🔹 চৰকাৰী আঁচনিৰ পৰা বঞ্চিত গোপীগাঁও তৃতীয় খণ্ডৰ আকিবুল
নিয়মীয়া বাৰ্তা, ৯ আগষ্ট : জীৱন যুদ্ধত হাৰ নমনা বিলাসীপাৰাৰ এজন দিব্যাংগ যুৱকৰ কৰুণ গাথা। জন্মৰে পৰা ভৰি দুখন অক্ষম হোৱাৰ পিছতো পাচলি খেতি আৰু পশুপালনেৰে নিজৰ পৰিয়াল পোহপাল দি আহিছে। বিলাসীপাৰাৰ গোপীগাঁও তৃতীয় খণ্ডৰ আকিবুল ইছলাম নামৰ যুৱকজনৰ দুয়োখন ভৰি জন্মলগ্নৰে পৰা অক্ষম। তৎসত্ত্বেও নিজকে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ আছিল অযুত হেঁপাহ। খোজ কাঢ়িব নোৱাৰা দৰিদ্ৰ যুৱকজনে সমনীয়াসকলৰ সহায়ত বিদ্যালয়লৈ অহা-যোৱা কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। পিছত পিতৃয়ে যুৱকজনক উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণীত নামভৰ্তি কৰাই দিয়ে। পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ থকা আকিবুলে একাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয়। পিছে পিতৃৰ বিয়োগ ঘটাত ধনৰ অভাৱত যুবকজনৰ পঢ়া-শুনা ইমানতে অন্ত পৰে। কেৱল দুই হাতৰ সহায়ত কোনোমতে চলাচল কৰা দিব্যাংগ যুৱকজনে উপায়হীন হৈ উত্তৰাধিকাৰী সূত্রে লাভ কৰা অলপ মাটিত পাচলি খেতি কৰিবলৈ আৰম্ভ কৰে। লগতে গৰু-ছাগলীও পালন কৰিবলৈ লয়। খেতি আৰু গৰু-ছাগলী পালনেৰে উপাৰ্জিত ধনেৰে পত্নী, দুই সন্তানসহ চাৰিজনীয়া পৰিয়ালটো কোনোমতে পোহপাল দি আহিছে। চৰকাৰে ৰূপায়ণ কৰি অহা জনহিতকৰ আঁচনিসমূহৰ পৰা দিব্যাংগ যুৱকজন বঞ্চিত হৈ আহিছে। আজিলৈকে নাপালে ৰেচন কাৰ্ড, নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ। চৰকাৰী কোনো আঁচনিয়ে ঢুকি নোপোৱা যুৱকজন দিব্যাংগসকলৰ বাবে দিয়া বিশেষ আঁচনিৰ পৰাও বঞ্চিত হৈ সম্প্ৰতি এটা জুপুৰিত জীৱন যাপন কৰিবলগীয়াত পৰিছে। তথাপি ভাগৰি পৰা নাছিল স্বাভিমানী যুৱকজন। নিজে অক্লান্ত পৰিশ্ৰমেৰে কৰা পচলিৰ খেতিডৰা এইবাৰ বানে নষ্ট কৰাত হতাশ হৈ পৰিছে। বিপাঙত পৰিছে নিজৰ সন্তানৰ ভৱিষ্যতক লৈও । সেয়ে দিব্যাংগ যুৱকজনে সহায় বিচাৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ জনাইছে ।
প্ৰেৰক সমৰেশ শীল শৰ্মা