নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খোৱাঙত বান পৰিস্থিতি পৰ্যবেক্ষণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

🔹 বানাক্ৰান্তৰ বুজ ল’বলৈ নাৱেৰে গুইজান ঘাটৰ পৰা মুলুকগাঁৱলৈ যাত্ৰা

বিশেষ বাৰ্তা, ৪ জুলাই : জটিল বান পৰিস্থিতিয়ে ৰাজ্যখনৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰো বিভিন্ন অঞ্চল প্ৰভাৱিত কৰিছে। এই প্ৰতিকূল পৰিৱেশৰ মাজত আজি কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে খোৱাং বিধানসভা সমষ্টিৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰে। তদুপৰি তিনিটা বান সাহায্য শিবিৰতো তেওঁ উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ সৈতে কথা পাতি ক্ষয়-ক্ষতিৰ বুজ লয়। ৰাইজক সকাহ দিবলৈ সময় মতে সাহায্য সামগ্ৰী বিতৰণ, স্বাস্থ্যসেৱাৰ সুবিধা, বয়োজ্যেষ্ঠ আৰু শিশুসকলৰ বিশেষ যতন লোৱা, আশ্ৰয় শিবিৰত স্বচ্ছতা বজাই ৰখাকে ধৰি সকলো যাৱতীয় ব্যৱস্থা তৎপৰতাৰে উপলব্ধ কৰি ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে। নাৱেৰে তিনিচুকীয়াৰ গুইজান ঘাটৰ পৰা মুলুকগাঁৱলৈ যাত্ৰা কৰি বানাক্ৰান্তৰ অৱস্থাৰো বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পৰিদৰ্শন কালত সোণোৱালে কয়-  কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অতি গুৰুত্বসহকাৰে অসমৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ যৌথভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি উদ্বিগ্নতাৰে ৰাজ্য চৰকাৰৰ পৰা অসমৰ বান পৰিস্থিতিৰ সঘনাই বুজ লৈ আছে। বানপানীৰ সময়ছোৱাত ৰাইজৰ সুবিধাৰ্থে সাহায্য তথা উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা হৈছে, সকলোধৰণৰ জৰুৰীকালীন সহায়-সহযোগিতা, সেৱা উপলব্ধ কৰা হৈছে। বানপানী হ্ৰাস পোৱাৰ পাছত ক্ষতিপূৰণকে ধৰি অন্যান্য সা-সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰতো চৰকাৰে ক্ষিপ্ৰতাৰে কাম কৰিব। তদুপৰি ভগ্ন মথাউৰি মেৰামতিৰ দিশটো তৎপৰতাৰে ত্বৰান্বিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছোঁ। বান পৰিস্থিতি পৰিদৰ্শনৰ এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে বিধায়ক চক্ৰধৰ গগৈ, বিধায়ক বিনোদ হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰা, হাউছিং বৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত, জিলা উপায়ুক্ত, বিজেপি অসম প্ৰদেশ সমিতিৰ সাধাৰণ সম্পাদক পুলক গোহাঁই, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ্যে অন্যান্য সতীৰ্থ আৰু বিষয়াসকল।

You might also like