‘জলসিঞ্চন’ত জ্যেষ্ঠক বঞ্চনাৰে কনিষ্ঠক কার্যবাহী অভিযন্তাৰ দায়িত্ব দিয়াৰ ফন্দি
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ৰাজ্যত নির্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ মাজতে জলসিঞ্চন বিভাগত সংঘটিত হৈছে এক অদ্ভুত ঘটনা৷ বহু জ্যেষ্ঠ অভিযন্তা থকাৰ পিছতো সেইসকলক বঞ্চিত কৰি তুলনামূলকভাৱে কনিষ্ঠ পদমর্যাদাৰ এজন অভিযন্তাক দুটাকৈ সংমণ্ডলৰ দায়িত্ব ন্যস্ত কৰিবলৈ সন্তর্পণে পাং পাতিছে বিভাগটোৰ সচিব ৰাকেশ কুমাৰে৷
প্রাপ্ত তথ্য অনুসৰি গুৱাহাটী পশ্চিম সংমণ্ডলৰ কার্যবাহী অভিযন্তা কমল গোস্বামীৰ অহা ৩০ এপ্রিলত অৱসৰৰ দিন৷ কার্যবাহী অভিযন্তাজনে অৱসৰ গ্রহণ কৰিবলৈ মাজতে ১০টা দিন বাকী থকা অৱস্থাতে তেওঁৰ স্থানত সহকাৰী কার্যবাহী অভিযন্তা এজনক দায়িত্ব দিয়াৰ প্রস্তুতি আৰম্ভ হৈছে৷ কমল গোস্বামীৰ স্থানত গুৱাহাটী সংমণ্ডলৰ সহকাৰী কার্যবাহী অভিযন্তা (টি চি) ৰাতুল গোস্বামীক ভাৰপ্রাপ্ত কার্যবাহী অভিযন্তাৰ দায়িত্ব দিবলৈ আগবাঢ়িছে বিভাগৰ সচিব ৰাকেশ কুমাৰ৷ এইক্ষেত্রত সচিব ৰাকেশ কুমাৰক বিভিন্ন নীতি–নিয়ম দেখুৱাই ৰাতুল গোস্বামীক উক্ত স্থানত আনিবলৈ উঠিপৰি লাগিছে গুৱাহাটী সংমণ্ডলৰ কার্যবাহী অভিযন্তা মনেশ্বৰ ডেকা৷
উত্থাপিত অভিযোগ অনুসৰি গুৱাহাটী সংমণ্ডলত সহকাৰী কার্যবাহী অভিযন্তা হিচাপে কার্যনির্বাহ কৰি থকা ৰাতুল গোস্বামীক পশ্চিম সংমণ্ডলত কার্যবাহী অভিযন্তাৰ পদত আনিব পাৰিলে লুণ্ঠনৰ বাট মুকলি হ’ব৷ কার্যবাহী অভিযন্তা ডেকাৰ বিভাগটোৰে এক শীর্ষসূত্রই প্রকাশ কৰা অনুসৰি গুৱাহাটী সংমণ্ডলৰ এইজন কার্যবাহী অভিযন্তাৰ নেতৃত্বত ডাটামেছনৰ পৰা কেইবালাখ টকাৰ কম্পিউটাৰ ক্রয় কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ পিছত পশ্চিম গুৱাহাটী সংমণ্ডলত অতিৰিক্তভাৱে ৰাতুল গোস্বামীক সংস্থাপন কৰি কম্পিউটাৰ ক্রয়ৰ কমিছনৰ বৃহৎ অংকত নামি পৰিছে এইজন কার্যবাহী অভিযন্তা আৰু বিভাগটোৰে একাংশ বিষয়া–কর্মচাৰী৷ অতি সন্তর্পণে এই দিশত আগবঢ়া বিষয়া–কর্মচাৰীৰ চক্রটোৱে সুযোগ লৈছে নির্বাচনী অধিসূচনাৰ৷ যিহেতু নির্বাচনী অধিসূচনা জাৰি হৈ থকাৰ বাবে বিভাগীয় মন্ত্রীৰ বিশেষ কর্তৃত্ব নাই৷ গতিকে বিভাগীয় সচিবক শিখণ্ডী কৰি ৰাতুল গোস্বামী নামৰ সহকাৰী অভিযন্তাজনক গুৱাহাটী সংমণ্ডলৰ দায়িত্বৰ উপৰি পশ্চিম গুৱাহাটী সংমণ্ডলৰো ভাৰপ্রাপ্ত কার্যবাহী অভিযন্তাৰ দায়িত্ব দিবলৈ উঠিপৰি লাগিছে মনেশ্বৰ ডেকাৰ লগতে বিষয়া–কর্মচাৰীৰ চক্রটো৷
নিয়ম অনুসৰি কমল গোস্বামীৰ ঠাইত পশ্চিম গুৱাহাটী সংমণ্ডলৰ জ্যেষ্ঠ অথবা একেটা সংমণ্ডলৰ যিকোনো এজন সহকাৰী কার্যবাহী অভিযন্তাক ভাৰপ্রাপ্ত কার্যবাহী অভিযন্তাৰ দায়িত্ব দিব লাগে৷ অথবা গুৱাহাটী প্রকল্প চার্কোলৰ অধীক্ষক অভিযন্তাজনক সংশ্লিষ্ট সংমণ্ডলটোৰ কার্যবাহী অভিযন্তাৰ অতিৰিক্ত দায়িত্ব দিব লাগে৷ কিন্তু তাকে নকৰি গুৱাহাটী সংমণ্ডলৰ সহকাৰী কার্যবাহী অভিযন্তাজনক পশ্চিম গুৱাহাটী সংমণ্ডলৰো অতিৰিক্ত দায়িত্ব দিবলৈ ওলোৱা কার্যই বিভাগটোৰ সৎ আৰু নিষ্ঠাৱান বিষয়া–কর্মচাৰীসক উদ্বিগ্ন কৰি তুলিছে৷