🔹 জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত ‘ৰঙালী’ৰ বাকৰি
🔹 অসমৰ সাংস্কৃতিক বৈচিত্ৰ্যত মুগ্ধ দাক্ষিণাত্যৰ সংগীত পৰিচালক দেৱী শ্ৰী প্ৰসাদ
বিশেষ বাৰ্তা, ২৩ জুন : যোৱা দুদিন ধৰি জনসমুদ্ৰত পৰিণত হোৱা ৰঙালীৰ বাকৰিত আজি তৃতীয় তথা অন্তিম দিনটোও পৰ্যটকসকলে ৰং-ৰহইচেৰে অতিবাহিত কৰা দেখা গ’ল। আজিৰ মুখ্য আকৰ্ষণ আছিল দাক্ষিণাত্যৰ ব্লকবাষ্টাৰ পুষ্পা ছবিৰ সংগীত পৰিচালক দেৱী শ্ৰী প্ৰসাদ। তেওঁৰ এই সাংস্কৃতিক আগমনক দক্ষিণ ভাৰত আৰু অসমৰ মাজৰ সাংস্কৃতিক সমন্বয় বুলি মন্তব্য আগবঢ়ায় সংগীত পৰিচালকজনে। এই সকলোবোৰ দেখি তেওঁ অভিভূত হৈ পৰা বুলি জানিবলৈ দিয়ে। অসমলৈ আহি এনে এটা অনুষ্ঠানৰ অভিজ্ঞতা হ’ব বুলি শ্ৰী প্ৰসাদে কল্পনাও কৰা নাছিল বুলি কোৱাৰ লগতে অসমীয়া সংস্কৃতিক আৰু অধিক ভালকৈ জানিবলৈ এই সংস্কৃতিৰ অন্বেষণ কৰিব বিচাৰে বুলিও বিশিষ্ট সংগীত পৰিচালকজনে মন্তব্য কৰে। ৰঙৰ আলি ৰঙালীলৈ অসমৰ বিভিন্ন জাতীয় সংগঠন, ছাত্ৰ সংগঠন, উন্নয়ন পৰিষদ, অসম চৰকাৰ আৰু বিশেষকৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা অভূতপূৰ্ব সঁহাৰি পোৱা দেখা গ’ল। তেওঁলোকৰ সহযোগিতাৰ বাবে অসমৰ প্ৰায়বোৰ জাতি-জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শন ৰঙালী ফক ষ্টেজৰ অন্যতম আকৰ্ষণ হৈ ৰ’ল। এইবাৰ দৰ্শকসকলক লোকমঞ্চত প্ৰতিদিনেই চুতীয়াসকলৰ পানীতোলা নৃত্য, যঁজা নৃত্য, হুৰাই ৰাঙলী নৃত্য, মৰাণ-মটকসকলৰ কুলাবুঢ়ী নাচ, লগ বিহু, গছ তলৰ বিহু, চাহ জনগোষ্ঠীৰ ঝুমুৰ, মিচিংসকলৰ গুমৰাগ, বড়োসকলৰ দাহাল, তিৱাসকলৰ বাঁহ নৃত্য, দেশীসকলৰ প্ৰদৰ্শন, তেজপুৰীয়ান থেছপিয়ানৰ প্ৰদৰ্শনৰ সন্মুখত ভিৰ কৰা দেখা গ’ল। নিজৰ সন্তানক লগত লৈ প্ৰতিদিনেই ৰঙালীলৈ অহা নিৰুপমা দত্ত, ববী বৰা আৰু চিম্পী শৰ্মাই মন্তব্য কৰে- “এইবাৰেই আমি প্ৰথম ৰঙালীলৈ আহিছোঁ। ৰঙালীৰ কথা শুনি আছিলোঁ যদিও ভালকৈ নাজানিছিলোঁ। এইবাৰ আহি ফক ষ্টেজত অলপ চাওঁ বুলি ৰৈ ৰাতি দহ বজালৈকে উঠি যাব নোৱাৰিলোঁ। আজি একেবাৰে শেষ কৰিহে যাম। ল’ৰা-ছোৱালীকেইটাৰ পৰীক্ষাৰ বিৰতিৰ মাজতে লৈ আনিছোঁ। অসমৰ ইমান ধুনীয়া সংস্কৃতিৰ প্ৰদৰ্শন দেখি আমি অভিভূত হৈ পৰিছোঁ। ৰঙালীক ধন্যবাদ দিছোঁ। আমি এতিয়া প্ৰতিবছৰেই আহিম।” থলুৱা সামগ্ৰীৰ বজাৰ আৰু মাল্টিকুইজিন ফুড কৰ্টত চলোৱা এক সমীক্ষাৰ দ্বাৰা বুজা গ’ল যে জুন মাহৰ গৰমকো নেওচি ৰঙালীৰ থলীত থলুৱা তথা আন সামগ্ৰীৰ বিক্ৰীয়ে ৰেকৰ্ড গঢ়ে। একো একোখন খাদ্য সামগ্ৰীৰ দোকানত লাখৰো অধিক বিক্ৰী হোৱা বুলি জানিবলৈ পোৱা গৈছে।
এই বিপণীসমূহত মানুহৰ সমাগমত নিশাৰ ভাগলৈ গ্ৰাহকক খাদ্য যোগান ধৰিবলৈ বিক্ৰেতাসকল অপাৰগ হৈ পৰে। চুতীয়া আখলৰ খাদ্য আৰু আন আন পৰম্পৰাগত খাদ্যৰ সোৱাদ ল’বলৈ মানুহক অত্যন্ত আগ্ৰহী দেখা গ’ল। একেদৰে বস্ত্ৰৰ বিপণীসমূহতো মানুহৰ সমাগম দেখা গ’ল। থলুৱা সামগ্ৰীৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহে থলুৱা উদ্যোগীসকলক উৎসাহিত কৰি তুলিলে। যোৱা তিনিদিনে পৰ্যটকসকলৰ নয়নৰ মণি হৈ উঠা পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া আছিল ৰঙালীৰ আকৰ্ষণৰ এক অন্যতম কেন্দ্ৰবিন্দু। সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত চিৰসেউজ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ লগতে সংগীত পৰিচালক দেৱী শ্ৰী প্ৰসাদৰ উপস্থিতিয়ে বৃহৎ ভিৰৰ সৃষ্টি কৰিলে। অসমৰ গায়িকা অভিশ্ৰুতি বেজবৰুৱা, প্ৰিয়ংকা ভৰালী, কলৰৱ বেণ্ড, অসমৰ জনপ্ৰিয় ৰেপাৰ শ্বেডী মেল’, নালায়ক, ড° দপ, হাফলং কৰেল হাৰমৰ্ণিৰ লগতে ফেশ্বন শ্ব’ত সকলোকে আকৰ্ষণ কৰে গৰিমা শইকীয়া গাৰ্গ, কৰবী বৰুৱা দত্ত, জিংকু খাউণ্ড আৰু ইণ্ডিয়ান ৱেভাৰছ এলায়েন্সৰ প্ৰদৰ্শনে। আজি সামৰণী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই শ্যামকানু মহন্তৰ নেতৃত্বত হোৱা এই সাংস্কৃতিক আৰু উদ্যমিতাৰ আন্দোলনক অসমৰ বাবে অতি প্ৰয়োজনীয় আছিল বুলি মন্তব্য কৰে। লগতে তেওঁ কল্যাণ চক্ৰৱৰ্তীৰ নেতৃত্বত সাংস্কৃতিক পৰিক্ৰমা বিভাগে কৰা অকুণ্ঠ সহযোগিতাক প্ৰশংসা কৰে। আজি অনুষ্ঠানত আছুৰ সভাপতি উৎপল শৰ্মা, চাহ জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালা, মটক উন্নয়ন পৰিষদ, মৰাণ উন্নয়ন পৰিষদ, চুতীয়া উন্নয়ন পৰিষদৰ নেতৃত্বক সম্বৰ্ধনা জনোৱা হয়। আছুৰ সভাপতি উৎপল শৰ্মাই ৰঙালী এটা বৃহৎ প্ৰগতিশীল চিন্তাধাৰাৰ এক আন্দোলন হৈছে বুলি প্ৰশংসা কৰে। আয়োজক শ্যামকানু মহন্তই ৰঙালীৰ সফল পৰিসমাপ্তিৰ বাবে প্ৰতিজন দৰ্শক, সহযোগিতাৰ বাবে সাংবাদিক বন্ধুসকল, অসমৰ বিভিন্ন জাতীয় সংগঠন, ছাত্ৰ সংগঠন, উন্নয়ন পৰিষদ, অসম চৰকাৰ আৰু বিশেষকৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। লগতে ৰঙালী সমন্বয় তথা উদ্যমিতাৰ বাবে ৰাইজৰ প্ৰচেষ্টা বুলি উল্লেখ কৰে। দ্বীপেন বৰুৱাক ৰঙালীৰ মঞ্চত জীৱনজোৰা বঁটাৰে সন্মানিত কৰাৰ লগতে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ ৰঙালীত প্ৰদৰ্শন ৰঙালীৰ এক অনন্য প্ৰাপ্তি বুলি মহন্তই জনায়। ভূপেন হাজৰিকাৰ সপোনৰ অসমখনক আদৰ্শ হিচাপে লৈ ৰঙালী আগবাঢ়িছে বুলি উল্লেখ কৰে।