🔹 কোনে মাৰিব শেষ হাঁহি !
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চ : নিৰ্বাচনলৈ প্ৰায় ডেৰ মাহৰো অধিক দিন বাকী যদিও এতিয়াৰে পৰা ধুবুৰী লোকসভা সমষ্টিৰ সম্ভাব্য বিজয়ীক লৈ স্থানীয় ৰাজনৈতিক শিবিৰে শিবিৰে আৰম্ভ হৈছে গুণা-গঁথা। উল্লেখ্য যে সমষ্টিটোত শাসকীয় মিত্ৰজোঁট অগপই জাভেদ ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে থিয় হৈছে চামগুৰিৰ বিধায়ক তথা দলটোৰ এগৰাকী জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন। আনহাতে, ধুবুৰী লোকসভা সমষ্টিৰ তিনিবাৰৰ সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলে এইবাৰ চতুৰ্থবাৰৰ বাবে দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হৈছে। অৱশ্যে ধুবুৰী লোকসভা সমষ্টিৰ জনবিন্যাসৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ দৰেই এইবাৰো ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন এআইইউডিএফ আৰু কংগ্ৰেছ দলৰ মাজতেই সীমাবদ্ধ থাকিব বুলি পূৰ্বানুমান কৰা হৈছে। অৱশ্যে মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামেই এইবাৰ ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলৰ সমীকৰণত খেলিমেলি লগোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।বৰপেটাৰ সাংসদ তথা এইবাৰ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী আব্দুল খালেকে প্ৰাৰ্থিত্ব নাপাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছত ধুবুৰীৰ নিৰ্বাচনী অংক কিছু সলনি হোৱাৰ এক সম্ভাৱনাৰ সৃষ্টি হৈছে। সমান্তৰালকৈ ধুবুৰীৰ পৰা দলীয় টিকট বিচাৰি ব্যৰ্থ হ’বলগীয়া হোৱা দক্ষিণ শালমাৰাৰ বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ৱাজেদ আলী চৌধুৰীকে ধৰি তেওঁৰ অনুগামীসকলে ধুবুৰীৰ কংগ্ৰেছৰ দলীয় প্ৰাৰ্থীগৰাকীক কিমান আন্তৰিকতাৰে আদৰি লয়, সেয়াও নিৰ্বাচনী ফলাফলত প্ৰভাৱ পেলাব বুলিও মত প্ৰকাশ কৰিছে স্থানীয় একাংশ ৰাজনৈতিক বিশ্লেষকে। ইয়াতে উল্লেখনীয় এয়াও যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰপেটা লোকসভা সমষ্টিৰ চেঙা আৰু জনিয়া বিধানসভা সমষ্টিৰ উপৰি পূৰ্বৰ মাণিকপুৰ বিধানসভাৰ ঠাইত নতুনকৈ গঠিত সৃজনগ্ৰাম বিধানসভা সমষ্টি ২নং ধুবুৰী লোকসভা সমষ্টিত চামিল কৰা হৈছে। উল্লেখ্য যে ধুবুৰী লোকসভা সমষ্টিত চামিল হোৱা এই তিনিটা বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা ৭ লাখৰো অধিক। তাৰেই পৰিপ্ৰেক্ষিতত ক’ব পাৰি যে নতুনকৈ চামিল হোৱা এই তিনিটা বিধানসভাৰ প্ৰায় ৭ লাখ ভোটাৰে এইবেলিৰ লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত এক নিৰ্ণায়ক ভূমিকা লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ধুবুৰী লোকসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা প্ৰায় ২৭ লাখৰ ওচৰা-উচৰি হৈছেহি। নিশ্চিত নহয় যদিও একাংশৰ অনুমান অনুসৰি বৰ্তমানে লোকসভা সমষ্টিটোৰ ধৰ্মীয় সংখ্যলঘু ভোটাৰৰ সংখ্যা প্ৰায় ৮১ শতাংশ ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী