সোণাই-ৰূপাই অভয়াৰণ্যত প্ৰথমবাৰলৈ কেমেৰাত বন্দী ঢেঁকীয়াপতীয়া বাঘ
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ মিছামাৰীস্থিত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত শেহতীয়াকৈ পোহৰলৈ আহিছে ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণ। জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ অভয়াৰণ্যত প্ৰথমবাৰৰ বাবে ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণক লৈ চৰকাৰ আৰু প্ৰকৃতিপ্ৰেমীসকল উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে৷ তেজপুৰৰ সৰ্প বান্ধৱ সৌৰভ বৰকটকী, প্ৰকৃতিমূলক সংস্থা ‘সেউজ ছচাইটী’ৰ সভাপতি সঞ্জয় বৰুৱা, ‘প্ৰকৃতি’ গোটৰ সভাপতি টুটুমণি কলিতা আৰু সম্পাদক মচিনুৰ ৰহমান, পৰিৱেশ কৰ্মী বাপধন দাস, চেভ আৱাৰ ষ্ট্ৰিট দগ আসামৰ তেজপুৰ শাখাৰ প্ৰমুখ ইটালী দাসকে প্ৰমুখ্য কৰি শোণিতপুৰৰ প্ৰকৃতিপ্ৰেমী সকলৰ মাজত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। ৰাজ্যখনৰ প্ৰকৃতিপ্ৰেমীসকলৰ সমান্তৰালকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো উক্ত বার্তা লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰে আৰু ইয়াৰ বাবে বনকৰ্মীসকলৰ প্ৰয়াসৰ শলাগ লোৱাৰ খবৰ পোৱা গৈছে। উল্লেখ্য যে ২০২৪ৰ বিদায়ৰ সন্ধিক্ষণত সোণাই-ৰূপাইত বন্যপ্ৰাণী অভয়াৰণ্যত ঢেঁকীয়াপতীয়া বাঘ (বেংগল টাইগাৰ)ৰ অৱস্থিতি প্ৰথমবাৰলৈ কেমেৰাত আৱদ্ধ হৈছে। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ উপগ্ৰহীয় ক্ষেত্রই সামৰি লৈছে সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ এটা অংশ। সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ ২২০ বর্গকিলোমিটাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ উপগ্ৰহীয় সীমাৰ ভিতৰুৱা কৰা হৈছিল আৰু ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণৰ উপযোগী বাবেই এইখন অভয়াৰণ্যক গুৰুত্বপূৰ্ণভাৱে বিবেচনা কৰা হৈছে। অলপতে অভয়াৰণ্যৰ ভিতৰত স্থাপন কৰা কেমেৰাত এটা ঢেঁকীয়াপতীয়া বাঘৰ অৱস্থিতি ধৰা পৰিছিল। অভয়াৰণ্যখনৰ ভিতৰত সংস্থাপিত কেমেৰাই সংগ্ৰহ কৰা ঢেঁকীয়াপতীয়া বাঘটোৰ দুখন আলোকচিত্র ইতিমধ্যে নামেৰী ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই ৰাজহুৱা কৰিছে। ইয়াৰ পাছতে ৰাজ্যৰ বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়েও এই বার্তা সামাজিক মাধ্যমৰ জৰিয়তে ৰাইজক জানিবলৈ দিয়ে আৰু ইয়াক সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ সংৰক্ষণৰ বাবে বিগত সময়ত গ্রহণ কৰা ব্যৱস্থাৰ প্ৰতিফলন বুলিও উল্লেখ কৰে। মন কৰিবলগীয়া যে সোণাই-ৰূপাই অভয়াৰণ্যত এয়ে প্রথমবাৰলৈ ঢেঁকীয়াপতীয়া বাঘৰ আলোকচিত্র আৰু অভয়াৰণ্য খনত সংস্থাপিত কেমেৰাই ধৰি ৰখা বুলি জানিবলৈ দিছে৷ অৱশ্যে সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত আজিৰ পৰা আঠ বছৰৰ পূৰ্বেও ঢেঁকীয়াপতীয়া বাঘৰ পদচিহ্ন পৰিলক্ষিত হৈছিল বুলি বন কৰ্তৃপক্ষ আৰু প্ৰকৃতিপ্ৰেমী সকলে জানিবলৈ দিছে ৷
প্ৰেৰক বগা তপ্ন