নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিৱা জনজাতিৰ সমস্যা সমাধানত ড০ শৰ্মা চৰকাৰৰ আগ্ৰহক আদৰণি তিৱা ছাত্ৰ সন্থাৰ

🔹 দিছপুৰত মন্ত্ৰী ডাঃ ৰণোজ পেগু-তিৱা ছাত্ৰ সন্থাৰ যোগাত্মক আলোচনা

বিশেষ বাৰ্তা, ২৫ জুলাই : তিৱা জনজাতিৰ মৌলিক সমস্যা সমাধানৰ ক্ষেত্ৰত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যোগাত্মক পদক্ষেপক উষ্ম আদৰণি জনাইছে সদৌ তিৱা তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বই। দিছপুৰত ২৪ জুলাইত অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সদৌ তিৱা ছাত্ৰ সন্থাৰ মাজত অনুষ্ঠিত এখন বৈঠকত তিৱা জনজাতিৰ মৌলিক সমস্যা সমাধানৰ নিমিত্তে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। আলোচনাত অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ শীর্ষ বিষয়াসকলৰ লগতে সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা বিমল আমছি, সভাপতি অনিৰুদ্ধ মিথি, সাঃ সম্পাদক প্রশান্ত মচৰং আৰু কেন্দ্রীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আজি সদৌ তিৱা ছাত্ৰ সন্থাই এখন সংবাদ মেল অনুষ্ঠিত কৰি কয় যে তিরা স্বায়ত্ত পৰিষদক সাংবিধানিক মর্যাদা প্রদান কৰা সন্দৰ্ভত অসম চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা বুলি মন্ত্রী ৰণোজ পেগুৱে জানিবলৈ দিয়ে। পৰিষদক সাংবিধানিক মর্যাদা প্রদান কৰা সন্দৰ্ভত আৰু কাৰ্বি আংলঙত বসবাস কৰা তিৱাসকলৰ বাবে আঞ্চলিক পৰিষদৰ লগতে মেঘালয়ত বসবাস কৰা তিৱাসকলক জনজাতিৰ মর্যাদা প্রদান কৰা সন্দর্ভত ৪ আগষ্টত সদৌ তিৱা ছাত্ৰ সন্থাৰ এটি সঁজাতী দলে নতুন দিল্লীলৈ গৈ কেন্দ্রীয় জনজাতি পৰিক্ৰমা মন্ত্রীক সাক্ষাত কৰিব। দ্বিতীয়তে, তিৱা স্বায়ত্ত পৰিষদৰ পৰা নিৰ্বাচনৰ সময়ত বাদ পৰি ৰোৱা তিৱা তথা জনজাতি অধ্যুষিত গাঁওসমূহ পৰিষদত অন্তৰ্ভুক্ত কৰাৰ লগতে নগাঁও জিলা এটা আৰু ধেমাজিত বসবাস কৰা তিৱাসকলৰ কাৰণে এটা নতুনকৈ পৰিষদীয় সমষ্টি বৃদ্ধি কৰাৰ বাবে শীঘ্রে যাৱতীয় ব্যৱস্থা গ্রহণৰ সিদ্ধান্ত কৰা হয়। লগতে ১৯৯৫ চনত তিৱা পৰিষদ গঠনৰ সময়ত যিসকল বৈধ নাগৰিক তিৱা পৰিষদৰ ভিতৰত অন্তর্ভুক্ত হৈছিল, তেনে বৈধ লোকসকলক লৈ তিৱা স্বায়ত্ত পৰিষদৰ ভোটাৰ তালিকা প্রস্তুত কৰি তিৱা পৰিষদৰ সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণৰ বাবে আজি সিদ্ধান্ত কৰা হয়। এই সন্দর্ভত তিৱা স্বায়ত্ত পৰিষদ আৰু তিৱা জাতীয় সংগঠনসমূহে সংশ্লিষ্ট জিলা আয়ুক্তসকলৰ লগত আলোচনা মর্মে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিবৰ বাবে অসম চৰকাৰে যাৱতীয় নির্দেশনা প্রেৰণ কৰিবলৈ সিদ্ধান্ত কৰে। তিৱা মাধ্যমত প্রাথমিক বিদ্যালয়সমূহত পাঠদান কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে অহা ৩০ জুলাইৰ ভিতৰত প্রাথমিক বিদ্যালয়সমূহ নিৰ্বাচনৰ বাবে সিদ্ধান্ত কৰা হয়। তিৱা ভাষা জনা আৰু বর্তমানে শিক্ষকতা কৰি থকা তিৱা শিক্ষকসকলৰ এখন তালিকা প্রস্তুত কৰি শীঘ্রে প্রয়োজনীয় প্রাথমিক বিদ্যালয়সমূহ মকৰল কৰি তিৱা মাধ্যমত প্রাথমিক বিদ্যালয়সমূহত পাঠদান কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত কৰা হয়। তদুপৰি তিৱা ভাষা শিক্ষকৰ বাবে বিশেষ টেট পৰীক্ষা বৰ্তমানৰ শিক্ষাবৰ্ষত অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্রহণৰ বাবে প্রতিশ্রুতি প্রদান কৰে। ইতিমধ্যে জনজাতি খণ্ড আৰু আবেষ্টনীত অন্তর্ভুক্ত নোহোৱা তিৱা বসতিপ্রধান এলেকাৰ ৰাজহ গাঁওসমূহক সামৰি নতুনকৈ জনজাতি খণ্ড আৰু আবেষ্টনী সৃষ্টি কৰিবলৈ সিদ্ধন্ত কৰি তেনে ৰাজহ গাঁৱত তালিকা প্রস্তুত কৰি শীঘ্ৰে অসম চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ তিৱা জাতীয় সংগঠনসমূহক দায়িত্ব প্রদান কৰা হয়।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like