নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলোপতিত চুৰি সামগ্ৰী বেচিবলৈ গৈ ধৰা পৰিল চোৰ

নিয়মীয়া বাৰ্তা, ১ জুন : বৰপেটাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত আলোপতিত চুৰিকাণ্ড সংঘটিত কৰা বাবে এটা চোৰক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক | আনহাতে চুৰি কাণ্ড বন্ধ কৰক, লুটপাত বন্ধ কৰক, দোষীক শাস্তি দিয়ক, ভুক্তভোগী ৰাইজক ন্যায় দিয়ক আদি বিভিন্ন  শ্ল’গানেৰে ৰাইজে প্ৰতিবাদো সাব্যস্ত কৰে | স্মৰ্তব্য যে চেঙা সমষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত আলোপতি অঞ্চলত বিগত কিছুদিন ধৰি বাঢ়িছে চোৰৰ তাণ্ডৱ | মছজিদত থকা বেটাৰীকে আদি কৰি প্ৰায় ৪০ৰ পৰা ৫০খন চিলিং ফেন, বিদ্যুতৰ তাঁৰ আৰু অঞ্চলৰ কেইবাটাও দুখীয়া পৰিয়ালৰ খেতিৰ মটৰ তথা ৰাইচ মিলৰ এটা ডাঙৰ মটৰ চোৰে নিছিল | বজাৰত চুৰি সামগ্ৰী বেচিব লওঁতেই এটা চোৰক অঞ্চলটোৰ ৰাইজে কৰায়ত্ত কৰি আলোপতি আৰক্ষী থানাত গতাই দিয়ে। চোৰটো আলোপতিচৰ গাঁৱৰ জায়েদ আলীৰ পুত্ৰ কবিৰ হুছেইন | ধৃত চোৰটোৱে চুৰি কৰা বুলি স্বীকাৰোক্তিও দিয়ে আৰু তেওঁৰ লগত আৰু ৫/৬জন জড়িত থকা বুলিও স্বীকাৰোক্তিত উল্লেখ কৰে | ঘটনাক লৈ আলোপতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ৰাইজৰ দাবী- দোষীক উচিত শাস্তি বিহিব লাগে আৰু ভুক্তভোগীক ন্যায় প্ৰদান কৰিব লাগে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like