নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত আয়ুৰ্বেদিক চিকিৎসালয়ৰ শুভ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

🔹 অসমত আয়ুসৰ ৫০০টা health and wellness center স্থাপনৰ ঘোষণা সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰ : মাজুলী প্ৰাকৃতিক জৈৱ-বৈচিত্ৰ্যৰ আধাৰ হিচাপে পৰিচিত, ইয়াৰ যি সামাজিক-সাংস্কৃতিক-আধ্যাত্মিক পৰম্পৰা, এই পৰম্পৰাই দেশ আৰু বিদেশৰ পৰা অহা প্ৰতিগৰাকী ব্যক্তিক আহ্লাদিত কৰি তোলে আৰু মাজুলীলৈ অহা প্ৰতিজন লোকে প্ৰাকৃতিক আৰু মানৱীয় বাৰ্তা কঢ়িয়াই নিয়ে ৷ গতিকে এখন সমাজক সামাজিক আৰু আধ্যাত্মিক পৰম্পৰা আৰু মূল্যবোধৰ আধাৰত শক্তিশালী কৰাৰ যাত্ৰাত মাজুলীৰ ভূমিকা উল্লেখযোগ্য ৷ সত্ৰীয়া সংস্কৃতিৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ যি পৰম্পৰা আছে, তাক চাই সকলো লোক মুগ্ধ হয় ৷ প্ৰেম মানেই হৈছে ভগৱান, য’তেই প্ৰেম ত’তেই ভগৱান অৰ্থাৎ মানৱীয় প্ৰেমৰ মূল্যবোধৰ দ্বাৰা মানুহৰ মাজত শ্ৰদ্ধা, ভক্তি, মৰম-আদৰ গঢ়ি তোলাৰ ক্ষেত্ৰত মাজুলীয়ে সদায় উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে ৷ সেইবাবেই মাজুলীৰ মহানতা, মাজুলীৰ উদাৰতা, মাজুলীৰ মানৱতাৰ কথা সকলোৱে বাৰুকৈ উপলব্ধি কৰে ৷ মাজুলীত কেন্দ্ৰীয় আয়ুস দপ্তৰৰ মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, মাজুলীৰ প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱালে কালি উজনি মাজুলীৰ চিৰাম চাপৰিস্থিত ৫০খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰি ৰাজহুৱা সভাত এইদৰে কয় ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয়- পৰম্পৰাগত চিকিৎসা বিজ্ঞান আজিৰ পৰা পাঁচ হাজাৰ বছৰৰ আগতেই ঋষি-মুনিসকলে তপস্যাৰ কালত পৃথিৱীৰ বুকুত থকা এই শক্তি আৱিষ্কাৰ কৰিছিল ৷ আৰু সেই যুগৰ পৰাই মানুহে শাৰীৰিকভাৱে সন্মুখীন হোৱা প্ৰত্যাহ্বান, সমস্যা, সংকটৰ পৰা উদ্ধাৰ পাবৰ বাবে সদায় প্ৰাকৃতিক চিকিৎসাৰ আশ্ৰয় লৈছিল আৰু এই চিকিৎসা ব্যৱস্থাকে সমাজলৈ টানি আনি একবিংশ শতিকাত সুস্থভাৱে পদাৰ্পণ কৰাত উল্লেখযোগ্য ভূমিকা আয়ুস মন্ত্ৰালয়ে গ্ৰহণ কৰিছে ৷ ১৮শ শতিকাত বিশ্বত আধুনিক চিকিৎসা আৰম্ভ হৈছিল, তাৰ পূৰ্বে প্ৰতিটো শতিকাত কেৱল পৰম্পৰাগত চিকিৎসা ব্যৱস্থাই সকলোকে সুস্থ কৰিছিল ৷ তাৰ উদাহৰণ আমি ৰামায়ণ- মহাভাৰতত পাওঁ, কিদৰে সেই সময়ত সঞ্জীৱনী গুটি ব্যৱহাৰ কৰা হৈছিল, মহাভাৰতৰ যুদ্ধত আহতসকলক কিদৰে সুস্থ কৰা হৈছিল ৷ এক কথাত ক’বলৈ গ’লে, পৃথিৱীৰ ভিতৰত যিমান গছ-গছনি, লতা, তৰু-তৃণ, জান-জুৰি আছে; যিমান সাগৰ-মহাসাগৰ, আকাশ-মহাকাশ আছে, সকলোতে থকা প্ৰাকৃতিক ঔষধি গুণসমূহ আয়ত্ত কৰাৰ বাবে বিজ্ঞানৰ যোগেদি মানুহ অগ্ৰসৰ হৈছে ৷ আজিকালি মানুহে বৈজ্ঞানিক সত্তাক বিশ্বাস কৰে, সেয়ে পৰম্পৰাগত চিকিৎসাক আগবঢ়াই নিবলৈ হ’লে বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন ৷ আৰু সেইবাবেই আয়ুস মন্ত্ৰালয়ে প্ৰাকৃতিক চিকিৎসাৰ বাবে চিকিৎসকসকলে সদায় অধ্যয়ন, গৱেষণাৰ বাবে মহাবিদ্যালয়, বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে ৷ গৱেষণাৰ অন্তত বৰ্তমান আয়ুৰ্বেদিক ঔষধ তৈয়াৰ কৰা হৈছে আৰু ন ন ঔষধৰ পৰীক্ষা-নিৰীক্ষা চলি আছে ৷ আয়ুৰ্বেদিকৰ দৰে এই বিষয়বোৰ স্বাধীনতাৰ ৬০/৬৫ বছৰে বিশেষভাৱে গুৰুত্ব দিয়া নহ’ল ৷ দীৰ্ঘ বছৰে কংগ্ৰেছে এই গুৰুত্বপূৰ্ণ বিষয়টো এটা চুকত পেলাই থৈছিল ৷ কিন্তু ২০১৪ চনত দেশত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছতেই আয়ুস বিভাগটোক এটা মন্ত্ৰালয় হিছাপে স্বীকৃতি দিলে ৷ কেন্দ্ৰীয় বাজেটত এই বিভাগত অধিক ধন ধাৰ্য কৰিলে আৰু যোৱা চাৰিটা বছৰত এই বিভাগটোৰ দিশত অধ্যয়ন, গৱেষণা আৰু উন্নয়নৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিছে, যাৰ ফলত আজি ভাৰতীয় দৰ্শনৰ এই প্ৰাকৃতিক চিকিৎসা পদ্ধতিয়ে বিশ্ব জয় কৰিবলৈ সক্ষম হৈছে ৷ আজি বিশ্বৰ বুকুত ভাৰত বৰ্ষৰ আয়ুস বিভাগৰ উৎপাদিত সামগ্ৰীৰ চাহিদা বৃদ্ধি হৈছে ৷ এইখন বজাৰ কংগ্ৰেছ চৰকাৰৰ দিনত মাত্ৰ ২৮ হাজাৰ কোটি টকাৰ বজাৰ আছিল, যি বৰ্তমান আমাৰ বিভাগে চাৰি লাখ কোটি টকাৰ বজাৰত পৰিণত হৈছে ৷ বৰ্তমান পৰম্পৰাগত চিকিৎসাৰ প্ৰায় ৯ হাজাৰ উদ্যোগ আদি প্ৰতিষ্ঠা হ’ল ৷ যত বিভিন্ন খাদ্য সামগ্ৰী, বিভিন্ন ধৰণৰ প্ৰাকৃতিক ঔষধ তৈয়াৰ হৈছে আৰু যাৰ দ্বাৰা জনগণৰ স্বাস্থ্য সুৰক্ষিত হৈছে ৷৷ ইফালে, মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ আঠ কোটি জনতাক প্ৰাকৃতিক ঔষধ যোগান ধৰাৰ সংকল্পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে কাম কৰি আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়- আমাৰ চৰকাৰে পৰম্পৰাগত চিকিৎসা ব্যৱস্থা আৰু আধুনিক চিকিৎসা ব্যৱস্থাক একলগ কৰি চিকিৎসা খণ্ডৰ উন্নয়ন সাধনৰ বাবে কাম কৰি আছে ৷ ইতিমধ্যে ভাৰতবৰ্ষৰ ১৯খন এইমছত দুয়োটা ব্যৱস্থাৰ চিকিৎসা ব্যৱস্থা উপলব্ধ হ’ব ৷ ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলত কেন্দ্ৰীয় চৰকাৰে আয়ুসৰ তৰফৰ পৰা ১০০০ টা health and wellness center প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে আৰু তাৰে সৰ্বাধিক ৫০০টা কেন্দ্ৰ অসমত নিৰ্মাণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ৷ মন্ত্ৰীগৰাকীয়ে ৰাজহুৱা সভাত কয় যে অসমত আৰু কেইবাখনো ৫০খন বিছনাযুক্ত আয়ুস চিকিৎসালয় হব, ইয়াৰে ডিব্ৰুগড়ত ১০০ বিছনাযুক্ত Yoga and naturopathy অত্যাধুনিক চিকিৎসালয় স্থাপন হব আৰু কেন্দ্ৰীয় চৰকাৰে এই চিকিৎসালয় পৰিচালনা কৰিব বুলি উল্লেখ কৰে ৷ তাত গৱেষণা কেন্দ্ৰও প্ৰতিষ্ঠা হব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ এই উদ্বোধনী সভাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উপস্থিত থাকি মাজুলীৰ স্বাস্থ্যখণ্ডৰ বিভিন্ন দিশ আৰু আয়ুসত উন্নত চিকিৎসাৰ বাবে থকা সা-সুবিধাসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে ৷ এই আয়ুৰ্বেদিক চিকিৎসালয়খনত ৪৮ লাখ টকাৰ ঔষধ প্ৰদান কৰা হৈছে আৰু ২২ লাখ টকাৰ ঔষধ এই চিকিৎসালয়ৰ বাবে ক্ৰয় কৰাৰ বাবে ঠিক কৰা হৈছে বুলি মন্তব্য কৰে ৷ ইফালে, এই উদ্বোধনী সভাখনত মুখ্যমন্ত্ৰীয়ে আয়ুসৰ উদ্বোধনী অনুষ্ঠানলৈ প্ৰেৰণ কৰা শুভেচ্ছা বাৰ্তা পাঠ কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ৷ সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ভুবন গাম, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অবিনাষ যোশী, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰদীপ কছাৰী, ৰাজ্যৰ গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষা সুভাষ দত্ত, চেয়াৰমেন বিপুল ডেকা, মাজুলীৰ আয়ুক্ত কাবেৰী বৰকটকী শৰ্মাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like