নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চূড়ান্ত ভোটাৰ তালিকা প্রকাশঃ ৰাজ্যত মুঠ ভোটাৰ ২,২৯,৯২,৫০৫গৰাকী

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ আসন্ন বিধানসভা নির্বাচনৰ প্রস্তুতিৰ অংশ হিচাপে দেশৰ নির্বাচন আয়োগে অসমত ব্যস্ত থকাৰ সময়তে সোমবাৰে নির্বাচন বিভাগে প্রকাশ কৰিলে ২০২১ চনৰ চূড়ান্ত ভোটাৰ তালিকা৷ এই চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা ২,২৯,৯২,৫০৫গৰাকী৷ ইয়াৰে ১,১৬,৫৬,৯২৬জন পুৰুষ আৰু ১,১৩,৩৫,৫৭৯গৰাকী মহিলা৷

ইতিপূর্বে প্রকাশিত খচৰা ভোটাৰ তালিকাৰ বিপৰীতে চূড়ান্ত তালিকাত ভোটাৰ বৃদ্ধিৰ হাৰ ২.৪৬ শতাংশ৷ আজি প্রকাশিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ১৮–১৯ বছৰ বয়সৰ মুঠ ভোটাৰৰ সংখ্যা ৪,২০,৭০২গৰাকী৷ সেইদৰে ৰাজ্যখনত ৮০ বছৰ বয়সৰ ঊর্র্ধ্বৰ ভোটাৰৰ সংখ্যা ২,৯৩,৭১৩গৰাকী৷

You might also like