নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়াৱহ তাপ দহনৰ কবলত দেশৰ ৬ ৰাজ্য, ৰাজস্থানৰ চহৰত তাপমাত্রা ৪৭ ডিগ্রী

উত্তৰ–পূব ভাৰতত অব্যাহত থাকিব তাপপ্রৱাহ

ভয়াৱহ তাপ দহনৰ কবলত দেশৰ ৬ ৰাজ্য, ৰাজস্থানৰ চহৰত তাপমাত্রা ৪৭ ডিগ্রী

নিউজ ডেস্ক, ১১ জুন : প্রচণ্ড তাপ দহনৰ গ্রাসত পৰিছে ভাৰত৷ বিশেষকৈ উত্তৰ ভাৰতজুৰি আৰম্ভ হৈছে দেই পুৰি যোৱা গৰম৷ দেশৰ ৬ ৰাজ্যৰ ১৮খন চহৰত ইতিমধ্যে তাপমাত্রাই ৪৫ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিছে৷

পৰিস্থিতি এনে পর্যায় পাইছে যে তাপপ্রৱাহৰ সতর্কতা জাৰি কৰিবলগীয়া হৈছে৷ কোনো চহৰত যদি তাপমাত্রা ৪৫ ডিগ্রী চেলছিয়াছ, কোনো চহৰত আকৌ ৪৬ ডিগ্রী চেলছিয়াছ৷ ৰাজস্থানৰ শ্রীগংগানগৰ চহৰত তাপমাত্রাই ৪৭ ডিগ্রী অতিক্রম কৰিছে৷ এয়া এক অভিলেখ হিচাপে চিহ্ণিত হৈছে ৰাজস্থানৰ চহৰখনত৷

ৰাজস্থান, মধ্যপ্রদেশ, হাৰিয়ানা, উত্তৰ প্রদেশ, দিল্লী আৰু ওড়িশাত ইতিমধ্যে সতর্ক বার্তা জাৰি কৰা হৈছে৷ তাপপ্রৱাহে এই ৰাজ্যকেইখনত পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিব বুলি আজি সতর্ক বার্তা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে৷

ইফালে, দিল্লী, দেশৰ ৰাজধানী মহানগৰ অঞ্চল (এনচিআৰ), পঞ্জাব, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্রদেশ আৰু উত্তৰ প্রদেশৰ অধিকসংখ্যক জিলাতেই এই তাপপ্রৱাহৰ মোকাবিলা কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্রহণ কৰা হৈছে৷

দিল্লীত সর্বোচ্চ তাপমাত্রা আছিল ৪৫ ডিগ্রী চেলছিয়াছ৷ আগন্তুক দুদিনলৈ এই ৰাজ্যসমূহত তাপপ্রৱাহ বৃদ্ধি পাই থাকিব৷ সেইদৰে উত্তৰ–পূব ভাৰতৰ ৰাজ্যসমূহতো আগন্তুক তিনি দিনলৈ তাপ দহন অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে৷

জম্মু–কাশ্মীৰৰ কিছু অংশতো আজি তাপপ্রৱাহৰ সতর্কবাণী জাৰি কৰা হৈছে৷ ৰাজস্থানত তাপপ্রৱাহৰ তীব্রতা বৃদ্ধি পাই থাকিব বুলি আশংকা কৰিছে বতৰ বিজ্ঞান বিভাগে৷ ৰাজ্যখনৰ পশ্চিম প্রান্তৰ জিলাসমূহত ইতিমধ্যে পৰিস্থিতি জটিল হৈ পৰিছে৷

জৰুৰী কাম নাথাকিলে জনসাধাৰণক ঘৰৰ বাহিৰলৈ নোলাবলৈ নির্দেশ দিছে প্রশাসনে৷ ইফালে, প্রচণ্ড তাপপ্রৱাহৰ মাজতে কর্ণাটক, কেৰালা, তেলেংগানা, অন্ধ্রপ্রদেশ, মহাৰাষ্ট্র, গোৱা, ছত্তিশগড়, ঝাৰখণ্ড আদি ৰাজ্যত মুষলধাৰ বৃষ্টিপাতৰ লগতে ধুমুহা আৰু বজ্রপাতে পৰিস্থিতি জটিল কৰি তুলিব পাৰে বুলি সতর্কবাণী কৰিছে বতৰ বিজ্ঞান বিভাগে৷

You might also like