণবাৰী নিবাসী কনক বসুমতাৰীৰ পুত্ৰ ৰৌচন বসুমতাৰী । লগৰীয়াৰ লগত গা ধুই থাকোঁতে লংনিত নৈত প্ৰবল সোঁতত উটি যায়  ৰৌচন । লগে লগে চৌদিশে হুৱা-দুৱা লাগি পৰাত বন বিভাগ আৰু মাঞ্জা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত লংনিত নৈত উদ্ধাৰ অভিযান অব্যাহত ৰাখে। সোমবাৰে বিয়লি প্ৰায় ২ বাজি ৩০ মিনিটত সংঘটিত হয় এই ঘটনা ।

প্ৰেৰক ৰাজু কাঠাৰ

You might also like